ETV Bharat / sports

আই চি চি পুৰুষ টি-20 ৰেংকিঙৰ 6 নং স্থানত ভাৰতৰ যশস্বী জয়ছোৱাল : শুভমন গিলৰো অগ্ৰগতি - ICC MENS T20I RANKINGS

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:52 PM IST

ICC Men's T20I Rankings: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱৰ পিচত অপেনাৰ বেটছমেন যশস্বী জয়ছোৱালে কেৰিয়াৰৰ সৰ্বোচ্চ টি-20 ৰেংকিঙত উপনীত হৈছে । খেলুৱৈগৰাকীয়ে প্ৰৱেশ কৰিছে শীৰ্ষ 10 ত ৷

ICC MENS T20I RANKINGS
যশস্বী জয়ছোৱাল আৰু শুভমন গিল (AP Photo)

স্প’ৰ্টছ ডেস্ক, 17 জুলাই: সদ্যসমাপ্ত জিম্বাব’ৱে ভ্ৰমণৰ পিচত কেৰিয়াৰত বৃহৎ উত্থান ঘটিছে ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ বেটছমেন যশস্বী জয়ছোৱালৰ ৷ জয়ছোৱালে আই চি চি পুৰুষৰ টি-20 ৰেংকিঙত 743 পইণ্টৰ সৈতে চাৰিটা স্থান আগুৱাই উপনীত হৈছে তালিকাৰ ষষ্ঠ স্থানত ৷

আনহাতে, শুভমন গিলৰো পইণ্ট তালিকাত স্থান উন্নীত হোৱা দেখা গৈছে ৷ সদ্যসমাপ্ত জিম্বাব’ৱে ভ্ৰমণৰ পিচতে পইণ্ট তালিকাত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় শুভমন গিল ৷

আন এগৰাকী ভাৰতীয় যুৱ ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱে 797 পইণ্ট অৰ্জনৰে ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন ফিল চল্টৰ সৈতে যুটীয়াভাৱে এই তালিকাৰ দ্বিতীয় স্থান দখল কৰি আছে ৷ তাৰপিচত আছে পাকিস্তানৰ মহম্মদ ৰিজৱান আৰু বাবৰ আজম । এই তালিকাৰ শীৰ্ষস্থানত আছে অষ্ট্ৰেলিয়াৰ অপেনাৰ ট্ৰেভিছ হেড ৷

শেহতীয়াকৈ জিম্বাব’ৱেত অনুষ্ঠিত হোৱা পাঁচখনীয়া শৃংখলাটোৰ বাবে ভাৰতৰ অধিনায়কৰ দায়িত্বত থকা গিলে ৰেংকিঙত 36 টা স্থান আগুৱাই উপনীত হৈছে পইণ্ট তালিকাৰ 37 নং স্থানত ৷ চলিত বৰ্ষৰ টি-20 বিশ্বকাপৰ সমাপ্তিৰ লগে লগে আটাইতকৈ চুটি ফৰ্মেটৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা 42 নং স্থানত থকা ৰোহিত শৰ্মা আৰু 51 নং স্থানত থকা বিৰাট কোহলীক অতিক্ৰম কৰা গিল টি-20 ৰেংকিঙত ভাৰতৰ চতুৰ্থগৰাকী শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত হয় । দ্বিতীয় স্থানত থকা সূৰ্যকুমাৰ যাদৱ, ষষ্ঠ স্থানত থকা জয়ছোৱাল আৰু অষ্টম স্থানত থকা ৰুতুৰাজ গায়কোৱাড়ৰ পিচত স্থান দখল কৰি আছে উদীয়মান ক্ৰিকেটাৰ শুভমন গিলে ।

সদ্যসমাপ্ত শৃংখলাত গিলে পাঁচখন মেচত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে অভিলেখ গঢ়ে ৷ খেলুৱৈগৰাকীৰ 125.93 ৰ ষ্ট্ৰাইক ৰেটত 170 ৰাণ আৰু গড় আছিল 42.50 । মুম্বাইত অনুষ্ঠিত টি-20 বিশ্বকাপ সমাৰোহৰ বাবে জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথম দুখন টি-20 খেলৰ পৰা বঞ্চিত হোৱা জয়ছোৱালে চতুৰ্থখন টি-20 ত 93 ৰাণৰ এক সুন্দৰ ইনিংছ দলক উপহাৰ দিয়ে ৷ খেলুৱৈগৰাকীয়ে তিনিখন টি-20 মেচত সৰ্বমুঠ 141 ৰাণ সংগ্ৰহ কৰে । তেওঁৰ শৃংখলাটোত গড় 70.50 থকাৰ বিপৰীতে আছিল 165.88 ৰ আকৰ্ষণীয় ষ্ট্ৰাইক ৰেট ৷ যুৱ ভাৰতীয় ব্ৰিগেডিয়াৰৰ দ্বাৰা গঠিত ভাৰতীয় ক্ৰিকেট দলটোৱে জিম্বাব’ৱেৰ বিৰুদ্ধে 4-1 ত দখল কৰে শৃংখলা ৷

জিম্বাব’ৱেৰ দ্ৰুত বলাৰ ব্লেছিং মুজাৰাবানীয়ে 11 টা স্থান উন্নীত হৈ টি-20 বলাৰৰ ৰেংকিঙত দখল কৰিছেহি 44 নং স্থান ৷ ইফালে প্লেয়াৰ অৱ দ্য চিৰিজ হিচাপে বিবেচিত হোৱা ৱাশ্বিংটন সুন্দৰে 36 টা স্থান আগুৱাই 46 নং স্থানত আৰু মুকেশ কুমাৰে 21 টা স্থান আগুৱাই উপনীত হৈছে 73 নং স্থানত ৷

ইংলেণ্ডৰ স্পিনাৰ আদিল ৰছিদে টি-20 বলাৰৰ ৰেংকিঙত দখল কৰিছে শীৰ্ষ স্থান ৷ জিম্বাব’ৱেৰ অধিনায়ক ছিকন্দৰ ৰাজাই ভাৰতৰ বিৰুদ্ধে বেট-বলৰ সৈতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত অলৰাউণ্ডাৰৰ ৰেংকিঙত তৃতীয় স্থান দখল কৰে ।

আইচিচি টি-20 ৰেংকিং

  • 1 নং বেটছমেন – ট্ৰেভিছ হেড (844 ৰেটিং পইণ্ট)
  • 1 নং বলাৰ – আদিল ৰছিদ (718 ৰেটিং পইণ্ট)
  • 1 নং অলৰাউণ্ডাৰ - বিনিন্দু হাচাৰংগা (222 ৰেটিং পইণ্ট)

লগতে পঢ়ক: শীঘ্ৰে খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা ভাৰতীয় পেচবলাৰ মহম্মদ ছামীৰ - MOHAMMED SHAMI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.