ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবনে টীম ইণ্ডিয়া ? বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কৰিলে স্পষ্ট - ICC CHAMPIONS TROPHY 2025

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ অংশগ্ৰহণক লৈ স্থিতি স্পষ্ট কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ ৷ এই সন্দৰ্ভত কি ক’লে মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ?

ICC Champions Trophy 2025
ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 29, 2024, 6:40 PM IST

স্প’ৰ্টচ ডেস্ক: পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শুকুৰবাৰে বিয়লি 4 বজাত চেম্পিয়নছ ট্ৰফীৰ সন্দৰ্ভত এক ভাৰ্চুৱেল বৈঠকত মিলিত হয় আই চি চিৰ লগতে বি চি চি আই আৰু পি চি বিৰ বিষয়ববীয়াসকল ৷

এই বৈঠকত আগন্তুক চেম্পিয়নছ ট্ৰফীৰ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) এক বিবৃতি জাৰি কৰি কয় যে, নিৰাপত্তাৰ খাতিৰত ভাৰতীয় ক্ৰিকেট দলে আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে পাকিস্তান ভ্ৰমণ কৰাৰ সম্ভাৱনা অতি কম ।

সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এনেদৰে কয়, "বি চি চি আইয়ে এক বিবৃতি জাৰি কৰিছে । নিৰাপত্তাৰ কথা আছে আৰু সেয়েহে দলটো তালৈ যোৱাৰ সম্ভাৱনা নাই" ৷

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (আই চি চি) ব'ৰ্ডৰ ভাৰ্চুৱেল বৈঠকখন 29 নৱেম্বৰত অনুষ্ঠিত হয় ৷ বৈঠকত মিলিত হোৱা দলটোৱে চেম্পিয়নছ ট্ৰফীৰ দিন-বাৰ আৰু স্থান চূড়ান্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই বৈঠকত উপস্থিত আছে 12 গৰাকী সম্পূৰ্ণ আই চি চি সদস্য, তিনিগৰাকী সহযোগী সদস্য আৰু আই চি চিৰ অধ্যক্ষ ৷ তদুপৰি মুঠ 16 গৰাকী ভোটাধিকাৰ থকা সদস্যও আছে ৷

এই প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্বত আছে পাকিস্তান, যিটো 2025 চনৰ আৰম্ভণিতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে ভাৰতে নিৰাপত্তাজনিত কাৰণতে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰে । তদুপৰি দুয়োখন ব’ৰ্ডৰ মাজত থকা মতভেদৰ বাবেও চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হোৱাৰ দিন ঘোষণা কৰাত পলম হৈছে ।

আনহাতে, ভাৰতে নিজৰ মেচসমূহ হাইব্ৰিড মডেল বা নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাৰ পোষকতা কৰাৰ বিপৰীতে পাকিস্তানে এই কথাত সন্মতি প্ৰকাশ কৰা নাই ৷

এক সূত্ৰই সংবাদ সংস্থা পি টি আইক সদৰী কৰা অনুসৰি, "মই নিশ্চিত কৰিব পাৰো যে, পি চি বিয়ে কেইঘণ্টামান আগতে আই চি চিক কৈছিল যে হাইব্ৰিড মডেলটো তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয়" ৷

"আৰম্ভণিতে পি চি বিয়ে এই চৰ্তত হাইব্ৰিড মডেলৰ সম্ভাৱনা বিবেচনা কৰিছিল যে যদি ভাৰতে পাকিস্তানত খেলিব নোৱাৰে, তেন্তে ভৱিষ্যতে 2031 চনলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া সকলো আই চি চি ইভেণ্ট(ভাৰত আৰু বাংলাদেশত এদিনীয়া বিশ্বকাপ) ত হাইব্ৰিড মডেল থাকিব ৷ কাৰণ পাকিস্তানে ভাৰতলৈ গৈ খেলিব নোৱাৰে" বুলিও সূত্ৰটোৱে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পাকিস্তানে প্ৰকাশ কৰা মন্তব্যৰ কথা কয় ।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানৰ ৰাজপথত মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.