ETV Bharat / sports

পাকিস্তানৰ সলনি দক্ষিণ আফ্ৰিকাত হ’ব চেম্পিয়নছ ট্ৰফী ! - ICC CHAMPIONS TROPHY 2025

Champions Trophy 2025 hybrid model: চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেল সন্দৰ্ভত এতিয়াও দোমোজাত পাকিস্তান ৷ তেনেহ’লে ক’ত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী 2025 ?

ICC Champions Trophy 2025
চেম্পিয়নছ ট্ৰফী 2025 (Getty Images)
author img

By ETV Bharat Sports Team

Published : Nov 12, 2024, 1:35 PM IST

স্প’ৰ্টছ ডেস্ক: আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ক লৈ অব্যাহত আছে বিতৰ্ক ৷ ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পাকিস্তানলৈ নোযোৱাটো নিশ্চিত হৈছে ভাৰতৰ ৷

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ব'ৰ্ডৰ এই সিদ্ধান্তৰ পিছৰে পৰা সমস্যা বৃদ্ধি পাইছে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) ৰ ৷ শেহতীয়া খবৰ অনুসৰি, আয়োজকৰ দায়িত্বত থকা পাকিস্তানে এই প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে ৷

চেম্পিয়নছ ট্ৰফী 2025 দক্ষিণ আফ্ৰিকাই আয়োজন কৰাৰ সম্ভাৱনা

সংবাদ সংস্থা পি টি আইৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যদি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) হাইব্ৰিড মডেল অস্বীকাৰ কৰে, তেন্তে আই চি চি চেম্পিয়নছ ট্ৰফী 2025 দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'ব পাৰে । প্ৰতিযোগিতাখনত ভাৰতৰ অংশগ্ৰহণক লৈ ইতিমধ্যে যথেষ্ট আলোচনা হৈছে আৰু দলটোৱে দেশখন ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছে ।

লগতে, আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) পি চি বি-লৈ এক মেইল প্ৰেৰণ কৰিছে, য’ত উল্লেখ কৰা হৈছে যে পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থাকিব ভাৰত ৷ আই চি চি-য়ে হাইব্ৰিড মডেলক লৈ সন্মতি প্ৰকাশ কৰিলে পি চি বি-ক সম্পূৰ্ণ হোষ্টিং মাচুল দিয়া হোৱাৰ কথাও নিশ্চিত কৰা হৈছে ।

হাইব্ৰিড মডেলত খেলিবলৈ ভাৰত সাজু

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) পাকিস্তান ক্ৰিকেট ব'ৰ্ডলৈ (পি চি বি) পত্ৰ লিখি প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সন্দৰ্ভত ভাৰতৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে । ইয়াত উল্লেখ কৰা হৈছে যে, বৰ্তমানৰ পৰিকল্পনা অনুসৰি সংযুক্ত আৰৱ আমিৰশ্বাহীত ভাৰতৰ মেচসমূহ আৰু ডুবাইত ফাইনেল মেচ আয়োজন কৰা হ’ব । প্ৰতিযোগিতাখন অহা বছৰৰ 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ অনুষ্ঠিত হ'ব ।

হাইব্ৰিড মডেলৰ সৈতে সন্মত নহয় পাকিস্তান

একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু প্ৰতিবেদন অনুসৰি, পি চি বি-ৰ অধ্যক্ষ মহছিন নকভিয়ে এনে কোনো সম্ভাৱনা অস্বীকাৰ কৰিছে । এনে পৰিস্থিতিত আই চি চিয়ে প্ৰতিযোগিতাখন পাকিস্তানৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে ৷ লগতে পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰো সম্ভাৱনা আছে ৷

পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰে নাম

'ডন'ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, পাকিস্তান চৰকাৰে পাকিস্তান ক্ৰিকেট ব'ৰ্ডক (পি চি বি) প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ ডনৰ প্ৰতিবেদনত এক সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে, "এনেক্ষেত্ৰত চৰকাৰে বিবেচনা কৰি থকা এটা বিকল্প হ'ল পাকিস্তানে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ নকৰাটো নিশ্চিত কৰিবলৈ পি চি বি-ক কোৱা" ৷

2012 চনৰ পিছত হোৱা নাই কোনো দ্বি-পাক্ষিক শৃংখলা

ভাৰত আৰু পাকিস্তানৰ মাজত 2012 চনৰ পিছৰে পৰা কোনো দ্বি-পাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই ৷ কিন্তু যোৱা বছৰ ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ লগতে আই চি চি টুৰ্ণামেণ্টত দুয়োটা দল মুখামুখি হৈছে ।

লক্ষণীয়ভাৱে, যোৱা বছৰ পাকিস্তানে আয়োজন কৰা এছিয়া কাপৰ খেলসমূহো হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল ৷ কিয়নো ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক: হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী; ভাৰতৰ সন্মুখত শিৰণত পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.