স্প’ৰ্টছ ডেস্ক: সংবাদ সংস্থা পি টি আইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনানুষ্ঠানিক বৈঠকত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেল চূড়ান্ত কৰা হৈছে । ভাৰতে সংযুক্ত আৰৱ আমিৰশ্বাহীত নিজৰ মেচ খেলিবলৈ অনুমতি লাভ কৰিব ৷
সমান্তৰালকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পি চি বি) দাবীত আই চি চিয়ে 2027 চনলৈকে আই চি চিৰ ইভেণ্টৰ সময়সীমা একে ধৰণেৰে নিৰ্ধাৰণ কৰাৰ সন্দৰ্ভতো সন্মতি প্ৰকাশ কৰিছে ।
🚨 HYBRID MODEL SEALED FOR CT. 🚨
— Mufaddal Vohra (@mufaddal_vohra) December 5, 2024
📢 Indian matches, with Semis and the Final will be played in Dubai if India qualifies.
⚠️ Pakistan will play their matches at neutral venues for the ICC events happening in India in future. (Sports Tak). pic.twitter.com/czvtYPRObO
আই চি চিৰ সূত্ৰটোৱে পি টি আইক জনোৱা মতে, 2025 চনৰ চেম্পিয়নছ ট্ৰফী সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু পাকিস্তানত অনুষ্ঠিত হ’ব ৷ ভাৰতে নিজৰ মেচসমূহ ডুবাইত খেলিব বুলি আগবঢ়োৱা প্ৰস্তাৱত সকলো পক্ষই নীতিগতভাৱে সহমতত উপনীত হৈছে ।
অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । হাইব্ৰিড মডেলত সন্মতি দিয়াৰ সময়তে পি চি বিয়ে 2031 চনলৈকে ভাৰতে আয়োজন কৰিবলগীয়া আই চি চিৰ অনুষ্ঠানসমূহৰ বাবেও একেধৰণৰ ব্যৱস্থাৰ দাবী জনায় । কিন্তু আই চি চিয়ে 2027 চনলৈকে সকলো ইভেণ্টৰ বাবে হাইব্ৰিড মডেলৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে ।
নিৰ্দিষ্ট সময়চোৱাত ভাৰতে শ্ৰীলংকাৰ সৈতে যৌথভাৱে মহিলা এদিনীয়া বিশ্বকাপ আৰু 2026 চনৰ পুৰুষৰ টি-20 বিশ্বকাপ আয়োজন কৰিবলৈ সাজু হৈছে ।
সূত্ৰটোৱে কয় যে, 2026 চনৰ পুৰুষৰ টি-20 বিশ্বকাপৰ সময়ত পাকিস্তানে শ্ৰীলংকাত নিজৰ মেচ খেলিব । চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলৰ বাবে পি চি বি-য়ে দাবী কৰা ক্ষতিপূৰণ এতিয়াও অৱশ্যে বিবেচনাধীন হৈ আছে । শেহতীয়া পৰিস্থিতিয়ে দীৰ্ঘদিনে অপেক্ষা কৰি অহা চেম্পিয়নছ ট্ৰফীৰ সূচী চূড়ান্ত কৰাৰ পথ মুকলি কৰিব ।
2008 চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় 150 জনতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ পিছত ভাৰতে পাকিস্তান ভ্ৰমণ কৰা নাই । এই দুয়োখন দেশৰ মাজত খেলা শেষৰখন দ্বি-পাক্ষিক শৃংখলা অনুষ্ঠিত হৈছিল 2012 চনত ।
লগতে পঢ়ক: পিংক বল টেষ্টত ভাৰতৰ ব্যৰ্থ আৰম্ভণি; শূন্যত আউট হোৱা জয়ছোৱাল সপ্তমগৰাকী খেলুৱৈ