ETV Bharat / sports

দলে ক্ৰয় কৰিছিল 16 কোটিত; পিছে হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে আই পি এলত নিষেধাজ্ঞা ! - HARDIK PANDYA BANNED

IPL 2025: আই পি এল 2025 ৰ বাবে হাৰ্দিক পাণ্ডিয়াক 16 কোটি টকাত ক্ৰয় মুম্বাই ইণ্ডিয়ানছৰ ৷ পিছে ক্ৰিকেটাৰগৰাকীৰ ওপৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷

Hardik Pandya Banned
হাৰ্দিক পাণ্ডিয়া (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 4, 2024, 3:13 PM IST

স্প’ৰ্টছ ডেস্ক: শেহতীয়াকৈ চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 ৰ মেগা নিলাম । নিলামৰ পিছৰে পৰা দলসমূহে আগন্তুক ছিজনৰ আই পি এলৰ বাবে আৰম্ভ কৰিছে প্ৰস্তুতি ৷

আই পি এলৰ অন্যতম সফল দল হিচাপে পৰিচিত মুম্বাই ইণ্ডিয়ানছেও আগন্তুক ছিজনক উদ্দেশ্যি শ্ৰেষ্ঠ খেলুৱৈৰে গঠিত নিজৰ দলটো বাছনি কৰিছে ।

কিন্তু 16 কোটি টকাত ৰিটেইন কৰা তথা এম আইৰ সম্ভাৱ্য অধিনায়ক হাৰ্দিক পাণ্ডিয়াই খেলিব নোৱাৰিব আই পি এল 2025 ৰ প্ৰথমখন মেচ । প্ৰকৃততে হাৰ্দিক পাণ্ডিয়াক প্ৰথমখন খেলৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে ।

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে জাৰি নিষেধাজ্ঞা

বি চি চি আইয়ে আই পি এল 2024 ত মুম্বাই ইণ্ডিয়ানছৰ অন্তিমখন খেলত শ্ল’ অভাৰ ৰেটৰ বাবে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক শাস্তি হিচাপে এখন খেলৰ বাবে নিষিদ্ধ কৰিছিল ।

যদি আই পি এলৰ এটা ছিজনত লেহেম অভাৰ ৰেট 3 বাৰ পোৱা যায়, দলটোৰ অধিনায়কক এখন খেলৰ বাবে নিষিদ্ধ কৰা হয় । এনে পৰিস্থিতিত ক্ৰিকেটাৰগৰাকীয়ে আই পি এল 2025-ৰ প্ৰথমখন মেচত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’ব পাৰে ৷

আই পি এল 2024 ত লক্ষ্ণৌৰ বিৰুদ্ধে খেলা সেই খেলখনত মুম্বাই 18 ৰাণত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল । লক্ষ্ণৌৱে মেচখনত মুঠ 214 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মুম্বাইয়ে মাত্ৰ 196 ৰাণহে সংগ্ৰহ কৰিছিল । সেই খেলখনত নিকোলাছ পুৰাণে 29 টা বলত 75 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ বাবে পুৰাণক মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হৈছিল ।

এই খেলখনত ৰোহিত শৰ্মাই অৰ্ধশতকৰে 68 ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে হাৰ্দিকক মেচখনত ব্যৰ্থ হোৱা দেখা গৈছিল ৷ টীম ইণ্ডিয়াৰ টি-20 অধিনায়ক সূৰ্যকুমাৰ যাদৱে আই পি এল 2025 ৰ প্ৰথমখন খেলত হাৰ্দিক পাণ্ডিয়াৰ ঠাইত মুম্বাই ইণ্ডিয়ানছৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে ৷

আই পি এল 2025 ত মুম্বাই ইণ্ডিয়ানছ দল

হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ, তিলক বাৰ্মা, ট্ৰেণ্ট ব'ল্ট, নমন ধীৰ, ৰবীন মিঞ্জ, কৰ্ণ শৰ্মা, ৰিয়ান ৰিডলটন, দীপক চাহাৰ, আল্লা গজানফাৰ, বিল জেকছ, অশ্বিনী কুমাৰ, মিচেল ছেণ্টনৰ, ৰিচ টপলি, শ্ৰীজিথ কৃষ্ণ, এছ ৰাজু, বেভন জেকবছ, অৰ্জুন তেণ্ডুলকাৰ, লিজাড উইলিয়ামছ, বিগ্ৰেশ পুথুৰ আৰু ৰাজ অংগদ বাবা

লগতে পঢ়ক: 15 বছৰৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাংলাদেশৰ টেষ্টত ঐতিহাসিক জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.