ETV Bharat / sports

বিবাহ বিচ্ছেদ: হাৰ্দিক-নাতাশাৰ বিচ্ছেদৰ কাহিনীৰে মিল আছে এগৰাকী তাৰকা ফুটবলাৰৰ বিচ্ছেদৰ কাহিনীৰ - Hardik Natasa divorce controversy

Hardik Pandya and PSG footballer Achraf Hakimi: ভাৰতৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু পি এছ জিৰ তাৰকা ফুটবলাৰ আশ্ৰফ হাকিমিৰ ব্যক্তিগত জীৱন একে । দুয়োৰে শৈশৱ দাৰিদ্ৰতাৰ মাজেৰে পাৰ হয় আৰু দুয়োজনেই মডেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । এতিয়া দুয়োৰে বিবাহ বিচ্ছেদৰ কাহিনীৰো একেবাৰে মিল আছে । পঢ়ক সম্পূৰ্ণ খবৰ...

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:48 PM IST

PSG FOOTBALLER ACHRAF HAKIMI
HARDIK NATASA DIVORCE CONTROVERSY (ANI)

নিউজ ডেস্ক, ২৭ মে’: ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ খবৰে শেহতীয়াকৈ শিৰোনাম দখল কৰিছে । খবৰ অনুসৰি হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ মডেল পত্নী নাতাশা ষ্টেনকভিচৰ মাজত সম্পৰ্ক ভাল নহয় আৰু অতি সোনকালে দুয়োৰে মাজত বিবাহ বিচ্ছেদ হ’ব ।

খবৰ অনুসৰি হাৰ্দিকৰ পত্নী নাতাশাই ক্ৰিকেটাৰগৰাকীৰ সম্পত্তিত ৭০% অংশীদাৰিত্ব দাবী কৰিব পাৰে । উল্লেখ্য যে এইটো এনেদৰে বিবাহ বিচ্ছেদৰ প্ৰথমটো গোচৰ নহয় । ইয়াৰ পূৰ্বে পি এছ জিৰ হৈ খেলা মৰক্কোৰ তাৰকা ফুটবলাৰ আশ্ৰাফ হাকিমিৰ পত্নীয়ে বিবাহৰ ৩ বছৰৰ পাছত পি এছ জিৰ খেলুৱৈগৰাকীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল আৰু ফুটবলাৰগৰাকীৰ সকলো সম্পত্তিৰ আধা অংশ দাবী কৰিছিল । কিন্তু, এই ডাঙৰ সংকটৰ পৰা ফুটবলাৰজনক উদ্ধাৰ কৰিলে তেওঁৰ মাতৃয়ে ।

আশ্ৰফ হাকিমিৰ বিবাহ বিচ্ছেদ আলোচনাৰ বিষয় হৈ পৰিছিল-

আচলতে আশ্ৰাফ হাকিমিৰ পত্নীয়ে বিবাহৰ ৩ বছৰৰ পিছত ২০২৩ চনত পি এছ জিৰ খেলুৱৈগৰাকীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল । কিন্তু তেওঁৰ কোটিপতি স্বামীৰ কোনো সম্পত্তি নাই বুলি গম পাই তেওঁ আচৰিত হ’ল । আদালতে তেওঁক অৱগত কৰে যে তেওঁৰ স্বামীৰ সকলো সম্পত্তি মাকৰ নামত পঞ্জীয়ন হৈ থকাৰ বাবে তেওঁৰ হাতত একো নাই ।

হাকিমিয়ে পি এছ জিত প্ৰতিমাহে ১০ লাখ ডলাৰ উপাৰ্জন কৰে আৰু সকলো ধন মাকৰ একাউণ্টত জমা কৰে । হাকিমিয়ে ঘৰ, মাটি, গাড়ী, গহনা, কাপোৰ আৰু সকলো মাকৰ নামত ক্ৰয় কৰিছিল ।

হাৰ্দিকৰ সম্পত্তি ৰক্ষা কৰিবনে মাতৃয়ে ?

এতিয়া ধাৰণা কৰা হৈছে যে হাৰ্দিক পাণ্ডিয়াৰ মাতৃয়েও তেওঁক এই সংকটৰ পৰা ৰক্ষা কৰিব । আচলতে হাৰ্দিক আৰু নাতাশাৰ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে হাৰ্দিক পাণ্ডিয়াৰ এটা ভিডিঅ’, য’ত তেওঁ নিজৰ সম্পত্তিৰ কথা কৈছে । ২০১৭ চনত গৌৰৱ কাপুৰক দিয়া এক সাক্ষাৎকাৰত হাৰ্দিকে কৈছিল যে তেওঁৰ ঘৰ আৰু গাড়ীকে ধৰি সকলো সম্পত্তি তেওঁৰ মাকৰ নামত আছে । আপোনালোকক জনাওঁ যে হাৰ্দিক পাণ্ডিয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯১ কোটি টকা ।

লগতে পঢ়ক: জীৱনৰ বাটত সংগ এৰিলে নেকি হাৰ্দিক পাণ্ডিয়া-নাতাশা ষ্টেনকভিচে ? - Natasa Hardik Pandya divorce

পাণ্ডিয়া আৰু হাকিমি দুয়োৰে ব্যক্তিগত জীৱন একেধৰণৰ হৈ আহিছে

ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু ফুটবলাৰ আশ্ৰফ হাকিমিৰ ব্যক্তিগত জীৱনৰ হুবহু মিল আছে । ভাৰতৰ তাৰকা অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে লিভ-ইন ৰিলেচনত থাকি নাতাশা গৰ্ভৱতী হয়, তাৰ পিছত ২০২০ চনত লকডাউনৰ সময়ত দুয়োৰে বিবাহ হয় । তাৰ পিছত ২০২৩ চনত ভেলেণ্টাইন ডে’ত হিন্দু ৰীতি-নীতি অনুসৰি দুয়োৰে পুনৰ বিয়া হয় । তেওঁলোকৰ পুত্ৰৰ নাম অগস্ত্য ।

একে সময়তে পি এছ জিত এমবাপে, লিয়নেল মেছি আৰু নেইমাৰ জুনিয়ৰৰ দৰে খেলুৱৈৰ সৈতে খেলা ২৫ বছৰীয়া ফুটবলাৰ আশ্ৰাফ হাকিমিয়ে ২০২০ চনত বিশ্বৰ অন্যতম সুন্দৰী অভিনেত্ৰী হিবা আবুকৰ সৈতে বিবাহপাশত আবদ্ধ হয় । হিবা টিউনিছিয়ান মূলৰ স্পেনিছ মডেল আৰু তেওঁ হাকিমিতকৈ প্ৰায় ১২ বছৰ ডাঙৰ ।

২০১৮ চনত যেতিয়া দুয়োজনে প্ৰথমবাৰৰ বাবে লগ পাইছিল তেতিয়া আশ্ৰফৰ বয়স আছিল মাত্ৰ ২০ বছৰ আৰু হিবাৰ বয়স আছিল প্ৰায় ৩২ বছৰ । দুয়োৰে দুটা পুত্ৰ আছে ।

দুয়োৰে জীৱন আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈছিল:

মজিয়াৰ পৰা সিংহাসনলৈ আশ্ৰফ হাকিমীৰ যাত্ৰা সহজ নাছিল । তেওঁ এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল । হাকিমিয়ে এটা সাক্ষাৎকাৰত কৈছিল, ‘‘মায়ে ঘৰ চাফা কৰিছিল আৰু দেউতাই ৰাস্তাৰ কাষৰ দোকান এখন চলাইছিল । মই অতি দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছোঁ ।’’

লগতে পঢ়ক: নিতৌ হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টেনকভিচৰ নতুন নতুন ফটোৱে অনুৰাগীক প্ৰদান কৰিছে আমোদ

১৯৯৩ চনৰ ১১ অক্টোবৰত গুজৰাটৰ চুৰাটত জন্মগ্ৰহণ কৰা হাৰ্দিক পাণ্ডিয়াৰ শৈশৱো আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈছিল । তেওঁৰ পিতৃ হিমাংশু পাণ্ডিয়াই আগতে গাড়ীৰ এটা সৰু বিত্তীয় ব্যৱসায় চলাইছিল । হাৰ্দিকৰ বয়স ৫ বছৰ হওঁতে অবিৰত লোকচানৰ বাবে দেউতাকে গাড়ী ফাইনেন্সৰ ব্যৱসায় বন্ধ কৰি দিয়ে আৰু তেওঁ পৰিয়ালৰ সৈতে বৰোদালৈ স্থানান্তৰিত হৈ ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে ।

পিতৃ হিমাংশুৰ আৰ্থিক অৱস্থা ভাল নাছিল । বহু সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে হাৰ্দিক আৰু তেওঁৰ ডাঙৰ ভায়েক ক্ৰুনালে দিনটোত মাত্ৰ এবাৰহে খাদ্য লাভ কৰিবলৈ সক্ষম হৈছিল ।

দুয়োজনেই মডেলক বিয়া কৰাইছে

হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাতাশা ষ্টেনকভিচ এগৰাকী অতি সুন্দৰ মডেলৰ লগতে এগৰাকী নৃত্যশিল্পীও । ২০১৩ চনত তেওঁ ছবিত অভিষেক ঘটায় । ইয়াৰ উপৰিও বিগ বছ-৮ ৰ অংশ আছিল আৰু নাচ বালিয়ে-৯ তো তেওঁ দেখা গৈছিল । তেওঁ প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ ছবিত অভিনয় কৰিছিল ৷ এতিয়ালৈকে তেওঁ মুঠ ১৪ খন ছবিত অভিনয় কৰিছে । ছাৰ্বিয়াৰ নাতাশাই কিছু গীতো কৰিছে ।

একে সময়তে স্পেইনৰ এগৰাকী বিখ্যাত অভিনেত্ৰী হিবা আবুক । তেওঁ নগ্ন ফটোশ্বুট কৰি আলোড়নৰ সৃষ্টি কৰিছিল । তেওঁৰ পিতৃ লিবিয়াৰ, মাক টিউনিছিয়াৰ । টিউনিছিয়াৰ পৰা প্ৰব্ৰজন কৰাৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে প্ৰথমে স্পেইনত বসতি স্থাপন কৰিছিল । ২০০৮ চনত তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হয় টেলিভিছন ধাৰাবাহিক ল’চিণ্ড্ৰম ডি ইউলিছৰ এটা খণ্ডৰ পৰা । য’ত তেওঁৰ অভিনয়ৰ সকলোৱে অতিশয় শলাগ লৈছিল ।

লগতে পঢ়ক: পুত্ৰ সন্তানে মোৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰিলে: হাৰ্ডিক পাণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.