ETV Bharat / sports

অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি সঁচাকৈয়ে অভূতপূৰ্ব : ৰাহুল দ্ৰাবিড় - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 8:33 PM IST

Rahul Dravid on Olympics : অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ কট্টৰ সমৰ্থক তথা কিংবদন্তী বেটছমেন ৰাহুল দ্ৰাবিড়ে কয় যে ক্ৰিকেটাৰসকল এই খেলৰ অংশীদাৰ হ'বলৈ অতি উৎসাহী হৈ আছে । তেওঁ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিক অভূতপূৰ্ব বুলি বৰ্ণনা কৰে ।

Rahul Dravid on Olympics
ৰাহুল দ্ৰাবিড় (ANI Photo)

স্পৰ্টছ ডেস্ক, ২৯ জুলাই : ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হ'ব ক্ৰিকেট । এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে । তেওঁ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিক প্ৰশংসা কৰি এই পদক্ষেপক সঁচাকৈয়ে অভূতপূৰ্ব বুলি অভিহিত কৰে ।

ৰাহুল দ্ৰাবিড়ে ড্ৰীম স্পৰ্টছৰ দ্বাৰা আয়োজিত এক বিশেষ আলোচনা-চক্ৰত অংশগ্ৰহণ কৰে । এই আলোচনা-চক্ৰৰ শীৰ্ষক হৈছে 'অলিম্পিকত ক্ৰিকেট – 'নতুন যুগৰ আৰম্ভণি' । পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে স্থাপিত ইণ্ডিয়া হাউছত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । দ্ৰাবিড়ে মনু ভাকৰক শ্বুটিঙত তেওঁৰ ঐতিহাসিক ব্ৰঞ্জ পদক লাভৰ বাবেও অভিনন্দন জনায় । লগতে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত নিজে কিবা নহয় কিবা প্ৰকাৰে জড়িত হোৱাৰো ইচ্ছা প্ৰকাশ কৰে ।

অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি সন্দৰ্ভত দ্ৰাবিড়ে কয়, "মই সদায় অনুভৱ কৰিছিলোঁ যে ক্ৰিকেট অলিম্পিকৰ অংশ হ'ব লাগে । ক্ৰিকেট সঁচাকৈয়ে এক মহান খেল । বিশ্বৰ বহু লোকে ইয়াক ভালপায় । এইটো মোৰ দৰে অনুৰাগীৰ বাবে এক চমৎকাৰ । এয়া সঁচাকৈয়ে অভূতপূৰ্ব ।"

অলিম্পিকৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে ক'বলৈ গৈ দ্ৰাবিড়ে তিনিটা অলিম্পিক স্বৰ্ণ পদক নিজৰ নামত থকা আমেৰিকাৰ প্ৰাক্তন ট্ৰেক এণ্ড ফিল্ড এথলীট কাৰ্ল লুইছৰ পদক জয়ৰ মুহূৰ্ত প্ৰত্যক্ষ কৰাৰ স্মৃতি ৰোমন্থন কৰে । আনহাতে, দ্ৰাবিড়ে শেহতীয়াকৈ টি-২০ বিশ্বকাপ আয়োজন কৰা আমেৰিকাত ক্ৰিকেটৰ প্ৰতি থকা আগ্ৰহৰ বিষয়েও কয় । তেওঁ কয়, "আমেৰিকাত থকা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ চমৎকাৰ আছিল ।"

উল্লেখ্য যে ৰাহুল দ্ৰাবিড় উক্ত আলোচনা-চক্ৰত আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া জিঅ'ফ এলাৰ্ডিছ, ড্ৰীম স্পৰ্টছৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সহ-প্ৰতিষ্ঠাপক হৰ্ষ জৈনৰ সৈতে আলোচনাত উপস্থিত আছিল । পাৰ্ক দে লা ভিলেটত অৱস্থিত 'ইণ্ডিয়া হাউছ পাৰ্ক অব নেচনছ' ২৭ জুলাইৰ পৰা ১১ আগষ্টলৈকে অলিম্পিক গেমছৰ সময়ত স্থানীয় সময় অনুসৰি পুৱা ১১ বজাৰ পৰা নিশা ১১ বজালৈ মুকলি থাকিব ।

পেৰিছ অলিম্পিকৰ সময়ত অলিম্পিক গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইণ্ডিয়া হাউছৰ ৰূপত এই অনুষ্ঠানে এক ঐতিহাসিক আত্মপ্ৰকাশ কৰে । পেৰিছ গেমছত ইণ্ডিয়া হাউছে সমগ্ৰ বিশ্বৰ অনুৰাগী, বিশ্বজুৰি ক্ৰীড়া সম্প্ৰদায়ৰ মুখ্য অংশীদাৰ, ভাৰতীয় ভ্ৰমণকাৰী, মিডিয়া আৰু খেলুৱৈসকলৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিছে ।

আনহাতে, ভাৰতৰ ক্ৰীড়া সাফল্য আৰু খেলুৱৈসকলক উদযাপন কৰিবলৈ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলে প্ৰথমবাৰৰ বাবে এক ঘৰ পাব । এই ইণ্ডিয়া হাউছ হৈছে ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত আৰু ৰিলায়েন্স ফাউণ্ডেচনৰ দ্বাৰা নিৰ্মাণ কৰা কোনো দেশৰ প্ৰথমখন অলিম্পিক ঘৰ ।

লগতে পঢ়ক :অলিম্পিকত ধাৰাভাষ্যকাৰৰ লিংগ বৈষম্যমূলক মন্তব্য: আঁতৰালে পেনেলৰ পৰা - Paris Olympics 2024
লগতে পঢ়ক :বেডমিণ্টনত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত পৰাস্ত অশ্বিনী পোনপ্পা-তানিছা ক্ৰাষ্টো - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.