ETV Bharat / sports

সৰ্বভাৰতীয় ফুটবল প্ৰশিক্ষণলৈ নিৰ্বাচিত অসমৰ একমাত্ৰ ফুটবলাৰ ৰেহান - All India Football Academy

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 2:10 PM IST

Rehan Ahmed Selected to AIFA : শিৱসাগৰৰ ৰেহান আহমেদ সৰ্বভাৰতীয় ফুটবল একাডেমীলৈ নিৰ্বাচিত হৈছে । তেওঁ হৈছে ৰাজ্যখনৰ পৰা এই প্ৰশিক্ষণলৈ নিৰ্বাচিত একমাত্ৰ ফুটবলাৰ ।

Rehan Ahmed Selected to AIFA
সৰ্বভাৰতীয় ফুটবল প্ৰশিক্ষণলৈ নিৰ্বাচিত শিৱসাগৰৰ ৰেহান আহমেদ (ETV Bharat Assam)

শিৱসাগৰ, ২৩ জুলাই : অসমৰ ফুটবলপ্ৰেমীৰ বাবে এক অত্যন্ত সুখবৰ । ওড়িশাৰ ভুৱনেশ্বৰত অৱস্থিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ফিফাৰ টেলেণ্ট ফুটবল একাডেমীলৈ নিৰ্বাচিত হৈছে শিৱসাগৰৰ ৰেহান আহমেদ । অসমৰ পৰা একমাত্ৰ ফুটবলাৰ হিচাপে ১৭ বছৰ অনূৰ্ধ্ব ফুটবল খেলুৱৈ ৰেহান আহমেদ নিৰ্বাচিত হৈছে ।

উল্লেখ্য যে এই সন্মানীয় ফুটবল প্ৰশিক্ষণ শিবিৰলৈ উত্তৰ-পূব আৰু জম্মু-কাশ্মীৰ মণ্ডলৰ পৰা সৰ্বমুঠ ২০ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে । তাৰে ভিতৰত ৰেহান হৈছে অসমৰ পৰা নিৰ্বাচিত একমাত্ৰ খেলুৱৈ । দুবাৰকৈ অনুষ্ঠিত নিৰ্বাচনী শিবিৰৰ পৰা এই ২০ গৰাকী খেলুৱৈক বাছনি কৰা হৈছে ।

উল্লেখ্য যে নিৰ্বাচিত এই ২০ গৰাকী খেলুৱৈৰ ভিতৰত অসমৰ পৰা ৰেহান একমাত্ৰ খেলুৱৈ হোৱাৰ বিপৰীতে মণিপুৰৰ পৰা ১২ গৰাকী, মিজোৰামৰ পৰা ৬ গৰাকী আৰু জম্মু-কাশ্মীৰৰ পৰা এগৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে । ৰাজ্যিক পৰ্যায়ৰ খেলত ৰেহান আহমেদৰ হাফ-ভলী শ্বট ইতিমধ্যে ফুটবল বিশেষজ্ঞৰ মাজত যথেষ্ট চৰ্চিত হৈছিল ।

ইফালে ৰেহানৰ এই সফলতাত শিৱসাগৰ ক্ৰীড়া সন্থা, শিশু ফুটবল কোচিং চেণ্টাৰৰ সকলো বিষয়ববীয়া তথা শিৱসাগৰৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে । লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে ।

শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি গাঁৱৰ নিবাসী চিৰাজুল আহমেদ আৰু আৰিফা আহমেদৰ পুত্ৰ ৰেহান আহমেদে শিৱসাগৰ শিশু ফুটবল কোচিং চেণ্টাৰৰ প্ৰশিক্ষক অনিল আচাৰ্যৰ তত্ত্বাৱধানত ফুটবল খেলৰ প্ৰাথমিক জ্ঞান অৰ্জন কৰিছিল । ৰেহানে শিৱসাগৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছে ।

উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ মুঠ ৫০ গৰাকী খেলুৱৈক এই শিবিৰলৈ নিৰ্বাচন কৰা হৈছে । ওড়িশাত তিনি বছৰ প্ৰশিক্ষণৰ অন্তত এইসকল খেলুৱৈৰ মাজৰ পৰা ২০২৭ চনৰ ১৭ বছৰ অনূৰ্ধ্ব ফিফা বিশ্বকাপৰ বাবে ভাৰতীয় ফুটবল দলটো বাছনি কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ : শ্ৰীলংকাৰ বিৰুদ্ধে T-20 আৰু এদিনীয়া দলত স্থান লাভ - Riyan Parag
লগতে পঢ়ক :অষ্ট্ৰেলিয়া A ৰ বিৰুদ্ধে মাল্টি ফৰ্মেট ছিৰিজত অসমৰ উমা চেত্ৰী - Cricketer Uma Chetry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.