ETV Bharat / sports

জিমনাষ্টিকৰ পৰা অৱসৰ ঘোষণা দীপা কৰ্মকাৰৰ

Dipa Karmakar retirement: দীপা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট । আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিকছ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়ও ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 1 hours ago

DIPA KARMAKAR RETIREMENT
জিমনাষ্টিকৰ পৰা অৱসৰ ঘোষণা দীপা কৰ্মকাৰৰ (X@DipaKarmakar)

স্পৰ্ষ্টছ ডেস্ক, ৮ অক্টোবৰ: ভাৰতৰ প্ৰথমগৰাকী মহিলা জিমনাষ্ট দীপা কৰ্মকাৰে সোমবাৰে অৱসৰৰ কথা ঘোষণা কৰে । বহু বাধা অতিক্ৰম কৰা এইগৰাকী খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ইয়াৰ লগতে সমাপ্ত হয় । দীপা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট আছিল আৰু তেওঁ গেমছত পদক লাভৰ পৰা সংকীৰ্ণভাৱে ব্যৰ্থ হয় । প্ৰডুনোভা ভল্ট আয়ত্ত কৰা পৃথিৱীৰ পাঁচগৰাকী মহিলাৰ ভিতৰত তেওঁ আছিল অন্যতম । ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত দীপাই অভূতপূৰ্ব প্ৰদৰ্শন আগবঢ়াইছিল আৰু মাত্ৰ ০.১৫ পইণ্টৰ বাবে তেওঁ ভল্ট ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পৰা ব্যৰ্থ হয় ।

ছ’চিয়েল মিডিয়াত দীপাৰ আৱেগিক পোষ্ট:

দীপা কৰ্মকাৰে আঘাতৰ বাবে অৱসৰৰ কথা ঘোষণা কৰি ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট লিখিছিল । দীপাই লিখিছে, "বহু চিন্তা আৰু বিবেচনাৰ অন্তত মই প্ৰতিযোগিতামূলক জিমনাষ্টিকছৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । এইটো সহজ সিদ্ধান্ত নহয়, কিন্তু মই ভাবো যে এইটো সঠিক সময় ।" তেওঁ লগতে কয়, "মই মনত পেলোৱাৰ পৰাই জিমনাষ্টিক মোৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ আহিছে আৰু মই উত্থান-পতন আৰু ইয়াৰ মাজৰ সকলো কথাৰ বাবে আগ্ৰহী আৰু প্ৰতিটো মুহূৰ্তৰ বাবে কৃতজ্ঞ ।”

অলিম্পিকৰ পদক লাভত ব্যৰ্থ দীপা:

দীপা কৰ্মকাৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা জিমনাষ্ট । ১০৬৪ চনৰ টকিঅ’ অলিম্পিকৰ পিছত জিমনাষ্টিকছত অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় । ভল্টত মুঠ ১৫.০৬৬ স্ক’ৰেৰে চতুৰ্থ স্থান দখল কৰি তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাত ব্যৰ্থ হয় । ছুইজাৰলেণ্ডৰ জিউলিয়া ষ্টেইংৰুবাৰে দীপা কৰ্মকাৰতকৈ মাত্ৰ ০.১৫ পইণ্টত অগ্ৰগতি লাভ কৰি ১৫.২১৬ পইণ্টেৰে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷

এছিয়ান চেম্পিয়নশ্বিপৰ শেষৰটো জয় আছিল এক টাৰ্নিং পইণ্ট:

২০২১ চনৰ অক্টোবৰ মাহত ড’প টেষ্টত ব্যৰ্থ হৈছিল দীপা কৰ্মকাৰ । ইয়াৰ পিছত তেওঁক ২১ মাহৰ বাবে নিলম্বন কৰা হয় । যোৱা বছৰ খেলপথাৰলৈ ঘূৰি আহি ২০২৪ চনত তাছকেন্দত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল । এই জয় এটা টাৰ্নিং পইণ্ট বুলিও কয় দীপায়ে, কিয়নো তেওঁ অনুভৱ কৰিছিল যে তেওঁ আৰু নিজৰ শৰীৰটোক আৰু অধিক হেঁচা দিব নোৱাৰে । দীপাই কয় যে এছিয়ান চেম্পিয়নশ্বিপত মোৰ শেষৰটো জয় আছিল এক টাৰ্নিং পইণ্ট । কাৰণ তেতিয়ালৈকে মই অনুভৱ কৰিছিলো যে মই মোৰ শৰীৰটোক আৰু হেঁচা দিব পাৰিম, কিন্তু এনেকুৱা সময়ো আহে যেতিয়া শৰীৰে আপোনাক কয় যে জিৰণি লোৱাৰ সময় হৈছে ।

পদ্মশ্ৰী আৰু মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা বিজয়ী দীপা কৰ্মকাৰে ভাৰতীয় জিমনাষ্টিকক প্ৰথমবাৰৰ বাবে ডাঙৰ মঞ্চত স্বীকৃতি লাভ কৰাত সহায় কৰে । ইয়াৰ উপৰিও ২০১৪ চনৰ গ্লাছগোত ব্ৰঞ্জৰ পদক লাভ কৰি কমনৱেলথ গেমছত জিমনাষ্টিকছত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা । তুৰস্কৰ মাৰ্চিনত অনুষ্ঠিত ২০১৮ চনৰ আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপত মহিলাৰ ভল্ট প’ডিয়ামত শীৰ্ষস্থান দখল কৰি আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিকছ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপেও পৰিগণিত হয় দীপা । সেই বছৰতে জাৰ্মানীৰ কটবাছত অনুষ্ঠিত বিশ্বকাপতো দীপা কৰ্মকাৰে ব্ৰঞ্জৰ পদক লাভ কৰে ।

লগতে পঢ়ক: এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে - Dipa Karmakar Wins Gold

Last Updated : 1 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.