ETV Bharat / sports

ভাৰতৰ T-২০ বিশ্বকাপ জয়ক প্ৰশংসা প্ৰাক্তন ভাৰতীয় পেচাৰৰ, সূৰ্যকুমাৰৰ কেচক গেম চেঞ্জাৰ আখ্যা - T20 World Cup

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:54 PM IST

T20 World Cup Final : ৩৯ খন টেষ্ট আৰু ১৯ খন এদিনীয়া খেলা ভাৰতৰ প্ৰাক্তন পেচাৰ কৰ্ষণ ঘাৱৰীয়ে T-২০ বিশ্বকাপ জয় কৰাৰ বাবে ভাৰতীয় দলটোক প্ৰশংসা কৰে। তেওঁ তাৰকা বেটাৰ বিৰাট কোহলী আৰু পেচাৰ অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহৰ বাবে উচ্ছাসিত আছিল ৷ ঘাৱৰীৰ সৈতে ইটিভি ভাৰতৰ নিখিল বাপত বাৰ্তালাপ-

T20 World Cup Final
ভাৰতীয় দলক প্ৰশংসা প্ৰাক্তন ভাৰতীয় পেচাৰ কৰ্ষণ ঘাৱৰীৰ (ETV BHARAT)

স্পৰ্টছ ডেস্ক, 30 জুন : ভাৰতৰ প্ৰাক্তন স্পীড ষ্টাৰ কৰ্ষণ ঘাৱৰীয়ে 29 জুনত দ্বিতীয়টো T-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলটোক প্ৰশংসা কৰে ৷ লগতে দক্ষিণ আফ্ৰিকাৰ দুধৰ্ষ বেটছমেন ডেভিদ মিলাৰক আউট কৰিবলৈ সূৰ্যকুমাৰ যাদৱৰ কেচক ফাইনেলৰ টাৰ্নিং পইণ্ট বুলি অভিহিত কৰে তেওঁ ৷

বাৰ্বাডোছত অনুষ্ঠিত হোৱা প্ৰৱল উত্তেজনাপূৰ্ণ ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক 7 ৰাণত পৰাস্ত কৰি T-২০ বিশ্বকাপ জয় কৰি ভাৰতে আই চি চি ট্ৰফীৰ খৰাং পৰিস্থিতিৰ অন্ত পেলায় ৷

ইটিভি ভাৰতৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত ঘাৱৰীয়ে কয়, "বিশ্বকাপ জয় কৰাটো ইমান আনন্দদায়ক, ই কেৱল ক্ৰিকেটাৰৰ বাবেই নহয়, কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ক্ৰিকেটপ্ৰেমীসকলৰ বাবেও এক সুখৰ মুহূৰ্ত ৷ এইবোৰ মুহূৰ্ত সকলোৰে মন আৰু হৃদয়ত সাঁচি ৰখা হৈছে, ইয়াক কেতিয়াও মচি পেলোৱা নহ'ব..."

কিংবদন্তি কপিল দেৱৰ সৈতে বলিং আক্ৰমণ আৰম্ভ কৰা 73 বছৰীয়া ঘাৱৰীয়ে লগতে কয়,"কালিৰ খেলখনত, এটা সময়ত, (মই অনুভৱ কৰিছিলো) যে আমি (খেলখন) হেৰুৱাম ৷ কিন্তু মই ভাবো এইটো ভাৰতীয় খেলুৱৈসকলৰ দ্বাৰা এক মহান যুঁজ আছিল, বিশেষকৈ শেষৰ তিনি-চাৰি অভাৰ ৷ সূৰ্যকুমাৰ যাদৱৰ কেচটোৱে খেলখনৰ দৃশ্যপট সলনি কৰিছিল ৷ বিৰাট কোহলীৰ এটা সুন্দৰ 76 ৰাণ আৰু অক্ষৰ পেটেলৰ সৈতে তেওঁৰ অংশীদাৰিত্ব, আমি 176 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলো আৰু ই সকলো পাৰ্থক্য সৃষ্টি কৰিছিল ৷"

তেওঁ লগতে কয়, "এইটো এটা মহান দল আছিল, কেৱল 11 জন খেলুৱৈয়েই নহয়, ৰিজাৰ্ভ আৰু সহায়ক কৰ্মচাৰীকো প্ৰশংসা কৰিব লাগিব ৷"

লগতে পঢ়ক : ১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

ঘাৱৰীয়ে অনুভৱ কৰিছিল যে 1983 চনৰ বিশ্বকাপে ভাৰতীয় ক্ৰিকেটৰ চেহেৰা সলনি কৰিছিল ৷ তেওঁ কয়, "তেতিয়াৰ পৰা আজিলৈকে ভাৰতে কেতিয়াও পিচলৈ ঘূৰি চোৱা নাই ৷ আমাৰ ক্ৰিকেট ডাঙৰ আৰু ডাঙৰ হ'বলৈ গৈ আছে ৷ বি চি চি আইয়ে যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে, আন কোনো দেশৰ এনে আন্তঃগাঁথনি) নাই ৷ আমাৰ এতিয়া ৰাজ্যবোৰত একাডেমী আছে আৰু হেড একাডেমী বেংগালুৰুত আছে - এন চি এ, এনে প্লেটফৰ্ম ভাৰতৰ বাহিৰে আন কোনো দেশ নাই ৷ আই পি এল-এ ক্ৰিকেটত যথেষ্ট পাৰ্থক্য আনিছে, কিন্তু এনে একাডেমীৰ বাবে, সকলো বয়সৰ গোট - অনুৰ্ধ 16, অনুৰ্ধ 19, এই যোগান লাইন কেতিয়াও বন্ধ কৰা নহ'ব ৷ আমি স্পীনাৰ, উইকেট-ৰক্ষক, বেটছমেন, অলৰাউণ্ডাৰ, বেগী বলাৰ লাভ কৰিম আৰু এন চি এ-য়ে এইটোৱেই কৰি আছে, বেছিভাগ খেলুৱৈ এন চি এৰ পৰা আহিছে ৷"

তেওঁ ভাৰতৰ পেচাৰ অৰ্শদীপ সিঙক এটা ব্যতিক্ৰমী অন্তিম অভাৰ বল কৰাৰ বাবে প্ৰশংসা কৰে ৷ তেওঁ কয়, "অৰ্শদীপে 19 সংখ্যক অভাৰটোত বল কৰিছিল আৰু তেওঁ মাত্ৰ চাৰি ৰাণ দিছিল যিটো এটা গেম-চেঞ্জাৰ আছিল ৷ অতি গুৰুত্বপূৰ্ণ সময়ত যশপ্ৰীত বুমৰাহৰ গুৰুত্বপূৰ্ণ উইকেট, এইবোৰ হৈছে খেল সলনি কৰা মুহূৰ্ত ৷"

লগতে পঢ়ক : T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.