ETV Bharat / sports

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত মুকলি সংঘাত; ডাঙৰ সিদ্ধান্ত খেলুৱৈসকলৰ - ECB VS ENGLAND CRICKETERS

ব’ৰ্ডক লৈ অসন্তুষ্ট ইংলেণ্ডৰ ক্ৰিকেটাৰসকল ৷ যাৰ বাবে খেলুৱৈসকলে ইংলেণ্ড ক্ৰিকেট ব'ৰ্ডৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ ল'বলৈ সাজু হৈছে । পিছে কি ইয়াৰ আঁৰৰ কাৰণ ?

ECB VS ENGLAND CRICKETERS
ইংলেণ্ডৰ ক্ৰিকেটাৰসকল (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 30, 2024, 6:30 PM IST

স্প’ৰ্টছ ডেস্ক: ইংলেণ্ডৰ ক্ৰিকেট ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত দেখা দিছে সংঘাত ৷ ব’ৰ্ডৰ অধীনষ্ঠ খেলুৱৈসকলে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত ৷ পিছে কিহৰ বাবে ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত দেখা দিছে এই সংঘাতে ?

শেহতীয়াকৈ ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ইয়াৰ খেলুৱৈসকলক পাকিস্তান চুপাৰ লীগত খেলাৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছিল । ইয়াৰ লগতে আন দেশৰ ক্ৰিকেট লীগত খেলা বন্ধ কৰিবলৈও নিৰ্দেশ জাৰি কৰিছিল ৷

পৰিষদে ঘৰুৱা ক্ৰিকেট শক্তিশালী কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যদি ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে ব’ৰ্ডে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতো বিদেশী লীগত অংশগ্ৰহণ কৰে, তেন্তে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰিব পাৰে । ই এছ পি এন ক্ৰিকইনফ’ৰ এক প্ৰতিবেদনে এই সিদ্ধান্তৰ নিশ্চিতি প্ৰকাশ কৰিছে ৷

ই চি বি আৰু ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ মাজত সংঘাত

ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে ই চি বিৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে এতিয়া ব’ৰ্ডৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা ভাবিছে । যাৰ বাবেই ব’ৰ্ড আৰু খেলুৱৈসকলৰ মাজত চলি থকা বিবাদ তুংগত উঠিছে ৷ খেলুৱৈসকলৰ মতে তেওঁলোকে ব’ৰ্ডৰ এই নীতিৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহয় ।

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধাচৰণ ক্ৰিকেটাৰসকলৰ

এই খেলুৱৈসকলে অহা সপ্তাহত এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই বৈঠকত খেলুৱৈসকলে এই অনাপত্তি প্ৰমাণপত্ৰ নীতি(NOC) ৰ সূক্ষ্মতা জনাৰ লগতে তেওঁলোকে বিষয়টোত ব'ৰ্ডৰ সৈতে কেনেদৰে মোকাবিলা কৰিব, তাৰ সিদ্ধান্ত ল'ব ।

ইচিবিৰ নীতিসমূহে খেলুৱৈসকলৰ বৃহৎ ক্ষতি কৰিছে । ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে পেছাদাৰী ক্ৰিকেটাৰ সংস্থাৰ (পি চি এ) উপৰিও হোৱাটছ এপ গ্ৰুপত ইজনে সিজনৰ সৈতে কথা পতাৰ নীতি প্ৰস্তুত কৰি আছে ।

ই চি বিৰ মুখ্য কাৰ্যবাহী ৰিচাৰ্ড গৌল্ডে কৈছিল যে, ঘৰুৱা ক্ৰিকেট শক্তিশালী কৰিবলৈ এই নীতি ৰূপায়ণ কৰা হৈছে । ইয়াৰ লগতে তেওঁ কয় যে, এই খেলুৱৈসকলক পি এছ এল(PSL) আৰু চি পি এল(CPL) ৰ দৰে আন দেশৰ ক্ৰিকেট লীগত খেলিবলৈ অনুমতি দিয়া হ'ব যদিহে তেওঁলোকে প্ৰথমে ঘৰুৱা লীগ টি-20 ব্লাষ্ট আৰু দ্য হাণ্ড্ৰেডত বাধাৰ সৃষ্টি নকৰি অংশগ্ৰহণ কৰে ৷

দৰাচলতে, আজিৰ সময়ত প্ৰতিখন দেশতে এখন ক্ৰিকেট লীগ খেলা হয় ৷ যাৰ ভিতৰত আছে পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দৰে ডাঙৰ দেশসমূহ । সমগ্ৰ দেশ আৰু বিশ্বৰ ক্ৰিকেটাৰসকলে এই লীগবোৰত অংশগ্ৰহণ কৰে ।

আনহাতে, বৰ্তমান সময়ত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে দেশখনৰ ঘৰুৱা ক্ৰিকেট গাঁথনি শক্তিশালী কৰিব বিচাৰে । ভাৰতৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু ধনী লীগ । এই লীগটো ই চি বিৰ এই নিয়মৰ পৰা অৱশ্যে বাদ পৰিছে ৷

লগতে পঢ়ক: টেষ্টত 9000 ৰাণ সম্পূৰ্ণ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত কেন উইলিয়ামছন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.