ETV Bharat / sports

অ’ল্ড ট্ৰেফৰ্ডত প্ৰথমখন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে 5 উইকেটত ধৰাশায়ী শ্ৰীলংকা - ENGLAND VS SRI LANKA 1ST TEST

author img

By ETV Bharat Sports Team

Published : Aug 25, 2024, 12:28 PM IST

England beat Sri Lanka: ইংলেণ্ড-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত প্ৰথমখন এদিনীয়া টেষ্টত ইংলেণ্ডৰ জয়লাভ ৷ 5 উইকেটত জয়লাভ কৰে দলটোৱে ৷ ইংলেণ্ডৰ হৈ প্ৰথম ইনিংছত শতক অৰ্জন কৰা জেমি স্মিথক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ৷

ENGLAND VS SRI LANKA 1ST TEST
ইংলেণ্ডৰ খেলুৱৈসকলৰ হৰ্ষোল্লাস (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: তিনিখন মেচৰ কাৰ্যসূচীৰে ইংলেণ্ড-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছে টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচৰ চতুৰ্থ দিনা 5 উইকেটৰ বিনিময়ত ইংলেণ্ডে জয় লাভ কৰে ৷ এই মেচত ইংলেণ্ডৰ হৈ শতক অৰ্জন কৰা জেমি স্মিথক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷

​​ইংলেণ্ডৰ দুৰ্বল আৰম্ভণিৰ পিছত 205 ৰাণৰ লক্ষ্য আগত লৈ জ’ ৰুটে 108 টা বলত সম্পূৰ্ণ কৰে অৰ্ধশতক । জ’ ৰুট আৰু জেমি স্মিথৰ মাজত হোৱা 64 ৰাণৰ অংশীদাৰিত্বৰ বাবে ইংলেণ্ডে অ’ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত মেচখন জিকিবলৈ সক্ষম হয় ।

​​দ্বিতীয় ইনিংছত আয়োজক দলটোৱে দলীয় স্ক’ৰ 34 হওঁতে অপেনাৰ বেন ডাকেট(11 ৰাণ) ৰ উইকেটটো হেৰুৱাইছিল । তাৰপিছতে, অধিনায়ক অলি পোপেও সোনকালেই ক্ৰিজৰ পৰা বিদায় লয় । পৰৱৰ্তী সময়ত মিলান ৰাথনায়ৰ বলত এল বি ডব্লিউ হৈ ধৰাশায়ী হয় ডেন লৰেন্স(34 ৰাণ) ।

ৰুটৰ সৈতে 49 ৰাণৰ অংশীদাৰীত্বত হেৰী ব্ৰুকে 32 ৰাণৰ অৱদান আগবঢ়াই দলটোক 119-4 কঠিন অৱস্থাত পেলায় । প্ৰথম ইনিংছত শতক অৰ্জন কৰা স্মিথে ৰুটৰ সৈতে কঠিন সংগ্ৰাম অব্যাহত ৰাখি দলটোক নিশ্চিত বিজয় প্ৰদান কৰে ৷

ইয়াৰ পূৰ্বে খেলখনত প্ৰথমে বেটিং কৰি শ্ৰীলংকাৰ দলটোৱে প্ৰথম ইনিংছত 236 ৰাণত হেৰুৱাই আটাইকেইটা উইকেট ৷ প্ৰত্যুত্তৰত ইংলেণ্ডে জেমি স্মিথৰ শতকৰ সহায়ত সংগ্ৰহ কৰে 358 ৰাণ, যাৰ ফলত আয়োজক দলটোৱে প্ৰথম ইনিংছৰ অন্তত 122 ৰাণৰ অগ্ৰগতি লাভ কৰে । এই জয়ৰে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰে ইংলেণ্ডে ৷

লগতে পঢ়ক: আন্তৰ্জাতিক তথা ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শিখৰ ধৱনৰ - Shikhar Dhawan Announces Retirement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.