ETV Bharat / sports

জয়ছোৱাল-পন্ত-আয়াৰ বিফল: মুছিৰ খানৰ দৰ্শনীয় শতকৰে দুলীপ ট্ৰফীৰ খেল - DULEEP TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 5, 2024, 5:21 PM IST

Duleep trophy match: দুলীপ ট্ৰফীৰ প্ৰথম দিনটোত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত চৰফৰাজ খানৰ ভাতৃ মুছিৰ খানৰ ৷ মুছিৰে বেটিং বিক্ৰমেৰে বলাৰসকলক দিশহাৰা কৰি অৰ্জন কৰিছে শতক । পঢ়ক বিতং খবৰ...

DULEEP TROPHY 2024
মুছিৰ খান (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: আজিৰে পৰা আৰম্ভ হৈছে দুলীপ ট্ৰফী 2024 ৰ মেচসমূহ ৷ বৃহস্পতিবাৰে ভাৰত এ বনাম ভাৰত বি ৰ মাজত অনুষ্ঠিত হৈছে এখন মেচ ৷ এই মেচখনত ভাৰত এ ৰ হৈ প্ৰথমে বেটিং কৰিবলৈ অহা মুছিৰ খানে দলটোৰ হৈ অৰ্জন কৰে শতক । দলটোৰ আৰম্ভণি সন্তোষজনক নাছিল আৰু 80 ৰাণৰ ভিতৰতে হেৰুৱাইছিল 5 টাকৈ উইকেট ।

দুটাকৈ উইকেট হেৰুওৱাৰ পিছত বেটিং কৰিবলৈ অহা চৰফৰাজ খানৰ ভাতৃ মুছিৰ খানে ক্ৰিজত আধিপত্য বিস্তাৰ কৰে ৷ মুছিৰে প্ৰথমাৱস্থাত ৰাণ সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ পৰৱৰ্তী সময়ত অৱশ্যে খেলুৱৈগৰাকীয়ে দৰ্শনীয় প্ৰদৰ্শনৰে অৰ্জন কৰে শতক ৷ মুছিৰে প্ৰথমাৱস্থাত 60 টা বলত সংগ্ৰহ কৰিছিল মাত্ৰ 6 ৰাণ ৷

পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে 118 টা বলত 6 টা চাৰিৰে সম্পূৰ্ণ কৰে অৰ্ধশতক ৷ ইয়াৰ পিছত অপ্ৰতিৰোধ্য মুছিৰে 192 টা বলত 10 টা চাৰি আৰু 2 টা ছয়ৰে দৰ্শনীয় শতকটো অৰ্জন কৰে । তেওঁ উৎকৃষ্ট বেটিং দক্ষতা প্ৰদৰ্শন কৰি ইনিংছটো চম্ভালি অৰ্জন কৰে শতক ৷

চৰফৰাজ আৰু পন্ত ব্যৰ্থ

অৱশ্যে মুছিৰ খানৰ জ্যেষ্ঠ ভাতৃ চৰফৰাজ খানে আগবঢ়াব নোৱাৰিলে উৎকৃষ্ট প্ৰদৰ্শন ৷ খেলুৱৈগৰাকীয়ে 35 টা বলত সংগ্ৰহ কৰে 89 ৰাণ । এটা চাৰি কোবাবলৈ লওঁতেই খেলুৱৈগৰাকী আৱেশ খানৰ বলত এল বি ডব্লিউ হৈছিল ।

ইয়াৰোপৰি আঘাতৰ পিছত প্ৰত্যাৱৰ্তন ঘটোৱা প্ৰথমখন ৰঙা বলৰ মেচত ঋষভ কৰিব নোৱাৰিলে উৎকৃষ্ট প্ৰদৰ্শন ৷ পন্তে 7 টা বলত 10 ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নমুখী হয় ৷

ভাৰত এ ৰ হৈ যশস্বী জয়ছোৱালে অব্যাহত ৰাখিব নোৱাৰিলে ছন্দ ৷ খেলুৱৈগৰাকীয়ে 59 টা বলত 6 টা চাৰিৰে সংগ্ৰহ কৰে মাত্ৰ 30 ৰাণ ৷ ক্ৰিজৰ অফচাইডত এটা শ্বট মাৰিবলৈ গৈ ক্ৰিকেটাৰগৰাকীয়ে হেৰুৱাই নিজৰ উইকেট ৷

লগতে পঢ়ক: এইখন জানো ক্ৰিকেট মেচ ! বেটিং বিপৰ্যয়ৰে 10 অভাৰত 10 ৰাণত অল আউট মংগোলিয়া - Lowest Totall In T20 History

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.