ETV Bharat / sports

ৰেছলিং অলিম্পিক কোৱালিফায়াৰ ট্ৰায়েল: বিনেশ ফোগাটৰ নাটক ! - Wrestling Olympics Qualifier Trials

Vinesh Phogat : পেৰিছ অলিম্পিকৰ অৰ্হতাৰ দৌৰত থাকিবলৈ পাটিয়ালাত আই অ' এ-ৰ দ্বাৰা গঠন কৰা এড-হক সমিতিয়ে আয়োজন কৰা ট্ৰায়েলৰ সময়ত সোমবাৰে যথেষ্ট অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়। বিনেশ ফোগাটে প্ৰতিযোগিতাখন দুটা শ্ৰেণীত আৰম্ভ হ'বলৈ দিয়া নাছিল।

Vinesh Phogat
ৰেছলিং অলিম্পিক কোৱালিফায়াৰ ট্ৰায়েলত অস্বস্তিকৰ পৰিৱেশ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 6:28 PM IST

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ : কমনৱেলথ আৰু এছিয়ান গেমছ উভয়তে স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটে ৰেছলিং অলিম্পিক কোৱালিফায়াৰ ট্ৰায়েলত নাটকৰ সৃষ্টি কৰে ৷ পেৰিছ অলিম্পিকৰ দৌৰত থাকিবলৈ চেষ্টা কৰি তাৰকা মল্লযুঁজাৰু বিনেশ ফোগাটে মহিলাৰ 50 কেজি আৰু 53 কেজি শাখাৰ ট্ৰায়েল আৰম্ভ হ’বলৈ নিদিলে আৰু বিষয়াসকলৰ পৰা লিখিত আশ্বাস বিচাৰে যে 53 কেজি শাখাৰ চূড়ান্ত বাছনি অলিম্পিকৰ পূৰ্বে অনুষ্ঠিত হ’ব ৷

ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা আৰু দীৰ্ঘদিনীয়া প্ৰতিবাদৰ নেতৃত্ব দিয়া বিনেশে 50 কেজি শাখাৰ বিচাৰৰ বাবে ইয়াৰ ছাই (Sports Authority of India) কেন্দ্ৰত উপস্থিত হৈছিল ৷ প্ৰদৰ্শনৰ পূৰ্বে 29 বছৰীয়া খেলুৱৈগৰাকীয়ে 53 কেজি শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও ইতিমধ্যে সেই শাখাত অলিম্পিক কোটা অৰ্জন কৰাৰ বাবে তেওঁৰ ওজন শ্ৰেণী হ্ৰাস কৰে ৷

লিখিত আশ্বাসৰ দাবীত বিনেশে প্ৰতিযোগিতা আৰম্ভ হ’বলৈ নিদিলে ৷ তেওঁ 50 কেজি আৰু 53 কেজি দুয়োটাতে অংশগ্ৰহণৰ অনুমতি বিচাৰিছিল, যাৰ ফলত এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ইয়াৰ বাবেই 50 কেজি ওজনৰ মল্লযুঁজাৰুসকলে অভিযোগ কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁলোকে কয় ‘আমি ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰি আছো' ৷

ইতিমধ্যে আই অ’ এৰ দ্বাৰা গঠিত এড-হক কমিটীয়ে 53 কেজি শাখাৰ বাবে চূড়ান্ত ট্ৰায়েল হ’ব বুলি উল্লেখ কৰিছে, য’ত এই ওজন শাখাৰ শীৰ্ষ চাৰিগৰাকী মল্লযুঁজাৰুৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ ট্ৰায়েলৰ বিজয়ীয়ে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু বিজয়ী মল্লযুঁজাৰুগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷

ট্ৰায়েলৰ সময়ত উপস্থিত এজন প্ৰশিক্ষকে কয়, ‘বিনেশে চৰকাৰৰ পৰা আশ্বাস বিচাৰে ৷ তেওঁৰ আশংকা যে যদিহে ডব্লিউ এফ আই পুনৰ ক্ষমতালৈ আহে তেন্তে নিৰ্বাচন নীতি সলনি হ’ব পাৰে ৷ কিন্তু চৰকাৰে এই সন্দৰ্ভত কেনেকৈ আশ্বাস দিব ? বাছনি বিষয়ত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে ৷'

তেওঁ পুনৰ কয়, ‘হয়তো তেওঁ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে ৷ যদিহে 50 কেজিৰ ট্ৰায়েলত পৰাস্ত হয় তেন্তে 53 কেজিৰ ট্ৰায়েলতো দৌৰত থকাটো নিশ্চিত কৰিব বিচাৰে ৷'

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ অৰ্হতাৰ দৌৰৰ পৰা বাহিৰ বজৰং পুনিয়া আৰু ৰবি দহিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.