ETV Bharat / sports

বেট এৰি খেলপথাৰত ব্যস্ত ঋষভ পন্তে প্ৰকৃততে কৰিছে কি ? - RISHABH PANT BOWLED FIRST TIME

Cricketer Rishabh Pant: সামাজিক মাধ্যমত ভাইৰেল ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ এক বিশেষ ভিডিঅ’ ৷ এই ভিডিঅ’ই তোলপাৰ লগাইছে অনুৰাগীৰ মাজত ৷ সমগ্ৰ ঘটনা জানিবলৈ চাওক এই বিশেষ ভিডিঅ’টো ৷

RISHABH PANT BOWLED FIRST TIME
ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত (IANS PHOTOS)
author img

By ETV Bharat Sports Team

Published : Aug 18, 2024, 5:38 PM IST

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ লৈ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত বৰ্তমান চলিছে সৰৱ চৰ্চা ৷ যি ভিডিঅ’ত ভাৰতীয় ক্ৰিকেট তাৰকা ঋষভ পন্তক দেখা গৈছে অনন্য ৰূপত ৷ সততে খেলপথাৰত বেটছমেনৰ ৰূপত দেখা পোৱা ক্ৰিকেটাৰগৰাকীয়ে এইবেলি ধৰা দিছে আন এক ৰূপত ৷ যাক লৈ অনুৰাগীসকলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা তথা উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ব্যস্ত হৈ আছে দিল্লী প্ৰিমিয়াৰ লীগ 2024 ত ৷ পন্ত পুৰণি দিল্লী 6 ৰ অধিনায়কৰ দায়িত্বত আছে । পন্তৰ অধিনায়কত্বত থকা দলটো দিল্লী দক্ষিণ চুপাৰষ্টাৰৰ হাতত 3 উইকেটত পৰাজিত হয় । এই খেলখনত পূৰ্বে নেদেখা কিছু দৃশ্য দেখিবলৈ পোৱা যায় ৷

মেচখনত উইকেটকীপাৰ ঋষভ পন্তে বলিং কৰিছিল

এই মেচখনত পুৰণি দিল্লীয়ে প্ৰথমে বেট ধৰি সংগ্ৰহ কৰে 197 ৰাণ । যেতিয়া দিল্লী দক্ষিণ চুপাৰষ্টাৰসকলে এই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে 197 ৰাণত উপনীত হৈছিল, তেতিয়াই দেখা যায় পূৰ্বে নেদেখা এক দৃশ্য ৷ যিয়ে সকলোকে আচৰিত কৰি তোলে ।

প্ৰকৃততে যেতিয়া বিপক্ষৰ দলটোক জিকিবলৈ মাত্ৰ 1 ৰাণৰ প্ৰয়োজন হৈছিল, তেতিয়া কেপ্টেইন পন্তে বলিং কৰিবলৈ আগুৱাই আহে ৷ খেলুৱৈগৰাকীয়ে লেগ স্পিন বল দিয়া দেখা যায় ৷ তাৰপিছতো কিন্তু তেওঁ দলটোক জয়ৰ সোৱাদ দিবলৈ সক্ষম নহ’ল ৷

ঋষভ পন্ত তেওঁৰ সুন্দৰ উইকেটকীপিং আৰু অনন্য বেটিং কৌশলৰ বাবে জনাজাত । কিন্তু সকলোৱে তেওঁৰ বলিঙত আচৰিত হৈছিল । পন্তে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেতিয়াও বলিং কৰা নাই । আনকি টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়তো কেতিয়াও পন্তক বলিং কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবে এই ৰূপত ক্ৰিকেটাৰগৰাকীক দেখি সকলো ক্ৰিকেট অনুৰাগী আচৰিত হৈ পৰে ।

টীম ইণ্ডিয়াত স্থান অটুট ৰাখিবলৈ অলৰাউণ্ডাৰ হোৱাটো প্ৰয়োজন

প্ৰশিক্ষক গৌতম গম্ভীৰ, এদিনীয়া আৰু টেষ্ট অধিনায়ক ৰোহিত শৰ্মা আৰু টি-20 ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বহুবাৰ কৈছে যে, তেওঁলোকক দলটোত অধিক সংখ্যক অলৰাউণ্ডাৰৰ প্ৰয়োজন, যি সকলক মেচত দলৰ হৈ একাধিক কাম কৰা দেখা যায় । শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা টি-20 শৃংখলাটোত ৰিংকু সিঙেও সূৰ্যকুমাৰ যাদৱৰ সৈতে বলিং কৰি দখল কৰিছিল 2 টা উইকেট ৷ উক্ত সময়ত গৌতম গম্ভীৰে প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ এই সময়ত টীম ইণ্ডিয়াত যথেষ্ট প্ৰতিযোগী আছে, সেয়ে পন্তেও বলিং কৰি দলত এক সুকীয়া স্থান যোগ দিব বিচাৰে ৷

কেনেকুৱা হৈছিল দিল্লী প্ৰিমিয়াৰ লীগৰ প্ৰথমখন মেচ

ছিজনৰ প্ৰথমখন খেল ঋষভ পন্তৰ অধিনায়কত্বত পুৰণি দিল্লী 6 আৰু আয়ুষ বাডোনীৰ অধিনায়কত্বত দক্ষিণ দিল্লী চুপাৰষ্টাৰছৰ মাজত অনুষ্ঠিত হৈছিল । পুৰণি দিল্লী-6 য়ে মেচখনত সংগ্ৰহ কৰিছিল 197 ৰাণ । এই সময়চোৱাত পন্তে 32 টা বলত সংগ্ৰহ কৰে 35 ৰাণ । আয়ুষ বাডোনীয়ে 57 ৰাণৰ অৰ্ধশতক অৰ্জন কৰি তেওঁৰ দল দক্ষিণ দিল্লী চুপাৰষ্টাৰক 3 উইকেটত জয় প্ৰদান কৰে ।

লগতে পঢ়ক: পইণ্ট তালিকাত পঞ্চম স্থানলৈ উন্নীত দক্ষিণ আফ্ৰিকা: শীৰ্ষস্থান অটুট ভাৰতৰ - WTC RANKING 2023 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.