ETV Bharat / sports

পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টিকাৰী মনু ভাকৰক দিল্লী বিমানবন্দৰত বিপুল আদৰণি - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 7, 2024, 7:02 PM IST

Manu Bhakar Grand Welcome : শ্বুটিঙত দুটাকৈ অলিম্পিক পদক জয় কৰা মনু ভাকৰ ঘৰলৈ উভতি আহিছে । তেওঁক দিল্লী বিমানবন্দৰত ঢোলে-ডগৰে আদৰণি জনোৱা হয় । তেওঁৰ লগতে প্ৰশিক্ষক যশপাল ৰাণাকো ফুলৰ মালাৰে আদৰণি জনায় ৰাইজে ।

Manu Bhakar Grand Welcome
মনু ভাকৰক দিল্লী বিমানবন্দৰত বিপুল আদৰণি (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট : পেৰিছ অলিম্পিক, ২০২৪ত ইতিহাস সৃষ্টি কৰি দুটাকৈ অলিম্পিক পদক বিজয়ী মনু ভাকৰ দেশলৈ উভতি আহিছে । দেশৰ ভূমিত ভৰি দিয়াৰ লগে লগে দিল্লী বিমানবন্দৰত মনু ভাকাৰক উষ্ম আদৰণি জনোৱা হয় । তেওঁৰ সৈতে প্ৰশিক্ষক যশপাল ৰাণাও আছিল । হাৰিয়ানাৰ ঝাজ্জৰৰ বাসিন্দা মনু ভাকৰে পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰি দুটা পদক জয় কৰিছে । অলিম্পিক পদক বিজয়ী মনু ভাকৰক তেওঁৰ প্ৰশিক্ষক যশপাল ৰাণাৰ সৈতে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় ।

উল্লেখ্য, মনু ভাকৰৰ প্ৰশিক্ষক যশপাল ৰাণা মূলত উত্তৰাখণ্ডৰ বাসিন্দা । মনু ভাকৰৰ বিজয়ত তেওঁৰ এক ডাঙৰ অৱদান আছে । ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উত্তৰাখণ্ডৰ লোকসকলেও মনু ভাকৰ আৰু তেওঁৰ প্ৰশিক্ষক যশপাল ৰাণাক স্বাগতম জনোৱাৰ বাবে ঢোলে-ডগৰে উপস্থিত হয় । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মনু ভাকৰ আৰু তেওঁৰ প্ৰশিক্ষক যশপাল ৰাণাক আদৰণি জনোৱা হয় । মনুৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনে পোনে ক্ৰীড়া মন্ত্ৰণালয়লৈ যাব ।

মনুৱে মহিলাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ পিষ্টলত আৰু সৰৱজোত সিঙৰ সৈতে মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰে । একেখন অলিম্পিকত দুটাকৈ পদক জয় কৰা তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় । পেৰিছ অলিম্পিকৰ সামৰণী অনুষ্ঠানত মনু ভাকৰ হ'ব ভাৰতীয় দলৰ ধ্বজাবাহক । সেয়ে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া সামৰণী অনুষ্ঠানৰ বাবে মনু পুনৰ পেৰিছলৈ উভতি যাব ।

উল্লেখ্য যে ভাকৰে পেৰিছত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই গ্ৰীষ্মকালীন গেমছত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি বহু কৃতিত্ব অৰ্জন কৰে । ২২ বছৰীয়া শ্বুটাৰগৰাকীৰ বাবে পেৰিছ অলিম্পিক এক প্ৰকাৰে মুক্তিৰ দিন আছিল । ২০২১ চনত টকিঅ’ অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ অৰ্হতা ৰাউণ্ডৰ সময়ত তেওঁৰ বন্দুকৰ বিজুতি ঘটিছিল, যাৰ ফলত সময় হেৰুৱাইছিল । তেওঁৰ ওচৰত নিজৰ শ্ব’ট সম্পূৰ্ণ কৰিবলৈ অতি কম সময় আছিল । চূড়ান্ত ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় শীৰ্ষ আঠত স্থানত লাভ তেওঁ ব্যৰ্থ হয় ৷ প্ৰতিযোগিতাখনত তেওঁ ১২ নম্বৰ স্থানত থাকে ৷

লগতে পঢ়ক :আপুনি চেম্পিয়নৰো চেম্পিয়ন, প্ৰতিগৰাকী ভাৰতীয়ৰ অনুপ্ৰেৰণা : বিনেশ ফোগাটক প্ৰধানমন্ত্ৰীৰ সান্ত্বনা - Paris Olympics 2024
লগতে পঢ়ক :ৰাষ্ট্ৰীয় জেভেলিন নিক্ষেপ দিৱস: গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ কৃতিত্বৰ উদযাপন - National Javelin Throw Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.