ETV Bharat / sports

27 লাখ টকা দৰমহা, 50 দিনৰ ছুটী; চাকৰি বিচাৰি থকাসকলে কৰিব পাৰে আবেদন

Hotel job: হোটেলত কাম কৰিবলৈ আগ্ৰহী নেকি ? তেন্তে আছে বৃহৎ অফাৰ ৷

author img

By ETV Bharat Sports Team

Published : Oct 11, 2024, 4:03 PM IST

CRISTIANO RONALDO
ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (IANS Photo & ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: সাম্প্ৰতিক সময়ত ৰাজ্য ভৰি পৰিছে লক্ষাধিক নিবনুৱাৰে ৷ য’ৰ প্ৰায়খিনিয়েই শিক্ষিত নিবনুৱা ৷ কিন্তু তাৰমাজতে এটা ভাল খবৰ ৷ হোটেল ক্ষেত্ৰত কাম কৰিবলৈ বিচাৰি থকা লোকৰ বাবে আছে এই সুখবৰ ৷

সকলোৱে জানে যে, বিশ্বৰ অন্যতম ধনী তথা জনপ্ৰিয় ফুটবলাৰ হৈছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷ পৰ্তুগীজ ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো বিশ্বৰ সৰ্বাধিক দৰমহা লাভ কৰা খেলুৱৈ হিচাপে পৰিচিত । 39 বছৰীয়া ৰ’নাল্ডো ফুটবলৰ উপৰিও বিভিন্ন উদ্যোগৰ সৈতে জড়িত ৷ তাৰ ভিতৰত এটা হৈছে হোটেল উদ্যোগ ৷

2015 চনৰ পৰাই তাৰকাযুক্ত হোটেলৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আহিছে পৰ্তুগীজ ফুটবলাৰ ৰ’নাল্ডো । পেষ্টানা হোটেল গ্ৰুপৰ সৈতে হোটেল ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ফুটবলাৰগৰাকী । খবৰ অনুসৰি, ৰ’নাল্ডোৱে প্ৰায় 3 কোটি পাউণ্ড ধন এইক্ষেত্ৰত বিনিয়োগ কৰিছে ।

ৰ’নাল্ডোৱে পৰ্তুগালৰ মেট্ৰিয়াৰ ফুনচালত পেষ্টানা চি আৰ 7 গ্ৰেন ভিয়া নামেৰে প্ৰথমখন হোটেল গ্ৰাহকৰ বাবে মুকলি কৰিছিল । বৰ্তমান মাদ্ৰিদ, ফুনচাল, লিছবন, মাৰাকেচ আৰু নিউয়ৰ্কৰ দৰে বিশ্বৰ আগশাৰীৰ চহৰসমূহত আছে ৰ’নাল্ডোৰ হোটেল ।

ৰ’নাল্ডোৰ পেষ্টানা চি আৰ 7 গ্ৰেন ভিয়া হোটেল বিশ্বৰ পাঁচখন অন্যতম ধনী চহৰত সফলতাৰে চলি আছে । সম্প্ৰতি মাদ্ৰিদৰ চাৰি তাৰকাযুক্ত হোটেলখনৰ বিভিন্ন পদত নিযুক্তিৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন । ওৱেটাৰ, ছুপাৰভাইজাৰ, ৰিচেপচ’নিষ্ট, বাৰ এচিষ্টেণ্ট, জুনিয়ৰ ওৱেটাৰৰ খালী পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন ৷

প্ৰয়োজনীয় অৰ্হতা

পেষ্টানা গ্ৰেন ভিয়া হোটেলত যোগদান কৰিবলৈ প্ৰাৰ্থীৰ নিজ নিজ ক্ষেত্ৰত শিক্ষা আৰু কৰ্ম অভিজ্ঞতা থকা দৰকাৰ ৷ তদুপৰি প্ৰাৰ্থীসকলৰ থাকিব লাগিব সলসলীয়াকৈ ইংৰাজী ক’ব আৰু লিখিব পৰা দক্ষতা ৷ স্থায়ী আৰু ঠিকাভিত্তিকভাৱে হোটেলত যোগদান কৰিব বিচৰাসকলক আবেদন কৰিবলৈ প্ৰদান কৰা হৈছে পৰামৰ্শ ৷

দৰমহা কিমান ?

এই চাকৰিৰ বাবে শুনিলেই লোভ লগা ধৰণৰ দৰমহা আগবঢ়োৱা হৈছে ৷ ৰ’নাল্ডোৰ হোটেলত কাম কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলক ভাৰতীয় টকাৰ হিচাপত দিয়া হ’ব 27 লাখ 50 হাজাৰ টকাৰ দৰমহা ৷ লগতে আছে 50 দিনৰ ছুটী, জন্মদিনৰ বোনাছ, সকলো হোটেলৰ বাৰ আৰু ৰেষ্টুৰেণ্টত 50 শতাংশ ৰেহাই আৰু বিনামূলীয়া বীমাৰ সুবিধা ৷

শেহতীয়াকৈ ইউ টিউব প্লেটফৰ্মত যোগদান কৰা ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে বিভিন্ন কৃতিত্ব অর্জন কৰি ইউ টিউব প্লেটফৰ্মত সৰ্বাধিক ফ’ল’ৱাৰ্ছ থকা ব্যক্তিত পৰিগণিত হৈছে ৷ 39 বছৰীয়া ৰ’নাল্ডোৱে বৰ্তমান ইউ এফ এ নেশ্যনছ লীগৰ বাবে প্ৰশিক্ষণ লৈ আছে । এই লীগত পৰ্তুগালে পোলেণ্ড আৰু স্কটলেণ্ডৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: বিশ্বৰ সৰ্বাধিক ফ’লৱাৰ্ছ থকা ব্যক্তি হিচাপে অভিলেখ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ - RONALDO 1 BILLION FOLLOWERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.