ETV Bharat / sports

ৰ’নাল্ডোৱে এদিনত ইউ টিউবৰ পৰা কিমান টকা উপাৰ্জন কৰিছিল ? জানক সমগ্ৰ তথ্য - CRISTIANO RONALDO YOUTUBE EARNINGS

author img

By ETV Bharat Sports Team

Published : Aug 22, 2024, 5:50 PM IST

Cristiano Ronaldo Youtube Income: কিংবদন্তী ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে নিজৰ ইউ টিউব চেনেল মুকলি কৰি ভংগ কৰিছে সকলো বিশ্ব অভিলেখ । এই খেলুৱৈগৰাকীয়ে তেওঁৰ ইউ টিউব চেনেলৰ পৰা এদিনত কিমান উপাৰ্জন কৰিছে ? জানিলে আচৰিত হৈ পৰিব আপুনিও ৷

CRISTIANO RONALDO YOUTUBE EARNINGS
কিংবদন্তী ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে নিজৰ ইউ টিউব চেনেল মুকলি কৰি সৃষ্টি কৰিছে এক আলোড়ন । জনপ্ৰিয় ফুটবলাৰগৰাকী পৃথিৱীৰ আটাইতকৈ বিখ্যাত ব্যক্তিসকলৰ মাজৰে এজন বুলি তেওঁৰ জনপ্ৰিয়তাই আকৌ এবাৰ প্ৰমাণ কৰিলে । কেৱল সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰে নহয়, বৰ্তমান এগৰাকী চেলিব্ৰিটীত পৰিণত হৈছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷

ইয়াৰ অৰ্থ হৈছে নতুনকৈ সৃষ্টি কৰা ইউ টিউব চেনেলৰ প্ৰাৰম্ভিক সফলতা দেখি কোনো আচৰিত নহয় । তথ্য অনুসৰি, আল-নাছৰ হৈছে ফৰৱাৰ্ড চৌদি প্ৰ’ লীগৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ । একে সময়তে ৰ’নাল্ডোৱে ইতিমধ্যে এণ্ডোৰ্চমেণ্ট আৰু বিভিন্ন ব্ৰেণ্ডৰ পৰা যথেষ্ট ধন উপাৰ্জন কৰিছে । সম্প্ৰতি জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে "ইউ আৰ ক্ৰিষ্টিয়ানো" নামৰ ইউ টিউব চেনেলটো মুকলি কৰি অধিক উপাৰ্জন কৰিবলৈ সাজু হৈছে ।

90 মিনিটত 1 নিযুত গ্ৰাহক

ৰ’নাল্ডোৰ ইউ টিউব চেনেলটো আকস্মিকভাৱে মুকলি কৰা হয় ৷ অনুৰাগীসকলৰ জ্ঞাতাৰ্থে প্ৰথমদিনা চেনেলটোত আপলোড কৰা হৈছিল 12 টাকৈ ভিডিঅ’ । ফুটবলৰ খেলপথাৰত অভিলেখ ভংগ কৰাৰ বাবে ইতিমধ্যে ৰ’নাল্ডো জনাজাত যদিও ইউ টিউবৰ ক্ষেত্ৰতো সকলো অভিলেখ ভংগ কৰে 39 বছৰীয়া খেলুৱৈগৰাকীয়ে ৷

বুধবাৰে নিজৰ ইউ টিউব চেনেল মুকলিৰ প্ৰায় 90 মিনিটৰ ভিতৰতে চেনেলটো চাচক্ৰাইব কৰে এক মিলিয়ন(10,00,000) গ্ৰাহকে ৷ যিয়ে অতি কম সময়ৰ ভিতৰতে ইউ টিউবত কোনো চেনেল চাচক্ৰাইব কৰা সৰ্বাধিক গ্ৰাহকৰ অভিলেখ ভংগ কৰে ৷

ইউ টিউবৰ পৰা এদিনত কিমান উপাৰ্জন কৰিলে ৰ’নাল্ডোৱে ?

ৰ’নাল্ডোৱে তেওঁৰ নতুনকৈ মুকলি কৰা ইউ টিউব চেনেলটোৰ পৰা বহু পৰিমাণৰ ধনৰাশি উপাৰ্জনৰ দিশে আগবাঢ়ি আছে ৷ সম্প্ৰতি জনপ্ৰিয় ফুটবলাৰগৰাকীৰ নতুন ইউ টিউব চেনেলটোৱে আলোড়ন কৰিছে সমগ্ৰ বিশ্বতে ৷ খেলুৱৈগৰাকীয়ে এই চেনেলৰ জৰিয়তে বৰ্তমানলৈকে কিমান পৰিমাণৰ ধন উপাৰ্জন কৰিলে, তাৰেই ওপৰতে এতিয়া দৃষ্টি আৱদ্ধ সমগ্ৰ বিশ্বৰ ৷

ৰ’নাল্ডোৱে এতিয়ালৈকে তেওঁৰ চেনেলত আপলোড কৰিছে 19 টা ভিডিঅ’ ৷ এই ভিডিঅ’বোৰে এতিয়ালৈকে প্ৰায় 60 মিলিয়ন ভিউজ লাভ কৰিছে । থিংক অফৰ প্ৰতিবেদন অনুসৰি, এগৰাকী ইউ টিউবাৰে প্ৰতি 1 নিযুত ভিউজত 6000 ডলাৰলৈকে উপাৰ্জন কৰে ।

এনে পৰিস্থিতিত, ৰ’নাল্ডোৱে বৰ্তমানলৈকে ইউ টিউবৰ পৰা প্ৰায় 3,60,000 ডলাৰ(ভাৰতীয় টকাৰ হিচাপত প্ৰায় 3 কোটি 2 লাখ টকা) উপাৰ্জন কৰিছে । ৰ’নাল্ডোৰ উপাৰ্জনৰ এই পৰিমাণ প্ৰতি ঘণ্টাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

সৰ্বাধিক উপাৰ্জন কৰা এথলীট

উপাৰ্জনৰ ক্ষেত্ৰত ৰ’নাল্ডো সম্প্ৰতি অন্যান্য চেলিব্ৰিটীতকৈ বহু পৰিমাণে আগবাঢ়ি আছে । তেওঁ বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা এথলীট । তেওঁ এক বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰা প্ৰথমগৰাকী ফুটবল খেলুৱৈ । তথ্য অনুসৰি, ৰ’নাল্ডোৰ মুঠ সম্পত্তি 800 নিযুত ডলাৰৰ পৰা আৰম্ভ কৰি 950 নিযুতৰ ডলাৰৰ ভিতৰত হোৱাৰ অনুমান প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: খেলপথাৰতে নহয়, আন এক ক্ষেত্ৰতো অভিলেখ গঢ়িলে জনপ্ৰিয় তাৰকা ফুটবলাৰ ৰ‘নাল্ডোৱে - CRISTIANO RONALDO YOUTUBE CHANNEL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.