স্প’ৰ্টছ ডেস্ক: অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বাওঁহতীয়া ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞাৰ সিদ্ধান্ত উঠাই লোৱা হৈছে । 2018 চনত বল টেম্পাৰিঙৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত নিষিদ্ধ কৰা হৈছিল ৱাৰ্ণাৰক ।
এই নিষেধাজ্ঞাৰ বাবে ৱাৰ্ণাৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাছিল ৷ লগতে কোনো প্ৰতিযোগিতাৰ লীগ মেচত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷
🚨 DAVID WARNER'S LIFE TIME BAN FOR LEADERSHIP HAS BEEN LIFTED 🚨
— Johns. (@CricCrazyJohns) October 25, 2024
- Warner can lead in BBL 2024-25...!!!! pic.twitter.com/gtubcQJcIA
37 বছৰীয়া ৱাৰ্ণাৰে তিনিজনীয়া পেনেলৰ সন্মুখত তেওঁৰ গোচৰটো উপস্থাপন কৰিছিল, য’ত নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে প্ৰয়োজনীয় সকলো চৰ্ত পূৰণ কৰিব পাৰিছিল খেলুৱৈগৰাকীয়ে ।
ৱাৰ্ণাৰে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা নাই ৷ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত ৱাৰ্ণাৰে বিগ বেছ লীগ দল ছিডনী থাণ্ডাৰৰ নেতৃত্বৰ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে ।
David Warner reflected on his on-field conduct following the 2018 Cape Town incident.
— cricket.com.au (@cricketcomau) October 25, 2024
His lifetime leadership ban has been lifted. Details: https://t.co/f4HCCSk6eK pic.twitter.com/wg36mVfdEb
সমগ্ৰ ঘটনাটো কি আছিল ?
বিগত 2018 চনত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ গৈছিল । তাত ৱাৰ্ণাৰে অধিনায়ক ষ্টিভ স্মিথ আৰু কেমেৰুন বেনক্ৰফ্টৰ সৈতে পিনটো স্ক্ৰেপ কৰি বলৰ পৃষ্ঠ সলনি কৰিবলৈ চেষ্টা কৰিছিল । যাতে বলাৰসকলে খেলখনত সুবিধা লাভ কৰিব পাৰে । অৱশ্যে ইয়াৰ পিছতে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ।
🚨 DAVID WARNER'S LEADERSHIP BAN LIFTED...!!!! 🚨
— Tanuj Singh (@ImTanujSingh) October 25, 2024
- David Warner's has been cleared to again hold leadership positions, his ban now lifted. pic.twitter.com/9cjyqeReZK
ৱাৰ্ণাৰ 2018 চনৰ চেণ্ডপেপাৰ-গেট কেলেংকাৰীৰ মূল অভিযুক্ত আছিল ৷ সেই সময়ৰ অধিনায়ক ষ্টিভ স্মিথ আৰু কেমেৰুন বেনক্ৰফ্টৰ সৈতে বলৰ পৃষ্ঠ অবৈধভাৱে সলনি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল ৱাৰ্ণাৰ ৷ যাৰ বাবে ডেভিদ ৱাৰ্ণাৰৰ দৰে আগশাৰীৰ খেলুৱৈগৰাকীক এবছৰৰ বাবে নিলম্বন কৰাৰ লগতে অধিনায়কৰ দায়িত্বৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷
David Warner set to lead Sydney Thunder after Cricket Australia revoked his lifetime ban on leadership. pic.twitter.com/nnpMTfO7Xq
— Mufaddal Vohra (@mufaddal_vohra) October 25, 2024