ETV Bharat / sports

বিতৰ্কিত প্ৰেম কাহিনীৰে সংবাদ শীৰ্ষত থকা ভাৰতীয় ক্ৰিকেটাৰসকল - INDIAN CRICKETERS LOVE AFFAIRS

author img

By ETV Bharat Sports Team

Published : Aug 26, 2024, 3:14 PM IST

Controversial love affairs of Indian cricketers: সময়ে সময়ে একাংশ ক্ৰিকেটাৰৰ বিতৰ্কিত প্ৰেম কাহিনীয়ে দখল কৰে সংবাদ মাধ্যম ৷ ভাৰতৰো এনে একাংশ ক্ৰিকেটাৰ আছে, যাৰ প্ৰেম কাহিনীয়ে বিতৰ্কৰ সূত্ৰপাত ঘটোৱাৰ লগতে অনুৰাগীৰ মাজত চৰ্চা লাভ কৰা দেখা যায় ৷ এনে 7 গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম জানেনে ?

INDIAN CRICKETERS LOVE AFFAIRS
ভাৰতীয় ক্ৰিকেটাৰৰ বিতৰ্কিত প্ৰেম কাহিনী (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট: ভাৰতীয় ক্ৰিকেটত এনে বহুতো ক্ৰিকেটাৰে জন্মগ্ৰহণ কৰিছে, যিসকলে ভাৰতৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে । কিন্তু এনে বহুকেইগৰাকী ক্ৰিকেটাৰ আছে, যিয়ে বিপক্ষৰ খেলুৱৈক খেলপথাৰত কন্দুৱাইছিল ৷

বহুকেইগৰাকী ক্ৰিকেটাৰ আকৌ তেওঁলোকৰ প্ৰেম কাহিনীৰ বাবে বিখ্যাত হৈ পৰিছিল । এই প্ৰতিবেদনত এনে কেইগৰাকীমান ভাৰতীয় ক্ৰিকেটাৰৰ কথা উল্লেখ কৰা হৈছে, যিসকলে তেওঁলোকৰ বিতৰ্কিত প্ৰেমৰ সম্পৰ্কৰ বাবে শিৰোনামলৈ আহিছিল ।

ভাৰতীয় ক্ৰিকেটাৰসকলৰ বিতৰ্কিত প্ৰেম কাহিনী

  1. মহম্মদ আজহাৰউদ্দিন: ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা হায়দৰাবাদ নিবাসী মহম্মদ আজহাৰউদ্দিনৰ প্ৰেম জীৱনত সদায়ে বিতৰ্কৰ সূত্ৰপাত ঘটা দেখবলৈ পোৱা গৈছে । প্ৰাক্তন ক্ৰিকেটাৰগৰাকী দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল যদিও কোনো এখন বিবাহে স্থায়ী নহ’ল । ক্ৰিকেটাৰগৰাকীয়ে প্ৰথমে নৌৰিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, যাৰ সৈতে তেওঁৰ দুটা সন্তান আছিল । ইয়াৰ পিছত বলীউডৰ অভিনেত্ৰী সংগীতা বিজলানিৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়টোৱে সেই সময়ত যথেষ্ঠ চৰ্চা লাভ কৰিছিল ৷ তেওঁ 1996 চনত প্ৰথমা পত্নীক এৰি অভিনেত্ৰীগৰাকীক বিয়া কৰায় । ইফালে সংগীতা বিজলানিয়ে আজহাৰউদ্দিনৰ পূৰ্বে চলমান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ গুজৱ ওলাইছিল ৷ ফিক্সিংঙৰ বাবে ক্ৰিকেটাৰজনৰ কেৰিয়াৰৰ সমাপ্তি ঘটিছিল ।
  2. দীনেশ কাৰ্তিক: ভাৰতৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকক তেওঁৰে বন্ধুৱে প্ৰতাৰণা কৰিছিল । ক্ৰিকেটাৰগৰাকীৰ প্ৰেম জীৱনতো সময়ে সময়ে বহু বিতৰ্ক চলে ৷ কাৰ্তিকৰ প্ৰথমা পত্নী নিকিতাৰ ভাৰতীয় ক্ৰিকেটাৰ মুৰলী বিজয়ৰ সৈতে সম্পৰ্ক আছিল, যি দীনেশ কাৰ্তিকৰ বন্ধু আছিল । ইয়াৰ পিছতে কাৰ্তিক আৰু নিকিতাৰ বিবাহ বিচ্ছেদ ঘটে আৰু দীনেশ কাৰ্তিকে ভাৰতৰ স্কোয়াছ খেলুৱৈ দীপিকা পাল্লিকালৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।
  3. মহম্মদ ছামী: ভাৰতৰ তাৰকা পেচাৰ মহম্মদ ছামীৰ প্ৰেম জীৱন বিতৰ্কৰ লগতে বহুতো সমস্যাৰে আৱৰি আছে । ছামীয়ে 2014 চনত কলকাতাৰ মডেল তথা অভিনেত্ৰী হাছিন জাহানক বিয়া কৰাইছিল । পৰৱৰ্তী সময়ত পত্নী জাহানে স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসা, ধৰ্ষণ আৰু আন মহিলাৰ সৈতে সম্পৰ্কৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে । ছামী 2015 চনত পিতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল যদিও সম্প্ৰতি তেওঁ পত্নীৰ পৰা পৃথক হয় । এই সময়ছোৱাত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে বহুতো সমস্যাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছিল ৷ সম্প্ৰতি ছামীৰ নাম ছানিয়া মিৰ্জাৰ লগতে আন অভিনেত্ৰীৰ সৈতেও সাঙোৰ খোৱা দেখা যায় ৷
  4. বিনোদ কাম্বলী: ভাৰতৰ প্ৰাক্তন বাওঁহতীয়া অপেনাৰ আৰু শচীন তেণ্ডুলকাৰৰ বন্ধু বিনোদ কাম্বলীৰ প্ৰেম জীৱনো বিতৰ্কৰ দ্বাৰা আচ্ছন্ন হৈ পৰে । কাম্বলী 1998 চনত নোয়েলা লুইছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । পৰৱৰ্তী সময়ত মডেল এণ্ড্ৰিয়া হেউইটৰ সৈতেও ক্ৰিকেটাৰগৰাকীৰ সম্পৰ্ক আছিল বুলি জনা যায় ৷ প্ৰথমা পত্নীৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে হেউইটৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় ৷ সম্প্ৰতিও বহু সমস্যাৰ মাজেৰে খেলুৱৈগৰাকীয়ে জীৱনটো অতিবাহত কৰিবলগীয়া হৈছে ৷
  5. সৌৰভ গাংগুলী: টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বাওঁহতীয়া বেটছমেন সৌৰভ গাংগুলীৰ প্ৰেম জীৱনতো সময়ে সময়ে দেখা গৈছে বহু বিতৰ্ক ৷ গাংগুলীয়ে 1997 চনত পৰিয়ালৰ বিৰুদ্ধে গৈ ডোনাক বিয়া কৰায় । সেই সময়ত সৌৰভ বলীউড তথা দক্ষিণৰ অভিনেত্ৰী নাগমাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি চলিছিল সৰৱ চৰ্চা ৷ এই খবৰ শুনাৰ পিছত পত্নী ডোনাই স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছিল, যদিও প্ৰকৃতাৰ্থত সেয়া হৈ নুঠিল ৷ সৌৰভৰ পত্নীয়ে এই দুয়োটা বিষয়ক উৰাবাতৰি বুলি অভিহিত কৰি গোটেই বিষয়টোৰ সামৰণি মাৰে ৷
  6. জাৱাগল শ্ৰীনাথ: ভাৰতৰ প্ৰাক্তন দ্ৰুত বলাৰ জাৱাগল শ্ৰীনাথৰ প্ৰেম জীৱনো বিতৰ্কিত হৈ আহিছে । তেওঁ 1999 চনত জ্যোৎস্নাক বিয়া কৰাইছিল । বিবাহৰ পিছত পুনৰ তেওঁ মাধৱী পাত্ৰাৱলী নামৰ এগৰাকী সাংবাদিকৰ প্ৰেমত পৰে আৰু পত্নীৰ সৈতে এৰা-এৰি হয় ৷ ইয়াৰ পিছত তেওঁ 2008 চনত মাধৱীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । আজিকালি শ্ৰীনাথক খেলপথাৰত মেচ ৰেফাৰী হিচাপে দেখা যায় ।
  7. হাৰ্দিক পাণ্ডিয়া: ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ প্ৰেম জীৱনো যথেষ্ট বিতৰ্কিত ৷ অলপতে ক্ৰিকেটাৰগৰাকীৰ ছাৰ্বিয়ান মডেল, অভিনেত্ৰী পত্নী নাতাশা ষ্টানক’ভিচৰ সৈতে বিবাহ বিচ্ছেদ ঘটে । শেহতীয়াকৈ হাৰ্দিকৰ নাম ব্ৰিটিছ গায়িকা জেছমিন ৱালিয়াৰ সৈতে জড়িত হৈ আছে । হাৰ্দিক পাণ্ডিয়াৰ এটা পুত্ৰও আছে ।

লগতে পঢ়ক: কৃতি সেনন, আয়ুষ্মান খুৰানা আৰু বাদশ্বাহৰ অনুষ্ঠানৰে মুকলি ইউ পি টি-২০ লীগ - UP T20 LEAGUE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.