ETV Bharat / sports

দুয়োখন হাত নাই: পিছে পেৰালিম্পিকত অংশগ্ৰহণ কৰি সাঁতোৰত জিনিলে স্বৰ্ণপদক - SWIMMING WITHOUT HANDS

author img

By ETV Bharat Sports Team

Published : Sep 4, 2024, 6:12 PM IST

Brazilian swimmer Without Hand: কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ দ্বাৰা কৃতিত্ব অৰ্জন কৰা ভিন্নক্ষেত্ৰৰ বহু নাম আমি সততে দেখিবলৈ পাওঁ ৷ পেৰিছ পেৰালিম্পিকত এনে এগৰাকী খেলুৱৈয়ে নিজৰ সংগ্ৰামৰ অব্যাহত ৰাখি সাঁতোৰত দখল কৰিছে স্বৰ্ণ পদক ৷ কিন্তু কি কাৰণে খেলুৱৈগৰাকী বিশেষ, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

SWIMMING WITHOUT HANDS
ব্ৰাজিলিয়ান সাঁতোৰবিদ গেব্ৰিয়েল গেৰাল্ডো (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: অলিম্পিক আৰু পেৰালিম্পিকৰ দৰে বিশ্বমানৰ ক্ৰীড়াত আছে উৎকৃষ্ট খেলুৱৈৰ বহু উদাহৰণ ৷ তেনে এটা উদাহৰণ হৈছে এগৰাকী ব্ৰাজিলিয়ান সাঁতোৰবিদ । পেৰালিম্পিকত এনে বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে, যিসকল শাৰিৰীকভাৱে সক্ষম নহয় ৷ এনে এক খেলুৱৈয়ে ব্ৰাজিলৰ হৈ সাঁতোৰত অংশগ্ৰহণ কৰি অৰ্জন কৰিছে স্বৰ্ণপদক ৷

পূৰ্বে 7 মাহৰ গৰ্ভৱতী হোৱা স্বত্বেও ইজিপ্তৰ এগৰাকী খেলুৱৈয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷

পিছে ব্ৰাজিলৰ খেলুৱৈগৰাকী কিছু সুকীয়া এইক্ষেত্ৰত ৷ খেলুৱৈগৰাকীয়ে পেৰালিম্পিকত অংশগ্ৰহণ কৰাই নহয়, জিকিছে পদকো । পেৰিছ পেৰালিম্পিকৰ সাঁতোৰত ভাৰতৰ মহিলা স্পিডষ্টাৰ শীতল দেৱীৰ লগতে আন আন দেশৰ সাঁতোৰবিদসকলেও অংশগ্ৰহণ কৰিছে ৷ পিছে কেতিয়াবা ভাবি চাইছেনে যে দুয়োখন হাত অবিহনে সাঁতোৰ কেনেকৈ সম্ভৱ ?

সকলোৱে ভবা এই কথাটোক মিছা প্ৰতিপন্ন কৰি ব্ৰাজিলৰ এইগৰাকী খেলুৱৈয়ে সাঁতোৰত অংশগ্ৰহণ কৰি দখল কৰিছে স্বৰ্ণপদক ৷ ব্ৰাজিলৰ এইগৰাকী সাঁতোৰবিদৰ নাম গেব্ৰিয়েল গেৰাল্ডো ৷ গেৰাল্ডোৱে পেৰিছ পেৰালিম্পিকত তৃতীয়টো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰাই নহয়, প্ৰমাণ কৰিছিল যে দুয়োখন হাতৰ অবিহনেও সাঁতোৰা সম্ভৱ ৷ খেলুৱৈগৰাকীয়ে তৃতীয়টো সোণৰ পদক অৰ্জন কৰাৰ পিছত উপস্থিত থকা দৰ্শকসকলে থিয় হৈ হাত চাপৰিৰে অভিনন্দন জ্ঞাপন কৰে ৷

গেব্ৰিয়েল এজন 22 বছৰীয়া সাঁতোৰবিদ, যাৰ দুয়োখন হাত নাই ৷ তেওঁ 100 মিটাৰ বেকষ্ট্ৰোক আৰু 50 মিটাৰ বেকষ্ট্ৰোকত স্বৰ্ণ জয় কৰাৰ পিছত 200 মিটাৰ ফ্ৰী-ষ্টাইলৰ এছ 2 শাখাত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰে । গেব্ৰিয়েল গেৰাল্ডোৱে 3 মিনিট 58.92 ছেকেণ্ড সময়ত 200 মিটাৰ ফ্ৰী-ষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে ৷ গেব্ৰিয়েলে টকিঅ’ পেৰালিম্পিক 2020 ত দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰিছিল ৷

তাৎপৰ্যপূৰ্ণভাৱে, এছ 2 শাখাত হাত বা ভৰিত আঘাতপ্ৰাপ্ত সাঁতোৰবিদসকলে অংশগ্ৰহণ কৰে ৷ এই সাঁতোৰবিদসকলৰ অধিকাংশই বাহু আৰু কান্ধৰ দ্বাৰা উৎপন্ন শক্তি ব্যৱহাৰ কৰি সাঁতোৰ প্ৰদৰ্শন কৰে ৷ তেনে এগৰাকী খেলুৱৈ হৈছে ভাৰতৰ শীতল দেৱী, যিয়ে দুয়োখন হাতৰ অবিহনে পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক জিকি সকলোকে আচৰিত কৰে ।

লগতে পঢ়ক: পেৰিছত ভংগ টকিঅ’ পেৰালিম্পিকৰ অভিলেখ: সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.