ETV Bharat / sports

টীম ইণ্ডিয়াৰ বাবে সুখবৰ; এডিলেইডৰ দ্বিতীয় টেষ্টৰ পৰা বাহিৰ জছ হেজলউড - BORDER GAVASKAR TROPHY 2024 25

India vs Australia 2nd test: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টৰ পূৰ্বে দলৰ পৰা বাহিৰ হৈছে অষ্ট্ৰেলিয়াৰ খেলুৱৈ জছ হেজলউড ৷

BORDER GAVASKAR TROPHY 2024 25
অষ্ট্ৰেলিয়াৰ টেষ্ট দল (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 30, 2024, 1:27 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব 6 ডিচেম্বৰৰ পৰা ৷ এডিলেইডত অনুষ্ঠিত হ’বলগা এই দিবা-নৈশ মেচখনৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে দল ৷

কিন্তু মেচৰ পূৰ্বে ঘৰুৱা দলটোৰ সন্মুখত দেখা দিছে আন এক প্ৰত্যাহ্বানে ৷ দলটোৰ ফাষ্ট বলাৰ জছ হেজলউড আঘাতৰ সমস্যাৰ বাবে বাহিৰ হৈছে দ্বিতীয় টেষ্টৰ পৰা ৷

তাৰ বাবে অষ্ট্ৰেলিয়াৰ দলটোত কিছু সালসলনি কৰা হৈছে ৷ আঘাতপ্ৰাপ্ত হেজলউডৰ স্থানত শ্বেন এবট আৰু ব্ৰেণ্ডন ডগেটক দলত স্থান দিয়া হৈছে ৷

হেজলউডৰ অনুপস্থিতি দলটোৰ বাবে বৃহৎ আঘাত

খেলুৱৈগৰাকী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি ক্ৰিকেট অষ্ট্ৰেলিয়াই এক বিবৃতিত প্ৰকাশ কৰিছে ৷ সুস্থ হৈ উঠিবলৈ আৰু শৃংখলাটোৰ বাকী মেচসমূহৰ বাবে প্ৰস্তুতি কৰিবলৈ ক্ৰিকেটাৰগৰাকী এডিলেইডত দলৰ সৈতে থকাটো নিশ্চিত হৈছে ।

ভাৰতৰ বিৰুদ্ধে ঘৰুৱা টেষ্টত হেজলউডৰ এয়া প্ৰথম অনুপস্থিতি । পাৰ্থত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত হেজলউডে অষ্ট্ৰেলিয়াৰ হৈ শ্ৰেষ্ঠ বলিং কৰিছিল ৷ খেলুৱৈগৰাকীয়ে 34 অভাৰত 57 ৰাণ ব্যয় কৰি দখল কৰিছিল 5 টা উইকেট ৷

জছ হেজলউডৰ স্থানত কোন ?

দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ স্কট বোলেণ্ডে হেজলউডৰ স্থান লোৱাৰ সম্ভাৱনা আছে । 2021 চনৰ ডিচেম্বৰত যেতিয়া ভাৰতে শেষবাৰৰ বাবে এডিলেইডত পিংক বলৰ দিবা-নিশা টেষ্টত অংশগ্ৰহণ কৰিছিল, তেতিয়া ফাষ্ট বলাৰ হেজলউডে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ।

সেই খেলখনত তেওঁ 5 অভাৰত 8 ৰাণৰ বিনিময়ত দখল কৰিছিল 5 টা উইকেট ৷ ইয়াৰে ভিতৰত তিনিটা মেডেন আছিল আৰু ভাৰত 9 উইকেটত সংগ্ৰহ কৰিছিল 36 ৰাণ ৷

এডিলেইড টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ সংশোধিত দলটো

পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড, এলেক্স কেৰী, ট্ৰেভিছ হেড, জছ ইংগলিছ, উছমান খাৱাজা, মাৰ্নাছ লাবুচাগনে, নাথান লিয়ন, মিচেল মাৰ্শ, নাথান মেকচুইনি, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, বো ৱেবষ্টাৰ, শ্বেন এবট আৰু ব্ৰেণ্ডন ডগেট ।

লগতে পঢ়ক: টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তন তাৰকা বেটছমেনৰ; এডিলেইডত অনুষ্ঠিত টেষ্টত কৰিব অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.