ETV Bharat / sports

ছানিয়া আৰু ছোৱেবৰ বিবাহ বিচ্ছেদ কেইমাহমানৰ পূৰ্বে হৈছে : ছানিয়া মিৰ্জাৰ ভগ্নী

author img

By ANI

Published : Jan 21, 2024, 2:04 PM IST

Shoaib Malik marriage: ছানিয়া মিৰ্জাৰ পৰিয়ালৰ লোকে ছোৱেব মালিকৰ লগত ছানিয়াৰ বিবাহ বিচ্ছেদৰ খবৰ নিশ্চিত কৰিছে ৷ লগতে ছানা জাভেদৰ সৈতে তেওঁৰ নতুন বিবাহৰ বাবে ছোৱেবক শুভকামনা জনাইছে ।

Shoaib Malik marriage
ছানিয়া আৰু ছোৱেবৰ বিবাহ বিচ্ছেদ কেইমাহমানৰ পূৰ্বে হৈছে : ছানিয়া মিৰ্জাৰ ভগ্নী

স্পৰ্টছ ডেস্ক, 21 জানুৱাৰী: সম্প্ৰতি পুনৰ চৰ্চাত আছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেব মালিকৰ তৃতীয় বিবাহৰ খবৰ ৷ প্ৰাক্তন ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ লগত বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে ছোৱেবে বিবাহত বহা বুলি খবৰ ওলাইছিল ৷ ইয়াৰ পিচতে ছানিয়া মিৰ্জাৰ পৰিয়ালৰ লোকে নিশ্চিত কৰিলে ছানিয়া-ছোৱেবৰ বিবাহ বিচ্ছেদৰ খবৰ ৷

ছানিয়াৰ ভগ্নীয়ে শেহতীয়াকৈ এটা পোষ্টত উল্লেখ কৰে যে, "ছানিয়াই সদায় ব্যক্তিগত জীৱনক ৰাইজৰ চকুৰ পৰা আঁতৰাই ৰাখিছে । অৱশ্যে, এই সময়ত ছানিয়াই এই কথা সকলোকে জনোৱাতো প্ৰয়োজন যে, কেইমাহমানৰ পূৰ্বে ছানিয়া আৰু ছোৱেবৰ বিবাহ বিচ্ছেদ হৈছে । ছানিয়াই ছোৱেবক তেওঁৰ নতুন যাত্ৰাৰ বাবে শুভকামনা জনাইছে ৷"

লগতে পোষ্টটোত উল্লেখ কৰে যে, "ছানিয়াৰ জীৱনৰ এই সংবেদনশীল সময়ত, আমি তেওঁৰ সন্দৰ্ভত ৰাইজে অনুমানৰ বশৱৰ্তী হৈ যিকোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থকাটো বিচাৰো ৷ ছানিয়াৰ গোপনীয়তাক সন্মান কৰিব বুলি আশা কৰিছো ৷"

২০ জানুৱাৰীত ছ’চিয়েল মিডিয়াত নিজৰ নিকাহৰ ছবি শ্বেয়াৰ কৰি আলোড়নৰ সৃষ্টি কৰিছে ছোৱেব আৰু ছানাই । এতিয়া ছোৱেব-ছানাৰ বিবাহৰ ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু তেওঁলোকৰ অনুৰাগীয়ে তেওঁলোকক বিবাহৰ অভিনন্দন জনাইছে ।

বিবাহৰ পিচতে ছানাই নিজৰ ইনষ্টাগ্ৰামৰ বায়’ত নিজৰ নাম সলনি কৰি ছানা ছোৱেব মালিক বুলি আপডেট কৰিছে ৷ এই নতুন পৰিচয়ে ছানাক সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল কৰিছে ৷

41 বছৰীয়া ছোৱেব মালিক তেওঁতকৈ 11 বছৰ সৰু পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হয় । 2012 চনৰ পৰা অভিনয় জগতৰ সৈতে জড়িত হৈ আছে ছানা ।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে বিয়াত বহিল প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেব মালিক: ছানিয়াৰে এতিয়াও হোৱা নাই বিচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.