ETV Bharat / sports

কোন হ’ব ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক? গৌতম গম্ভীৰৰ কাষ চাপিছে বি চি চি আই ! - new Indian Head coach - NEW INDIAN HEAD COACH

TEAM INDIA HEAD COACH: বি চি চি আইয়ে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে আবেদন আহ্বান কৰিছে ৷ বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল টি-২০ বিশ্বকাপৰ পিচত শেষ হ’ব । এক প্ৰতিবেদন অনুসৰি ভাৰতীয় দলৰ প্ৰশিক্ষকৰ বাবে বি চি চি আইয়ে গৌতম গম্ভীৰৰ কাষ চাপিছে ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

TEAM INDIA HEAD COACH
ভাৰতীয় দলৰ বাবে মুখ্য প্ৰশিক্ষকৰ সন্ধান বি চি চি আইৰ (ETV BHARAT DELHI DESK)
author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 4:43 PM IST

স্পৰ্টছ ডেস্ক, 18 মে’ : ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে এই পদৰ বাবে বি চি চি আইয়ে আবেদন আহ্বান কৰিছে ৷ এনে পৰিস্থিতিত এই পদৰ বাবে সন্মুখলৈ আহিছে বহু ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ নাম ৷ ESPNcricinfo ৰ এক প্ৰতিবেদন অনুসৰি গৌতম গম্ভীৰ এই পদৰ বাবে বি চি চি আই (BCCI) ৰ প্ৰথম পচন্দ ৷ মুখ্য প্ৰশিক্ষকৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰুৰ কাষ চাপিছে বি চি চি আই ৷

প্ৰতিবেদন অনুসৰি আই পি এল 2024 সম্পূর্ণ হোৱাৰ পাছত আৰু অধিক আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে আবেদনৰ অন্তিম তাৰিখ 27 মে’, অৰ্থাৎ আই পি এলৰ ফাইনেলৰ এদিন পিচত ৷ ইয়াৰ পূৰ্বে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে দ্বিতীয়বাৰৰ বাবে এই পদত অধিষ্ঠিত হ’বলৈ অস্বীকাৰ কৰিছে ৷

উল্লেখ্য যে, গৌতম গম্ভীৰৰ মেণ্টৰশ্বিপত আই পি এলৰ দলসমূহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ৷ কলকাতা এৰি যোৱা দুবছৰ ধৰি লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ গুৰু হৈ আছিল গম্ভীৰ ৷ দুয়ো বছৰে লক্ষ্ণৌ দলে প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু এবাৰ ফাইনেল খেলিছিল ৷ এইবাৰ তেওঁ পুনৰ কলকাতালৈ ঘূৰি আহে আৰু চলিত ছিজনত কলকাতাই প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ আনহাতে যোৱা দুবছৰ ধৰি কলকাতা দলটো শীৰ্ষ চাৰিটো নাছিল ৷ অৱশ্যে এইবাৰ লক্ষ্ণৌৱে প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ৷

গৌতম গম্ভীৰ 2007 চনত ভাৰতৰ T-20 বিশ্বকাপ জয় আৰু 2011 চনত এদিনীয়া বিশ্বকাপ জয়ৰ অংশ আছিল ৷ 2011 চনৰ পৰা 2017 চনলৈ আই পি এলৰ 7 টা ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কত্ব কৰিছিল গম্ভীৰে ৷ এই সময়চোৱাত পাঁচবাৰ প্লে’ অফলৈ যোগ্যতা অৰ্জন কৰিছিল দলটোৱে ৷ ইয়াৰ লগতে 2012 আৰু 2014 চনত দুবাৰকৈ খিতাপ লাভ কৰিছিল কলকাতা দলে ৷

লগতে পঢ়ক : চিএছকেৰ বেটিং প্ৰশিক্ষক মাইকেল হাছিৰ মতে আৰু দুবছৰলৈ খেলিব পাৰিব ধোনীয়ে - Hussey On Dhoni Retirement

লগতে পঢ়ক : ইউৰোপত এফআইএইচ হকী লীগৰ বাবে ৰাওনা ভাৰতীয় মহিলা হকী দল - FIH Pro League 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.