ETV Bharat / sports

ৰুতুৰাজ গায়কোৱাড়ৰ নেতৃত্বত ভাৰত এ দল ঘোষণা বিচিচিআইৰ

IND vs AUS: অষ্ট্ৰেলিয়া ভ্ৰমণক কেন্দ্ৰ কৰি ঘোষণা কৰা হৈছে ভাৰতীয় দলটো ৷ দলটোৰ নেত্বত্বত আছে ৰুতুৰাজ গায়কোৱাড় ৷

INDIA A SQUAD AGAINST AUSTRALIA
ৰুতুৰাজ গায়কোৱাড় (IANS Photo)
author img

By ETV Bharat Sports Team

Published : 1 hours ago

স্প’ৰ্টছ ডেস্ক: আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) ঘোষণা কৰিছে দল । বি চি চি আইয়ে ঘোষণা কৰা 15 জনীয়া ভাৰত এ দলটোৰ নেতৃত্ব প্ৰদান কৰিব ৰুতুৰাজ গায়কোৱাড়ে ৷

দীৰ্ঘদিন ধৰি দলৰ বাহিৰত থকা ঈশান কিষাণৰ প্ৰত্যাৱৰ্তন দলটোৰ বাবে প্লাছ পইণ্ট হিচাপে চিহ্নিত হ’ব ৷ আনহাতে, মুম্বাইৰ যুৱ অলৰাউণ্ডাৰ তনুশ কোটিয়ানকো অন্তৰ্ভুক্ত কৰা হৈছে দলটোত । বি চি চি আইয়ে সোমবাৰে নিশা অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এই দল ঘোষণা কৰে ।

অধিনায়কৰ দায়িত্বত ৰুতুৰাজ গায়কোৱাড়

সোঁহতীয়া তাৰকা বেটছমেন ৰুতুৰাজ গায়কোৱাড়ৰ কান্ধত তুলি দিয়া ভাৰত এ দলৰ অধিনায়কত্বৰ ভাৰ ৷ দলৰ সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে পশ্চিমবংগৰ বেটছমেন অভিমন্যু ঈশ্বৰণক ৷ ৰঞ্জী ট্ৰফীৰ লীগ পৰ্যায়ৰ খেলত মুম্বাইৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ বাবে ৰুতুৰাজক এই দায়িত্ব দিয়া হৈছে ৷ দলটো ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে বাছনি কৰে ।

"পুৰুষ বাছনি সমিতিয়ে আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে 15 জনীয়া ভাৰত এ দল বাছনি কৰিছে । ভাৰত এ-য়ে ক্ৰমান্বয়ে মেকে আৰু মেলব’ৰ্ণত অষ্ট্ৰেলিয়া এ-ৰ বিৰুদ্ধে দুখন প্ৰথম শ্ৰেণীৰ মেচ খেলিব আৰু তাৰপিছত পাৰ্থত টীম ইণ্ডিয়াৰ বিৰুদ্ধে তিনিদিনীয়া আন্তঃদলীয় মেচ খেলিব" বুলি বি চি চি আইয়ে সদৰী কৰে ৷

ঈষাণ কিষাণৰ দললৈ প্ৰত্যাৱৰ্তন

দীৰ্ঘদিন ধৰি নীলা জাৰ্ছী পৰিধানৰ পৰা বঞ্চিত বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন ঈশান কিষাণ উভতিছে ভাৰত এ দললৈ ৷ তাৰোপৰি দলটোত আছে দেৱদত্ত পডিক্কাল, নীতিশ কুমাৰ ৰেড্ডী আৰু ছাই সুধাৰচানৰ দৰে খেলুৱৈসকলো ৷

4 গৰাকী ফাষ্ট বলাৰক দলত অন্তৰ্ভুক্তি

ভাৰত এ দলৰ পেচ আক্ৰমণৰ নেতৃত্ব দিব বাওঁহতীয়া পেচাৰ খলিল আহমেদে, যশদয়াল, মুকেশ আৰু নৱদীপ চাইনীয়ে ৷ তিনিদিনীয়া আন্তঃদলীয় খেলখনে পাৰ্থত আয়োজক দলৰ বিৰুদ্ধে 5 খন খেলৰ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে জ্যেষ্ঠ দলটোক অষ্ট্ৰেলিয়াৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাত সহায় কৰিব ৷

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰত এ দল

ৰুতুৰাজ গায়কোৱাড় (অধিনায়ক), অভিমন্যু ঈশ্বৰণ (সহ অধিনায়ক), ছাই সুধাৰচান, নীতিশ কুমাৰ ৰেড্ডী, দেৱদত্ত পডিক্কাল, ৰিকী ভুই, বাবা ইন্দ্ৰজিৎ, ঈশান কিষাণ (উইকেটকীপাৰ), অভিশেক পোৰেল (উইকেটকীপাৰ), মুকেশ কুমাৰ, খলিল আহমেদ, যশদয়াল, নৱদীপ চাইনী, মানৱ সুথৰ আৰু তনুশ কোটিয়ান ।

লগতে পঢ়ক: ভাৰতৰ পূৰ্বে পাকিস্তানৰ হৈ ক্ৰিকেট খেলিছিল শচীন তেণ্ডুলকাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.