লখিমপুৰ, 10 জুন : ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ ৷ উত্তৰ-পূব ভাৰত ভিত্তিৰ মাৰ্চিয়েল চেম্পিয়নশ্বিপত লখিমপুৰৰ উদীয়মান খেলুৱৈয়ে লাভ কৰে সোণ ৰূপৰ পদক । অল ইণ্ডিয়া মিক্সড মাৰ্চিয়েল আৰ্টছ ফেডাৰেচনৰ সৌজন্যত আৰু ৱেষ্ট বেংগল মিক্সড মাৰ্চিয়েল (Mixed Martial) আৰ্টছ ফেডাৰেচনৰ সহযোগত শিলিগুৰিৰ দাগাপুৰত অৱস্থিত দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত হয় উত্তৰ-পূব ভাৰত ষ্টাইকিং এমএমএ (striking mma) ৷
এই ষ্টাইকিং এমএমএ যোৱা 7 জুনৰ পৰা 9 জুনলৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৷ এই এমএমএ চেম্পিয়নশ্বিপত লখিমপুৰ জিলাৰ খেলুৱৈয়ে অংশ লৈ সোণ আৰু ৰূপৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে ।
সদৌ অসম মিক্সড মাৰ্চিয়েল এছ'চিয়েছনৰ নেতৃত্বত অংশগ্ৰহণ কৰা আৰু লখিমপুৰত অৱস্থিত আআ অৰ্থাৎ আৰ্টছ এণ্ড স্পৰ্টচ একাডেমী মাৰ্চিয়েলৰ খেলুৱৈসকলে এই সন্মান লাভ কৰিছে । পদক প্ৰাপ্ত খেলুৱৈসকল হ’ল ক্ৰমে প্ৰত্যুষ দত্ত, কুণ্ডন কৌশিক হাজৰিকা আৰু জেচিকা ৰামুদামো ।
তেওঁলোকে ষ্টাইকিং এম এম এ (Striking mma) শাখাত সোণৰ পদক লাভ কৰে ৷ আনহাতে, মৃদুপৱন ডেকাই ৰূপৰ পদক আৰু মদন ঠাকুৰিয়ে ব্ৰঞ্জৰ পদক লাভ কৰি লখিমপুৰৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, সমৰ কলাৰ বিভিন্ন প্ৰতিযোগিতাত লখিমপুৰৰ বহু খেলুৱৈয়ে ইতিমধ্যে অসংখ্যবাৰ জিলাখনলৈ সোণ-ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তেনে খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু ৰাজ্যৰ খেলুৱৈক পৰাস্ত কৰি নিজৰ চমকপদ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে ।
প্ৰচাৰবিহীনভাৱে জিলাখনৰ এচাম সমৰ কলাত নিপুণ খেলুৱৈয়ে নিজক এইক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ লগতে জিলাখনক বাৰম্বাৰ গৌৰৱাম্বিত হোৱাৰ সুযোগ প্ৰদান কৰিছে ।