ETV Bharat / sports

এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024: ভাৰতৰ বিৰুদ্ধে 4-0 ত পৰাস্ত আয়োজক চীন - ASIAN HOCKEY CHAMPIONS TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 6:46 PM IST

India vs China Hockey: এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে আয়োজক চীনক 3-0 গ’লত পৰাস্ত কৰি এক সুন্দৰ আৰম্ভণি কৰে । ভাৰতৰ এই বিজয়ৰ নায়ক আছিল অধিনায়ক হৰমনপ্ৰীত সিং ৷

ASIAN HOCKEY CHAMPIONS TROPHY 2024
এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 (AP Photo)

স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 ত ভাৰতে কৰিছে চমকপ্ৰদ আৰম্ভণি । শনিবাৰে ভাৰতে অংশগ্ৰহণ কৰা প্ৰথমখন খেলত পুৰুষ হকী দলটোৱে আয়োজক চীনক 3-0 গ’লত পৰাস্ত কৰি অভিযান আৰম্ভ কৰে ।

ভাৰতৰ বিপক্ষে 3-0 গ’লত পৰাস্ত চীন

এছিয়ান হকী চেম্পিয়নছ ট্ৰফীত ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলে তেওঁলোকৰ প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । ভাৰতীয় দলটোৱে সমগ্ৰ খেলখনত আয়োজক দলটোৰ ওপৰত চাপ বৰ্তাই ৰখাত সক্ষম হৈছিল ৷

খেলৰ অধিকাংশ সময়তে আধিপত্য বিস্তাৰ কৰিছে নীলা জাৰ্ছীৰ দলটোৱে । যাৰ বাবে প্ৰতিপক্ষৰ বিৰুদ্ধে মুখথেকেচা খাই চীনৰ দলটোৱে ৷ ভাৰতৰ হৈ সুখজিৎ সিঙে(14 মিনিট), উত্তম সিং(27 মিনিট) আৰু অভিষেকে সুন্দৰ গ’ল কৰে ।

ভাৰতৰ আক্ৰমণাত্মক আৰম্ভণি

ভাৰতীয় দলটোৱে খেলখন আক্ৰমণাত্মকভাৱে আৰম্ভ কৰি প্ৰথম কোৱাৰ্টাৰৰ পৰাই চীনক আক্ৰমণ কৰিছিল । চীনৰ দলটোৱে কিছু সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল যদিও সুখজিৎ সিঙে খেলখনৰ 14 মিনিটত গ’ল কৰি প্ৰথম কোৱাৰ্টাৰৰ সমাপ্তিৰ পূৰ্বে ভাৰতক 1-0 ৰ অগ্ৰগতি প্ৰদান কৰে ।

দ্বিতীয় কোৱাৰ্টাৰতো ভাৰতে দ্ৰুত খেল অব্যাহত ৰাখিছিল । লগতে খেলৰ 27 মিনিটত উত্তম সিঙে ভাৰতৰ হৈ দ্বিতীয়টো গ’ল কৰিছিল । হাফ টাইমলৈ ভাৰতে চীনৰ বিৰুদ্ধে 2-0 ৰ অগ্ৰগতি লাভ কৰে ৷

হাফ টাইমৰ পিছত তুমুল প্ৰতিযোগিতা

তৃতীয় আৰু চতুৰ্থ কোৱাৰ্টাৰত ভাৰত আৰু চীনৰ মাজত কঠিন যুঁজ হোৱা দেখা গৈছিল । ভাৰতৰ তাৰকা খেলুৱৈ অভিষেকে তৃতীয় কোৱাৰ্টাৰত ভাৰতক 3-0 গ’লত আগুৱাই নিয়াৰ প্ৰয়াসেৰে তৃতীয়টো গ'ল দিয়ে ।

পৰৱৰ্তী সময়ত চীনে বহুতো সুযোগ সৃষ্টি কৰিছিল যদিও ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষাৰ বাবে এই চেষ্টা বিফল হয় ৷ চতুৰ্থ কোৱাৰ্টাৰত দুয়োটা দলে গ’ল কৰিবলৈ কেইবাটাও প্ৰয়াস কৰিছিল কিন্তু এই কোৱাৰ্টাৰটো গ’লবিহীন আছিল । অৱশেষত বৰ্তমানৰ চেম্পিয়ন ভাৰতে 3-0 গ’লত খেলখনত জয় লাভ কৰে ৷

হৰমনপ্ৰীত সিঙলৈ হিৰো অৱ দ্য মেচৰ খিতাপ

চীনৰ বিৰুদ্ধে অনুষ্ঠিত এই খেলখনত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিং অৱশ্যে গ'ল দিয়াত ব্যৰ্থ হোৱা দেখা যায় । কিন্তু সমগ্ৰ মেচখনত তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে হিৰো অৱ দ্য মেচৰ বঁটা লাভ কৰে ৷

লগতে পঢ়ক: এছিয়াৰ অলিম্পিক পৰিষদৰ সভাপতিৰ পদত প্ৰথমগৰাকী ভাৰতীয় - OCA PRESIDENT RANDHIR SINGH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.