ETV Bharat / sports

1100 মহিলাৰ অংশগ্ৰহণৰে 24 অক্টোবৰত টাৱাং মাৰাথন

নাৰী শক্তি সবলীকৰণক মূলমন্ত্ৰ হিচাপে লৈ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন ৷

INTERNATIONAL TAWANG MARATHAN 2024
নাৰী শক্তি সবলীকৰণ মূলমন্ত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : 1 hours ago

স্প’ৰ্টছ ডেস্ক: উত্তৰ-পূৰ্বাঞ্চলৰ সূৰ্য উদয় হোৱা ৰাজ্য হিচাপে পৰিচিত অৰুণাচল প্ৰদেশ ৷ মাত্ৰ এটা দিনৰ পিছতে ৰাজ্যখনত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মাৰাথন প্ৰতিযোগিতা ।

24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে সকলোৰে মাজত পৰিচিত ৷ সেই উপলক্ষে সুন্দৰকৈ সজাই তোলা হৈছে টাৱাং ষ্টেডিয়াম ৷ এই আন্তঃৰাষ্ট্ৰীয় মাৰাথনত অংশগ্ৰহণ কৰাৰ পূৰ্বে উপস্থিত প্ৰতিযোগীসকলক যোগান ধৰা হৈছে টি-চাৰ্ট ৷ সমান্তৰালকৈ কৰা হৈছে স্বাস্থ্য পৰীক্ষা ৷

বাৰেৰহণীয়া কাৰ্যসূচীৰে টাৱাং মাৰাথন (ETV Bharat Assam)

মুঠৰ ওপৰত এক সুস্থিৰ পৰিৱেশত অনুষ্ঠিত হ’ব দ্বিতীয় টাৱাং আন্তঃৰাষ্ট্ৰীয় মাৰাথন প্ৰতিযোগিতা । এই সকলোবোৰৰ দায়িত্বত আছে ৰাজ্য চৰকাৰৰ লগতে ভাৰতীয় সেনা বাহিনীৰ বিষয়ববীয়াসকল ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণৰ নেতৃত্বত গ্ৰহণ কৰিছে বিশেষ ভূমিকা ।

চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথনৰ বিশেষ আকৰ্ষণ হৈছে প্ৰায় 1100 মহিলাই শান্তিৰ বার্তা প্ৰসাৰৰ উদ্দেশ্যে টাৱাঙত সমবেত হৈছে ৷ ভাৰতৰ বাহিৰেও ইথিঅ’পিয়া আৰু কেনিয়াৰ পৰা অহা দৌৰবিদে এই মাৰাথনত অংশগ্ৰহণ কৰিব ।

অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সহযোগিতাত আয়োজিত হ’বলগীয়া অনুষ্ঠানৰ অন্যতম আয়োজক ভাৰতীয় সেনা বাহিনীৰ 190 মাউণ্টেন ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ ৰাজপুতে কয় যে, "পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে সীমান্তৱৰ্তী গাঁৱসমূহক উৎসাহিত কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে" ।

"এইক্ষেত্ৰত স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷ যি সকলে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত শাৰিৰীক সমস্যাৰ সন্মুখীন হয়, তেওঁলোকে মাৰাথনত অংশগ্ৰহণ কৰিব নালাগে । কাৰণ অতি উচ্চ পৰ্যায়ৰ এই মাৰাথনত যুৱ প্ৰজন্ম, মহিলাসকল আৰু বিশেষ দৌৰবিদে অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাক 5 কিল’মিটাৰৰ পৰা 40 কিল’মিটাৰ পর্যন্ত কেইবাটাও ভাগত বিভক্ত কৰা হৈছে" বুলিও লগতে কয় ৷

2023 চনত এই মাৰাথনৰ উদ্বোধনী সংস্কৰণৰ বৃহৎ সফলতাৰ পিছত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে একে বছৰৰে চাৰি জুলাইত টাৱাং মাৰাথনক আন্তঃৰাষ্ট্ৰীয় কেলেণ্ডাৰৰ বাৰ্ষিক অনুষ্ঠান হিচাপে ঘোষণা কৰে ৷ দেশৰ সেনা আৰু অসামৰিক প্ৰশাসনে যৌথভাৱে ইয়াক আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 24 অক্টোবৰৰ দিনটো নিৰ্দিষ্ট কৰে ৷ প্ৰায় পাঁচ সহস্ৰাধিক দৌৰবিদে অংশগ্ৰহণ কৰিবলগীয়া এই মাৰাথনৰ পুৰস্কাৰৰ মুঠ পৰিমাণ 60 লাখ টকাৰো অধিক বুলি জনা গৈছে ৷

এই কাৰ্যসূচীত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, গজৰাজ ক’ৰ্পছৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, বল অৱ ফায়াৰৰ জি অ’ চি মেজৰ জেনেৰেল কে এছ গ্ৰেৱাল ডিভিজন আৰু সশস্ত্ৰ বাহিনী, ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ গণ্য-মান্য ব্যক্তিসকলে অংশ ল’ব । বৃহস্পতিবাৰৰ পুৱা 5.30 বজাত এই দৌৰৰ ফ্লেগ অফ কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ৷

মাৰাথনৰ লগতে সাংস্কৃতিক আৰু সেনাৰ সঁজুলি প্ৰদৰ্শন, চেলফি পইণ্ট, টাৱাং আৰ্চাৰী ন’ডৰ উদ্বোধনী, থলুৱা খাদ্য মেলাৰো আয়োজন কৰা হৈছে । দিনৰ 1.30 বজাত এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক: পাঁচ সহস্ৰাধিক দৌৰবিদৰ অংশগ্ৰহণৰে ২৪ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.