ETV Bharat / sports

আজিক্যং ৰাহানেৰ বিস্ফোৰক ইনিংছৰে ফাইনেলত মুম্বাই - SYED MUSHTAQ ALI TROPHY 2024

চৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন আজিক্যং ৰাহানেৰ ৷ যাৰ বাবে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে মুম্বাই ৷

Syed Mushtaq Ali Trophy 2024
আজিক্যং ৰাহানে (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Dec 13, 2024, 6:07 PM IST

স্প’ৰ্টছ ডেস্ক: চৈয়দ মুস্তাক আলী ট্ৰফী 2024 ৰ প্ৰথমখন ছেমি ফাইনেল শুকুৰবাৰে মুম্বাই আৰু বৰোদাৰ মাজত অনুষ্ঠিত হয় । এই খেলখনত ভাৰতৰ অভিজ্ঞ বেটছমেন আজিংক্য ৰাহানেই দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে ৷ ৰাহানেৰ প্ৰদৰ্শনৰ বাবেই দলটোৱে ফাইনেলত সহজে প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷

ফাইনেলৰ পথ প্ৰশস্ত মুম্বাইৰ

এই খেলখনত প্ৰথমে বেটিং কৰি বৰোদাই নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 158 ৰাণ ৷ প্ৰত্যুত্তৰত মুম্বাইৰ দলটোৱে 17.2 অভাৰত 4 টা উইকেট হেৰুৱাই 6 টা বল বাকী থকা অৱস্থাত 159 ৰাণ সংগ্ৰহ কৰে ৷ ফলাফলত মুম্বাইয়ে বৰোদাক 6 উইকেটত পৰাস্ত কৰি চৈয়দ মুস্তাক আলী ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰে ৷

ৰাহানেৰ 98 ৰাণৰ বিস্ফোৰক ইনিংছ

এই খেলখনত ভাৰতীয় ক্ৰিকেটাৰ আজিংক্য ৰাহানে ধুমুহাৰ গতিত বেটিং কৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷ খেলুৱৈগৰাকীয়ে 175 ৰ ষ্ট্ৰাইক ৰেটত 11 টা চাৰি আৰু 5 টা ছয়ৰে 56 টা বলত সংগ্ৰহ কৰিছিল 98 ৰাণ । ৰাহানে অভিমন্যু সিং ৰাজপুতৰ বলত বিষ্ণু চোলাংকীৰ হাতত কেচ তুলি দি মাত্ৰ দুই ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হয় ৷

ৰাহানেৰ উপৰিও শ্ৰেয়ছ আয়াৰে মুম্বাইৰ হৈ এক সুন্দৰ ইনিংছ খেলে । আয়াৰে 30 টা বলত 46 ৰাণ সংগ্ৰহ কৰিছিল, য’ত আছিল 4 টা চাৰি আৰু 3 টা ছয় ৷ ইয়াৰোপৰি পৃথ্বী শ্ব’য়ে 4 আৰু সূৰ্যকুমাৰ যাদৱে মুম্বাইৰ হৈ এক ৰাণ সংগ্ৰহ কৰে ৷

বৰোদাৰ হৈ অধিনায়ক ক্ৰুণাল পাণ্ডিয়াই 24 টা বলত 4 টা চাৰি আৰু শিৱালিক শৰ্মাই 36 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, হাৰ্দিক পাণ্ডিয়াই মাত্ৰ 5 ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ ওভতে ৷

বিস্ফোৰক ইনিংছৰ পিছত ৰাহানে কে কে আৰৰ অধিনায়কৰ পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা

আগন্তুক আই পি এল ছিজনৰ বাবে চেন্নাই চুপাৰ কিংছে আজিংক্য ৰাহানেক এইবেলি ধৰি ৰখাত বিফল হয় ৷ পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকীক কলকাতা নাইট ৰাইডাৰ্ছে নিলামত ক্ৰয় কৰে । প্ৰাপ্ত তথ্য অনুসৰি, কলকাতা নাইট ৰাইডাৰ্ছে আজিংক্য ৰাহানেক দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে ৷

চৈয়দ মুস্তাক আলী ট্ৰফী 2024 ৰ প্ৰথমখন ছেমি ফাইনেলত খেলুৱৈগৰাকীয়ে আগবঢ়োৱা 98 ৰাণৰ ইনিংছটোৰ পিছত কে কে আৰৰ অধিনায়কত্বৰ বাবে এই দাবী অধিক মজবুত হৈ পৰিছে ৷ ৰাহানেৰ লগতে ভেংকটেশ আয়াৰ আৰু ৰিংকু সিং হৈছে এনে আন দুগৰাকী খেলুৱৈ, যি কে কে আৰৰ অধিনায়কত্বৰ দাবীদাৰ ।

লগতে পঢ়ক: বিস্ফোৰক বেটছমেনৰ প্ৰত্যাৱৰ্তনৰে গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.