ETV Bharat / sports

৪০ বছৰৰ মূৰত যোৰহাটে আয়োজন কৰিব ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা - AIFF under 15 football tournament

author img

By ETV Bharat Sports Team

Published : Sep 2, 2024, 10:51 PM IST

AIFF Football Tournament in Jorhat : সুদীৰ্ঘ ৪০ বছৰৰ পাছত যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা । অংশগ্ৰহণ কৰিব দেশৰ বিভিন্ন ৰাজ্যৰ ১৭ টা দলে । অহা ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ১৫ বছৰ অনূৰ্ধ্বৰ এই ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ।

AIFF Football Tournament in Jorhat
সুদীৰ্ঘ কালৰ বিৰতিৰ মূৰত যোৰহাটে আয়োজন কৰিব ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

যোৰহাট, ২ ছেপ্টেম্বৰ : চাৰি দশকৰ বিৰতিৰ মূৰত অহা ৭ ছেপ্টেম্বৰৰ পৰা যোৰহাটত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা । দেশৰ মুঠ ১৭ টা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা যোৰহাট ষ্টেডিয়ামৰ লগতে যোৰহাট জিলাৰ মৰিয়নিত অনুষ্ঠিত হ'ব ।

যোৰহাট ক্ৰীড়া সন্থাৰ সংবাদমেল (ETV Bharat Assam)

এই সন্দৰ্ভত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে কয়, "অহা ৭ ছেপ্টেম্বৰৰ পৰা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ জুনিয়ৰ শাখাৰ ছেকেণ্ড টায়াৰৰ ফুটবল প্ৰতিযোগিতা অসম তথা যোৰহাটত অনুষ্ঠিত হ'ব । দুটা ভেন্যুত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি চলাই থকা হৈছে ।"

অংশগ্ৰহণ কৰিবলগীয়া দল সন্দৰ্ভত তেওঁ কয়, "আয়োজক অসম দলকে ধৰি ১৭ টা দলৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে খেলুৱৈ আৰু প্ৰতিনিধিৰ থকা-খোৱাৰ সু-ব্যৱস্থা জিলা ক্ৰীড়া সন্থাই আৰম্ভ কৰিছে । দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ থকা-খোৱাৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে কিছু আৰ্থিক সহায় আগবঢ়াব যদিও সেয়া যথেষ্ট নহয় । এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল সূচাৰুভাৱে সমাপন কৰিবৰ বাবে সকলো পক্ষৰ সহায়ৰ প্ৰয়োজন ।"

যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয়, "সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পৰিচালনাত অনুষ্ঠিত হ'বলগীয়া ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে । ১৯৮৪ বৰ্ষতে অন্তিমবাৰৰ বাবে যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । তাৰ পাচত যোৰহাটত বিভিন্ন ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । কিন্তু ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই । এইবাৰ প্ৰতিযোগিতা সূচাৰুভাৱে আয়োজন কৰিবৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ ।"

আনহাতে, প্ৰস্তুতি সন্দৰ্ভত তেওঁ কয়, "যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ ওপৰ মহলাৰ কামো প্ৰতিযোগিতাৰ বাবে পূৰ্ণগতিত চলাই থকা হৈছে । প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি অসম দলটোৱে ইতিমধ্যেই দেৰগাঁৱত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।"

উল্লেখ্য যে ১৫ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যসমূহ হৈছে- গ্ৰুপ এত অসম, তেলেংগানা, তামিলনাডু, লাক্ষাদ্বীপ আৰু মধ্যপ্ৰদেশ । গ্ৰুপ বিত আছে চণ্ডীগড়, হাৰিয়ানা, আন্দামান আৰু নিকোবৰ আৰু ত্ৰিপুৰা । আনহাতে, গ্ৰুপ চিত আছে পুডুচেৰী, জম্মু-কাশ্মীৰ, ৰাজস্থান, উত্তৰাখণ্ড । ইয়াৰ উপৰি গ্ৰুপ ডিত আছে অন্ধ্ৰপ্ৰদেশ, ছিকিম, ছত্তীশগড় আৰু হিমাচল প্ৰদেশ ।

লগতে পঢ়ক :সাগৰৰ বুকুত বিজয়ধ্বজা উৰুৱাই সৰুপথাৰ পালেহি নিশামণি - Nikhamoni Bora
লগতে পঢ়ক :ইতিহাস ৰচি ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ-ইষ্ট ইউনাইটেডৰ - Durand Cup Final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.