ETV Bharat / sports

ইস্ত্ৰি-হেয়াৰ ড্ৰায়াৰ নহয়: টেবুল ফেনেৰে খেলপথাৰ শুকুওৱা দেখি মূৰে-কপালে হাত দিলে আফগানিস্তানৰ খেলুৱৈয়ে - AFG vs NZ test

author img

By ETV Bharat Sports Team

Published : Sep 10, 2024, 5:36 PM IST

AFG vs NZ: সেমেকা ক্ৰিকেট গ্ৰাউণ্ড শুকুৱাবলৈ 2020 চনত অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ইস্ত্ৰি আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা ঘটনা আপোনাৰ বাৰু মনত আছেনে ? সেই যে হাজাৰ হাজাৰ দৰ্শকে ম’বাইলৰ ফ্লাছ জ্বলাই প্ৰতিবাদ কৰিছিল তাক নিশ্চয় আপুনি পাহৰি যোৱা নাই ৷ এইবাৰো ঠিক তেনে এক ঘটনাই সংঘটিত হৈছে ভাৰতৰে আন এখন ক্ৰিকেট গ্ৰাউণ্ডত ৷ যি ঘটনাই দুটা বিদেশী দলৰ আগত নাক কাটিলে বি চি চি আইৰ ৷

AFG vs NZ
AFG VS NZ OUTFIELD WET (IANS)

স্প’ৰ্টছ ডেস্ক, ১০ ছেপ্টেম্বৰ: আজিৰে পৰা চাৰিবছৰ আগৰ কথা, 2020 চনৰ 5 জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাত আয়োজন কৰা হৈছিল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷ সময়মতে খেলপথাৰত উপস্থিত হ’ল খেলুৱৈ, ষ্টেডিয়াম ভৰি পৰিল দৰ্শকেৰে ৷ কিন্তু টছৰ পিছতেই আহিল মুষলধাৰ বৰষুণ ৷ বৰষুণে সমগ্ৰ খেলপথাৰ সেমেকা কৰি পেলালে ৷

বৰষুণ এৰাৰ পিছত খেল আৰম্ভ কৰাৰ বাবে খেলপথাৰ শুকুওৱাৰ কাম আৰম্ভ হ’ল ৷ কিন্তু অসম ক্ৰিকেট সন্থাৰ এক কাণ্ডই সকলোৰে চকু কপালত তোলে ৷ কিয়নো খেলপথাৰ শুকুৱাবলৈ ব্যৱহাৰ কৰা হৈছিল ইস্ত্ৰি আৰু হেয়াৰ ড্ৰায়াৰ ৷ এই কাণ্ডৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল অসম ক্ৰিকেট সন্থা ৷ সেমেকা খেলপথাৰৰ বাবে বাতিল কৰা হৈছিল খেলখন ৷

এই অদ্ভুত ব্যৱস্থাপনাৰ বিৰুদ্ধে বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ সামাজিক মাধ্যমত মীম শ্বেয়াৰ হৈছিল, ব্যংগাত্মক পোষ্ট কৰি অসম ক্ৰিকেট সন্থাক সমালোচনাৰে থকা-সৰকা কৰিছিল বহুতেই ৷ পিচে এয়া অকল অসমতে নহয়, তেনে এক ঘটনাৰেই পুনৰাবৃত্তি ঘটিল গ্ৰেটাৰ নয়ডাত ৷ তাকো দুটা বিদেশী দলৰ খেলৰ সময়তে সংঘটিত হ’ল এনে এক অদ্ভুত ঘটনা ৷

আফগানিস্তান আৰু নিউজীলেণ্ডৰ মাজত একমাত্ৰ টেষ্টখন ৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু এতিয়াও খেলখন আৰম্ভ হোৱা নাই ৷ সেমেকা খেলপথাৰৰ বাবে দ্বিতীয় দিনাও বাতিল হয় খেলখন । ইয়াৰ পূৰ্বে সেমেকা খেলপথাৰৰ বাবে প্ৰথম দিনাও আৰম্ভ কৰিব পৰা নাছিল খেল । এই খেলখন আয়োজন কৰা হৈছিল গ্ৰেটাৰ নয়ডা স্প’ৰ্টছ কমপ্লেক্সত । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড বি চি চি আয়ে এই ক্ৰিকেট খেলপথাৰখন ভাৰতত খেল আয়োজন কৰিবলৈ আফগানিস্তানক আৱণ্টন দিছিল ।

বি চি চি আইৰ এই সিদ্ধান্তৰ পিছত ইয়াৰ বহু প্ৰশংসা হৈছিল যদিও এতিয়া এই ক্ৰিকেট খেলপথাৰখনে বদনাম কঢ়িয়াই আনিছে । দুদিন ধৰি নয়ডাত বৰষুণ হোৱা নাই যদিও দ্বিতীয় দিনৰ খেলখনো ভিজা আউটফিল্ডৰ বাবে বাতিল কৰিবলগীয়া হৈছে । দুয়োটা দল এতিয়াও হোটেলতে আছে আৰু এতিয়ালৈকে খেলখনৰ বাবে ক্ৰিকেট খেলপথাৰত উপস্থিত হ’ব পৰা নাই ।

এই খেলপথাৰৰ ভিজা পিটচ মেৰামতি কৰিবলৈ এনে কৌশল গ্ৰহণ কৰা হৈছে যিবোৰ কোনো পিটচ শুকুৱাবলৈ খুব কমেইহে ব্যৱহাৰ কৰা হয় । খেলপথাৰখন শুকুৱাবলৈ টেবুল ফেন ব্যৱহাৰ কৰা হৈছে । এই ব্যৱস্থাপনাৰ পিছত অনুৰাগীয়ে বি চি চি আইক দোষাৰোপ কৰিছে ।

অনুৰাগীসকলে কয় যে যেতিয়া খেলপথাৰত কোনো সুবিধাই নাছিল তেন্তে আফগানিস্তান আৰু নিউজীলেণ্ডক এই খেলপথাত টেষ্ট মেচ খেলিবলৈ কিয় দিয়া হৈছিল । আফগানিস্তানক এখনীয়া টেষ্টৰ বাবে আন কোনোবা ষ্টেডিয়াম আৱন্টন দিব পাৰিলেহেতেন । আজিকালি য’ত মাটি শুকুওৱাৰ উন্নত কৌশল উপলব্ধ, এই খেলপথাৰত দুদিন বৰষুণ দিয়াৰ পিছত মেচ আৰম্ভ কৰিব পৰা নগ’ল, এনে পৰিস্থিতিত ই বি চি চি আইৰ ওপৰত প্ৰশ্নবোধক আনিছে ।

এই খেলপথাৰত ইমানেই ব্যৱস্থাপনাৰ অভাৱ হৈছে যে অনুশীলন এলেকাৰ ঘাঁহৰ ঠাইত মূল আউটফিল্ডৰ ঘাঁহ সলনি কৰা হৈছে যদিও মাটি শুকুৱাবলৈ বিশেষ প্ৰযুক্তি উপলব্ধ নহয় ।

আধা ঘণ্টাত পিটচ শুকুৱাই লোৱাৰ সুবিধা:

বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত বহু সুবিধা আছে, আনহাতে নয়ডাত বৰষুণ নোহোৱাৰ পিছতো দুদিন ধৰি খেল আৰম্ভ কৰিব পৰা নাই ৷ বেংগালুৰুত ৩০-৪০ মিনিটত মাটি শুকুৱাই খেল আৰম্ভ কৰিব পাৰি । এইক্ষেত্ৰত চাব এয়াৰ ব্যৱস্থা ব্যৱহাৰ কৰা হয় । কে এছ চি এই ১০ বছৰ ধৰি এই সুবিধা ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি আহিছে । উত্তৰ প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত এনে অসন্মান আগতে কেতিয়াও হোৱা নাই ।

নয়ডা ষ্টেডিয়ামৰ দ্বাৰা অসন্তুষ্ট আফগানিস্তান

ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ দ্বাৰা এই খেলখন আয়োজন কৰা হৈছে যদিও পানী শুকুওৱাৰ দুৰ্বল ব্যৱস্থা আৰু এলাহাবাদত দৰ্শক তথা সংবাদ মাধ্যমৰ বাবে দুৰ্বল ব্যৱস্থাপনাৰ বাবে আফগানিস্তান ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অসন্তুষ্ট হৈ পৰিছে ৷ আফগানিস্তানে এই ষ্টেডিয়ামত পুনৰ খেল নেখেলাৰ সিদ্ধান্ত লৈছে । দ্বিতীয়তে উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাই এই টেষ্ট মেচ আয়োজন কৰাত কোনো ভূমিকা লোৱাৰ কথা অস্বীকাৰ কৰে ।

আফগানিস্তানৰ প্ৰশিক্ষক জনাথন ট্ৰট আৰু খেলুৱৈসকলকো সুবিধাৰ অভাৱত অসন্তুষ্ট যেন দেখা গৈছে । নিউজীলেণ্ডৰ অধিনায়ক টিম চাউথী, অল-ৰাউণ্ডাৰ মিচেল ছাণ্টনাৰ আৰু ৰাচিন ৰবিন্দ্ৰকে ধৰি বহু নিউজীলেণ্ডৰ খেলুৱৈও খেলপথাৰ পৰিদৰ্শন কৰিবলৈ আহিছিল যদিও মিড অন আৰু মিড উইকেটটো চিন্তাৰ বিষয় হৈয়েই থাকিল । আনহাতে ৩০ গজৰ বৃত্তৰ ভিতৰতো বহু ভিজা ঠাই আছিল ।

সুবিধাৰ অভাৱ খেলপথাৰৰ বাহিৰলৈও বিস্তৃত হৈছিল, যাৰ ফলত কাৰ্যকলাপত প্ৰভাৱ পৰিছিল । সংবাদ মাধ্যমৰ বাবে উপযুক্ত ষ্টেণ্ড আৰু অনুৰাগীৰ বাবে পৰ্যাপ্ত আসনৰ ব্যৱস্থা নাছিল । ইয়াৰ বাহিৰেও ‘স্বীকৃতিপ্ৰাপ্ত’ সংবাদ মাধ্যমে পানী, বিদ্যুৎ যোগান আনকি মহিলাৰ শৌচাগাৰৰ নাটনিৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

আমি ইয়ালৈ কেতিয়াও ঘূৰি নাহো: আফগানিস্তান ক্ৰিকেট ব’ৰ্ড

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াই কয়, ‘‘কিবা এটা বৰ ভুল হৈছে, আমি ইয়ালৈ কেতিয়াও ঘূৰি নাহো ।’’ আনহাতে এই প্ৰতিযোগিতাত উত্তৰ প্ৰদেশৰ মানহানি সন্দৰ্ভত গ্ৰেটাৰ নয়ডা কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে একো কোৱা নাই । আনহাতে উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ সংবাদ মাধ্যমৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ফাহীমে কয় যে উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই । আফগানিস্তান ক্ৰিকেট কণ্ট্ৰল ব’ৰ্ড ইয়াৰ আয়োজক ।

লগতে পঢ়ক: বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে কিয় ভাৰতৰ সহ-অধিনায়ক নিযুক্ত নহ’ল বুমৰাহ ? - IND vs BAN 1st test

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত ভাৰত : পাকিস্তানৰ অৱস্থা শোচনীয় - Sri Lanka defeated England

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.