ETV Bharat / sports

চাৰি শতাধিক খেলুৱৈৰ অংশগ্ৰহণৰে আৰম্ভ চতুৰ্থ ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ - Arm Wrestling Championship - ARM WRESTLING CHAMPIONSHIP

National Panja Championship : দুলীয়াজানত তিনিদিনীয়াকৈ আৰম্ভ চতুৰ্থ সংখ্য়ক ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ । ১৭ খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ।

National Panja Championship
চতুৰ্থ ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:33 PM IST

মৰাণ,৭ জুন: ডিব্ৰুগড় জিলাৰ দুলীয়াজানত প্ৰথমবাৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে চতুৰ্থ সংখ্য়ক ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ । ব'ৰ্ড অৱ কন্ট্ৰ'ল ফ'ৰ আৰ্ম ৰেষ্টলিং ইন ইণ্ডিয়াৰ তত্ত্বাৱধানত অসম পাঞ্জা সন্থা আৰু দুলীয়াজান শাখা পাঞ্জা সন্থাৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দুলীয়াজান ক্লাৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে চৰ্তুথ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ ।

চতুৰ্থ ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ (ETV BHARAT ASSAM)

শুক্ৰবাৰে চৰ্তুথ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত ব'ৰ্ড অৱ কন্ট্ৰ'ল ফ'ৰ আৰ্ম ৰেষ্টলিং ইন ইণ্ডিয়াৰ পতাকাৰ লগতে অসম পাঞ্জা সন্থাৰ পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচতে খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া আনফৰ আলি হক আৰু স্থানীয় বিধায়ক তেৰছ গোৱালাই । আজিৰে পৰা আৰম্ভ হোৱা মূল প্ৰতিযোগিতাখনিত ছাব জিনিয়ৰ, জিনিয়ৰ আৰু ছিনিয়ৰ শাখাত পুৰুষ আৰু মহিলা উভয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । এই প্ৰতিযোগিতাখনি বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ দ্বাৰা পৰিচালিত হৈছে বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ।

এই প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলে অহা ১ অক্টোবৰৰ পৰা গ্ৰীচত আয়োজিত বিশ্ব পাঞ্জা প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিব । প্ৰতিযোগিতাত অসমৰ লগতে কেৰালা, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধপ্ৰদেশ, তেলেংগানা, পশ্চিমবংগ, পাঞ্জাৱ, চণ্ডীগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, চত্তীশগড়, দিল্লী, চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশকে ধৰি মুঠ ১৭ খন ৰাজ্যৰ চাৰি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

ইপিনে, চতুৰ্থ সংখ্য়ক সৰ্বভাৰতীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈসকলেও ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে অসম পাঞ্জা সন্থাই ।

লগতে পঢ়ক:২৩ মে'ৰ পৰা দুলীয়াজানত আৰম্ভ সৰ্বভাৰতীয় পাঞ্জা চেম্পিয়নশ্বিপ

World Arm Wrestling Champion: বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অংশ ল’ব অসম 25 গৰাকীৰ খেলুৱৈয়েঞ্জা চেম্পিয়নশ্বিপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.