ETV Bharat / sports

কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন; শতাধিকৰ যোগদান - ALL ASSAM KALIABHOMORA MARATHON

Kaliabhomora Marathon Race competition: মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত অনুষ্ঠিত হয় এই মাৰাথন প্ৰতিযোগিতা ৷

ALL ASSAM KALIABHOMORA MARATHON
কলিয়াবৰত মাৰাথন প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 8, 2024, 4:18 PM IST

স্প’ৰ্টছ ডেস্ক: কলিয়াবৰত অনুষ্ঠিত হয় অসমৰ অন্যতম পুৰণি সদৌ অসম মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত তথা শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত 36 সংখ্যক কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷

কলিয়াবৰৰ কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুৱা 5.30 বজাত আৰম্ভ হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে প্ৰবীণ খেলুৱৈ তথা শিক্ষক শান্তিৰাম বৰাই । মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়াকৈ আয়োজন কৰিছে শ্বহীদ দিৱস ।

শতাধিক প্ৰতিযোগীয়ে কৰিলে অংশগ্ৰহণ (ETV Bharat Assam)

এই শ্বহীদ দিৱসৰে প্ৰথমদিনৰ কাৰ্যসূচী হিচাপে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই প্ৰতিযোগিতাত গুৱাহাটী, নগাঁও, তেজপুৰ, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

কুঁৱৰীটোলৰ পৰা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাংগণত এই দৌৰ প্ৰতিযোগিতাৰ সামৰণি পৰে ৷ এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গোলঘাট খুমটাইৰ টিকেশ্বৰ কুৰ্মী, দ্বিতীয় স্থান দখল কৰে কাৰ্বি আংলঙৰ বিকাশ ঠেঙাল আৰু তৃতীয় স্থান দখল কৰে মৰিগাঁৱৰ ভূপেন ডেকাই । প্ৰতিযোগিতাখনত সৰ্বমুঠ 11 টা পুৰস্কাৰ প্ৰদান কৰা হয় ৷

এই সন্দৰ্ভত উদ্যোক্তাই কয় যে, "কলিয়াবৰ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰে শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি এই মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে ৷ আজিও তাৰ ব্যতিক্ৰম নহয় ৷ 36 সংখ্যকবাৰৰ বাবে অনুষ্ঠিত হোৱা এইখন অসমৰ সবাতোকৈ পুৰণি মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতা বৰ্তমান সময়ত এক উৎসৱলৈ পৰিগণিত হৈছে" ৷

লগতে পঢ়ক: ০,০,০,০,০,০... এদিনীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে 6 গৰাকী বেটছমেন শূন্যত আউট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.