ETV Bharat / sports

মাথো দুদিনতে ৰ’নাল্ডোৰ ইউ টিউব চেনেলত 30 নিযুত গ্ৰাহক: সামাজিক মাধ্যমত ধুমুহা - CRISTIANO RONALDO YOUTUBE CHANNEL

author img

By ETV Bharat Sports Team

Published : Aug 23, 2024, 7:58 PM IST

Updated : Aug 23, 2024, 8:24 PM IST

Subscribers on Ronaldo's you tube: ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে 21 আগষ্টত মুকলি কৰিছিল নিজৰ ইউ টিউব চেনেল ৷ চেনেল মুকলিৰ দুদিনৰ ভিতৰতে চাবক্ৰাইবাৰৰ সংখ্যাই অতিক্ৰম কৰিছিল 30 নিযুত ৷ অন্যান্য সামাজিক মাধ্যমৰ প্লেটফৰ্মত ৰ’নাল্ডোৰ বৃহৎ সংখ্যক অনুৰাগী থকা বাবে চেনেলটোত চাচক্ৰাইবাৰৰ সংখ্যাই এক বিলিয়ন স্পৰ্শ কৰাৰ দিশত আগবাঢ়িছে ৷ যি এক অবিশ্বাস্য কথা ।

CRISTIANO RONALDO YOUTUBE CHANNEL
ৰ’নাল্ডোৰ ইউ টিউব চেনেলত ধুমুহা (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: ফুটবল খেলপথাৰত অভিলেখ সৃষ্টি কৰাত অভ্যস্ত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে আন এক নতুন দিশত অভিলেখৰ পিছত অভিলেখ স্থাপন কৰাৰ দিশত আগবাঢ়িছে ৷ প্ৰবীণ ফুটবলাৰগৰাকীয়ে সামাজিক মাধ্যমত সৃষ্টি কৰিছে এই অভিলেখ ৷

জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে দুদিন পূৰ্বে মুকলি কৰিছিল নিজৰ এটি ইউ টিউব চেনেল ৷ পৰ্তুগালৰ ষ্ট্ৰাইকাৰ ৰ’নাল্ডোৱে 21 আগষ্টত মুকলি কৰা এই ইউ টিউব চেনেলৰ নাম দিছিল "ইউ আৰ ক্ৰিষ্টিয়ানো" ৷ চেনেলটো মুকলিৰ 90 মিনিটৰ ভিতৰতে ই লাভ কৰে 10 লাখ গ্ৰাহক, লগে লগে আটাইতকৈ কম সময়ত সৰ্বাধিক গ্ৰাহক লাভ কৰা দ্ৰুততম ইউ টিউব চেনেলৰ অভিলেখ গঢ়ে ৷

সামাজিক মাধ্যমত বলা এই ধুমুহাৰ এতিয়াও অন্ত পৰা নাই ৷ কিয়নো মাত্ৰ দুদিনতে চেনেলটোৰ গ্ৰাহকৰ সংখ্যাই 30 নিযুতৰ সীমা অতিক্ৰম কৰে আৰু সময়ৰ লগে লগে ই বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ।

ৰ’নাল্ডোৱে এতিয়ালৈকে তেওঁৰ ইউ টিউব চেনেলত মাত্ৰ 19 টা ভিডিঅ' আপলোড কৰিছে, যিবোৰ ভিডিঅ’ বহু নিযুত লোকে প্ৰত্যক্ষ কৰিছে ৷ বিশেষকৈ ৰ’নাল্ডো আৰু পত্নী জৰ্জিয়াই নিজৰ লগতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰা এটা ভিডিঅ’ বৰ্তমানলৈকে উপভোগ কৰিছে প্ৰায় 10 নিযুত লোকে ৷

ক্ৰিষ্টিয়ানোৰ ইউ টিউব চেনেলটোৱে 90 মিনিটতকৈও কম সময়ৰ ভিতৰত এক মিলিয়ন অনুসৰণকাৰী লাভ কৰি অভিলেখ সৃষ্টি কৰে ৷ লগতে তেওঁ ইউ টিউব কৰ্তৃপক্ষৰ পৰা লাভ কৰে গ’ল্ডেন বাটন ৷

প্ৰবীণ ফুটবলাৰগৰাকীয়ে এতিয়া ইউ টিউবৰ পৰা লাভ কৰিব ডায়মণ্ড বাটন ৷ কোনো লোকে নিজৰ ইউ টিউব চেনেলত 10 নিযুত গ্ৰাহক লাভ কৰিলে তেওঁলোকক প্ৰদান কৰা হয় এই বাটন ৷ এনে এক কৃতিত্ব লাভ কৰিবলৈ সাধাৰণ লোক অথবা একোগৰাকী ইউ টিউবাৰক বহু সময়ৰ প্ৰয়োজন, কিন্তু 39 বছৰীয়া ৰ’নাল্ডোৰ চেনেলে 10 ঘণ্টাতে এই সীমা অতিক্ৰম কৰে ৷

ক্ৰিষ্টিয়ানোৰ ইউ টিউব চেনেলটোৰ মুকলিৰ পূৰ্বে আটাইতকৈ কম সময়ত 10 নিযুত গ্ৰাহক লাভ কৰা ব্যক্তিজন আছিল বেষ্ট, যি 132 দিনত এই কৃতিত্ব অৰ্জন কৰিছিল ৷ বেষ্টৰ বৰ্তমান ইউ টিউবত সৰ্বাধিক 311 নিযুত গ্ৰাহক আছে । যদি সেই অনুসৰি এই সংখ্যা বৃদ্ধি হৈ থাকে, তেন্তে ৰ’নাল্ডোৰ ইউ টিউব চেনেলটো ইতিহাসৰ দ্ৰুততম বিকাশশীল চেনেলত পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷

সামাজিক মাধ্যমত আছে ৰ’নাল্ডোৰ প্ৰায় ১ বিলিয়ন অনুসৰণকাৰী

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ বৰ্তমান ইউ টিউবত 30 নিযুতৰো অধিক ফ’ল’ৱাৰ্ছ আছে ৷ ফুটবলাৰগৰাকীৰ এক্সত আছে 112.6 নিযুত ফ’ল’ৱাৰ্ছ, ফেচবুকত আছে 170 নিযুত আৰু ইনষ্টাগ্ৰামত আছে 636 নিযুত ফ’ল’ৱাৰ্ছ ।

এই অনুসৰি, সামাজিক মাধ্যমত ৰ’নাল্ডোৰ মুঠ অনুসৰণকাৰীৰ সংখ্যা হৈছে 948 নিযুত আৰু এতিয়া এই সংখ্যা এক বিলিয়নত উপনীত হোৱাৰ দিশত গৈ আছে, যিটো যিকোনো খেলুৱৈৰ বাবে অবিশ্বাস্য ।

সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ

ৰিয়েল মাদ্ৰিদ আৰু মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন খেলুৱৈসকলে বৰ্তমান চৌদি আৰৱৰ ক্লাব আল নাছৰৰ হৈ খেলে আৰু দুটা দশকৰো অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পৰ্তুগালক প্ৰতিনিধিত্ব কৰি আহিছে । ৰ’নাল্ডো হৈছে বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈসকলৰ ভিতৰত এজন । তেওঁ এক বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰা প্ৰথমগৰাকী ফুটবল খেলুৱৈ ।

ফ’ৰ্বছত প্ৰকাশিত তথ্য অনুসৰি, ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সম্পত্তি 26 নিযুত ডলাৰতকৈও অধিক । ৰ’নাল্ডোৱে তেওঁৰ ফুটবল খেলপথাৰৰ বাহিৰত চৌদি আৰৱৰ ফুটবল ক্লাব আল নাছৰৰ পৰা বছৰি 200 নিযুত ডলাৰ উপাৰ্জন কৰে ৷

লগতে পঢ়ক: ৰ’নাল্ডোৱে এদিনত ইউ টিউবৰ পৰা কিমান টকা উপাৰ্জন কৰিছিল ? জানক সমগ্ৰ তথ্য - CRISTIANO RONALDO YOUTUBE EARNINGS

Last Updated : Aug 23, 2024, 8:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.