মাজুলী, 28 মাৰ্চ: সমাগত লোকসভাৰ নিৰ্বাচন । যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানেই ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে । যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ মাজুলীত প্রচাৰ চলাইছে বকোৰ বিধায়িকা নন্দিতা দাসে ।
বকোৰ বিধায়িকাগৰাকীয়ে মাজুলীত উপস্থিত হৈ ৰাইজৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে সেই স্থানত গোট খোৱা ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । কিন্তু ভাষণ দি থকাৰ মাজতে এগৰাকী মহিলাই ক্ষোভ প্রকাশ কৰা দেখিবলৈ পোৱা গ'ল । মহিলাগৰাকীয়ে বকোৰ বিধায়িকা নন্দিতা দাসক কয় যে কংগ্ৰেছ চৰকাৰক ভোট দিলে কিন্তু আজিলৈকে একো চৰকাৰী আঁচনি লাভ নকৰিলে । নাম আহিলেও কংগ্রেছ দলত থকা "ডালশলীয়া, চিকা"বোৰে নাম কাটি দিয়ে, যাৰ বাবে বাৰে বাৰে তেওঁ বঞ্চিত হৈছে । কংগ্ৰেছক পুনৰ ভোট দিবলৈ হলে ডালশলীয়াবোৰক আঁতৰাবলৈও নন্দিতা দাসক অনুৰোধ জনালে মহিলাগৰাকীয়ে ।
ভাষণৰ মাজতে ক্ষোভ প্ৰকাশ কৰা মহিলাগৰাকীৰ কথাত অস্বস্তিত পৰিল বিধায়িকা নন্দিতা দাস । এইবাৰ সকলো চৰকাৰী সুবিধা পাব বুলি মহিলাগৰাকীক আশ্বাস দিলে বিধায়িকাগৰাকীয়ে । উপস্থিত কংগ্ৰেছ কৰ্মীসকলেও বুজনি দিলে মহিলাগৰাকীক ।
উল্লেখ্য যে পূৰ্বে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হোৱা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যোৰহাট লোকসভা সমষ্টিৰ পৰা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ পৰিৱৰ্তে নতুনকৈ গঠন কৰা হৈছে কাজিৰঙা সমষ্টি । কিন্তু কাজিৰঙাৰ পৰা নিৰ্বাচন খেলাৰ পৰিৱৰ্তে যোৰহাটৰ পৰাহে যুঁজত নামিল গৌৰৱ গগৈ । যোৰহাটত গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী হিচাপে আছে বিজেপিৰ তপন কুমাৰ গগৈ । অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত যোৰহাট লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।