ETV Bharat / politics

উখল-মাখল বিজেপি কাৰ্যালয়: এফালে নাম-প্ৰসংগ, আনফালে ভোজৰ প্ৰস্তুতি - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 1:47 PM IST

Lok Sabha Election Results 2024: লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । অসমৰ প্ৰেক্ষাপটত বিজেপিয়ে কেইবাখনো আসনত অগ্ৰগতি লাভ কৰিছে । গুৱাহাটীৰ বিজেপি কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ ।

Lok Sabha Election Results 2024
উখল-মাখল বিজেপি কাৰ্যালয় (ETV Bharat)

গুৱাহাটী,৪ জুন : আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচন । সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে । ভোটগণনা কেন্দ্ৰবোৰৰ বাহিৰত প্ৰতিটো দলৰে কৰ্মী তথা সমৰ্থকসকলে কৌতূহলী মনেৰে নিৰ্বাচনৰ ফলাফললৈ অপেক্ষা কৰি থকা দেখা গৈছে । শেহতীয়া ফলাফলৰ প্ৰৱণতা অনুসৰি বিজেপিয়ে ২০০ ৰো অধিক আসনত আগবাঢ়ি আছে । অসমৰো কেইবাখনো আসনত বিজেপিয়ে আগবাঢ়ি আছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খনতে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ।

উখল-মাখল বিজেপি কাৰ্যালয় (ETV Bharat)

এনে পৰিস্থিতিত বিজেপি কাৰ্যালয় আৰু কৰ্মীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । একাংশ স্থানত বিজেপিয়ে ইতিমধ্যে বিজয় উৎসৱৰ প্ৰস্তুতি চলাইছে । গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ-পূৱৰ মুখ্য কাৰ্যালয়তো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । পুৱাৰে পৰা কাৰ্যালয়ত নাম-প্ৰসংগ চলি আছে । বিজেপিৰ ভাল ফলাফলৰ কামনাৰে ভকতসকলে নাম-কীৰ্তন কৰিছে ।

লগতে পঢ়ক :নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী অসমৰ প্ৰাৰ্থীসকল - Lok Sabha Election Results 2024

ইফালে বিধে বিধে প্ৰস্তুত কৰা হৈছে জিলাপীকে ধৰি বিভিন্ন মিঠাই । সাংবাদিক, নেতা-কৰ্মীকে ধৰি কাৰ্যালয়লৈ অহা প্ৰতিগৰাকী ব্যক্তিক আপ্যায়নৰ বাবে সাজু হৈছে বিজেপি । ইয়াৰ লগে লগে বিজেপি কৰ্মীসকলে বিজয় উৎসৱৰ বাবে ফটকা আদিও সাজু কৰি ৰাখিছে । ইতিমধ্যে দুই এজনকৈ বিজেপি নেতা-কৰ্মীৰো আগমন হৈছে বিজেপি কাৰ্যালয়ত । মুঠতে গুৱাহাটীৰ বিজেপি কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । একেদৰে অসমৰ বাকী জিলাসমূহৰ বিজেপি কাৰ্যালয়বোৰতো একে পৰিৱেশ দেখা গৈছে । অৱশ্যে অসম তথা দেশত বিজেপিয়ে কিমান আসন লাভ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.