ETV Bharat / politics

সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰভাৱ পেলোৱা লখিমপুৰ সমষ্টিত কেনে হ'ব নিৰ্বাচনী যুঁজ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Lakhimpur Constituency: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত লখিমপুৰৰ পৰা বাদ পৰিল মাজুলী আৰু চাবুৱা । অন্তৰ্ভুক্ত হ'ল নতুনকৈ ৰঙানদী আৰু চিচিবৰগাঁও নামেৰে গঠন কৰা দুটা সমষ্টি । নতুন সমষ্টি দুটাক বাদ দিলে আন সাতটা সমষ্টিৰ ছটা সমষ্টিয়েই বিজেপিৰ দখলত । একমাত্র নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ ভৰত নৰহৰ দখলত।

LOK SABHA ELECTION 2024
সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰভাৱ পেলোৱা লখিমপুৰ সমষ্টিত কেনে হ'ব নিৰ্বাচনী যুঁজ
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 7:52 PM IST

গুৱাহাটী, ২৬ মাৰ্চ: তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকল । লক্ষণীয় বিষয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰায় প্ৰতিটো লোকসভা সমষ্টিৰে ৰূপৰেখা বহুখিনি সলনি হৈছে । যাৰ বাবে এইবাৰৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব বুলি ধাৰণা কৰা হৈছে ।

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১২ নং লখিমপুৰ সমষ্টিটোত নতুনত্ব আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত লখিমপুৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভিতৰত মাজুলী আৰু চাবুৱাক বাদ দি নতুনকৈ ৰঙানদী আৰু চিচিবৰগাঁও নামেৰে দুটা সমষ্টি গঠন কৰি অন্তৰ্ভুক্ত কৰা হৈছে ।

সেই অনুসৰি বৰ্তমান লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছে ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা বিধানসভা সমষ্টি । নতুন সমষ্টি দুটাক বাদ দিলে আন সাতটা সমষ্টিৰ ছয়টা সমষ্টিয়েই আছে বিজেপিৰ দখলত । এটা আছে কংগ্ৰেছৰ দখলত । নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ ভৰত নৰহৰ দখলত । আন ছয়টা সমষ্টিৰ ভিতৰত লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱ দলে, ধেমাজিত ৰণোজ পেগু, জোনাইত ভুৱন পেগু, শদিয়াত বলিন চেতিয়া আৰু ডুমডুমাত আছে ৰূপেশ গোৱালা ।

এই আটাইকেইটা সমষ্টি বিজেপিৰ দখলত আছে। শাসকীয় দলৰ বাবে নিজৰ বিধায়ক থকা সমষ্টিকেইটাত সমৰ্থন লাভ কৰাত বিশেষ অসুবিধা নাই যদিও আন তিনিটা সমষ্টিত কিছু জটিলতা আছে । নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ উজনিৰ শক্তিশালী নেতা ভৰত নৰহৰ দখলত । আনহাতে নৱগঠিত ৰঙা নদী সমষ্টিটোত নাওবৈচাৰ সৰহভাগ এলেকা সংযোগ কৰা হৈছে । লখিমপুৰ, বিহপুৰীয়া আৰু নাওবৈচা সমষ্টিৰ বুথ কাটি আনি ৰঙা নদী সমষ্টিটো গঠন কৰা হৈছে ।

ইয়াৰ সৰহভাগ বুথ নাওবৈচা সমষ্টিৰ । সেয়ে নাওবৈচা সমষ্টিৰ সৰহভাগ বুথ অন্তৰ্ভুক্ত হোৱা ৰঙা নদী সমষ্টিত প্ৰকাৰন্তৰে হ’লেও নাওবৈচা সমষ্টিৰ কংগ্রেছী বিধায়কগৰাকীৰ প্ৰভাৱ থাকিব ।

সেইদৰে আনটো নতুন সমষ্টি চিচিবৰগাঁও সমষ্টিটোৰ ছবিখন এতিয়াও স্পষ্ট নহয়। ঢকুৱাখনা সমষ্টি বিজেপিৰ দখলত আছে যদিও সমষ্টিটোত কংগ্রেছৰো দখল শক্তিশালী ৰূপত আছে। সেয়ে নাওবৈচা, ৰঙানদী, চিচিবৰগাঁও, ঢকুৱাখনা আদি সমষ্টিকেইটাত শাসকীয় দলে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । আনহাতে বান প্ৰভাৱিত ধেমাজিত বৃহৎ নদীবান্ধৰ প্ৰসংগই নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰাপ্ত ভোটৰ তথ্যই বহু কথাই স্পষ্ট কৰিছে। ২০১৯ চনৰ নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই পোৱা ভোটৰ সংখ্যা আছিল ৬২ হেজাৰ ৩৭৫ টা। তেনেদৰে চাবুৱা সমষ্টিত পোৱা ভোটৰ সংখ্যা আছিল ৭৯ হেজাৰ ২১ টা। এই দুয়োটা সমষ্টিত প্ৰদান বৰুৱাই পোৱা মুঠ ভোটৰ সংখ্যা হ'ল ১ লাখ ৪১ হেজাৰ ৩৯৬ টা। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোঁহায়ে মাজুলী সমষ্টিত পাইছিল ২৪ হেজাৰ ২৪২ টা ভোট আৰু চাবুৱা সমষ্টিত পাইছিল ২৭ হেজাৰ ৫৭৩ টা ভোট। কংগ্ৰেছৰ প্ৰাৰ্থীজনে এই দুয়োটা সমষ্টিত পোৱা ভোটৰ সংখ্যা আছিল ৫১ হেজাৰ ৮১৫ টা ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এই সমষ্টি দুটা বাদ দিয়াৰ ফলত শাসকীয় দলে যেনেদৰে লক্ষাধিক ভোট হেৰুৱালে তেনেদৰে বিৰোধী কংগ্ৰেছ দলেও হেৰুৱালে অর্ধ লক্ষাধিক ভোট । আনহাতে এইবাৰ লোকসভা সমষ্টিটোৰ পৰা এই দুটা সমষ্টি বাদ দি নতুনকৈ গঠন কৰা ৰঙানদী আৰু চিচিবৰগাঁও সমষ্টি দুটা অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়া নতুনকৈ গঠন কৰা সমষ্টি দুটাই শাসক-বিৰোধী দলে হেৰুওৱা ভোটৰ জোৰা মাৰিবলৈ সক্ষম হ'ব নে নহয় সেয়া হৈছে বৰ্তমান অন্যতম চর্চিত বিষয় । এয়া লখিমপুৰ লোকসভা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনত এক নির্ণায়ক কাৰক হোৱাৰো সম্ভাৱনা আছে।

প্রণিধানযোগ্য যে, বিগত নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে ৩ লাখ ৫০ হেজাৰ ৫৫১ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীজনক পৰাস্ত কৰিছিল । এইবাৰ যদি বাদ দিয়া সমষ্টি দুটাৰ পৰা ঘাটি হোৱা ভোটৰ সংখ্যা নতুন সমষ্টি দুটাত বিজেপি দলে জোৰা মাৰিব নোৱাৰে তেন্তে ডেৰ লক্ষাধিক ভোট হেৰুওৱাৰ বিপৰীতে বিৰোধী দলে নতুন সমষ্টিত খোপনি পুতিবলৈ সক্ষম হ'লে সম্পূর্ণ নির্বাচনী চিত্ৰপট ওলট-পালট হৈ পৰাৰ সম্ভাৱনা আছে । কিয়নো নতুন সমষ্টি দুটাত এই মুহূৰ্তত বিজেপি অথবা কংগ্ৰেছৰ কোনো বিধায়ক নাই।

সেয়ে সেই সমষ্টি দুটাৰ জনমত লোকসভাৰ নিৰ্বাচনত কোন দলৰ সপক্ষে যাব সেয়া এই সময়ত স্পষ্টকৈ কোৱা টান। অৱশ্যে এই নতুন সমষ্টিকেইটাত যি দলেই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব তাৰ ওপৰতে লখিমপুৰ লোকসভা নিৰ্বাচনৰ ফল বহু পৰিমাণে নিৰ্ভৰ কৰিব। কিন্তু শেহতীয়াকৈ লখিমপুৰৰ দৃষ্টপট হাঠাতে সলনি হোৱা পৰিলক্ষিত হৈছে।

লক্ষণীয় বিষয় যে, লখিমপুৰ সমষ্টিত বিজেপিয়ে সাংসদ প্ৰদান বৰুৱাকে প্ৰাৰ্থীত্ব প্ৰদান কৰে যদিও কংগ্ৰেছ দলে বহু পলমকৈ শনিবাৰে নিশা সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণাৰ পাছতে লখিমপুৰ সমষ্টিৰ সমীকৰণ যথেষ্ট সলনি হয়। কংগ্ৰেছ দলে সমষ্টিটোৰ দুবাৰৰ সাংসদ ৰাণী নৰহক বঞ্চিত কৰি ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। ৰাণী নৰহক বঞ্চিত কৰাৰ লগে লগে প্ৰথমে দলীয় পদবী আৰু তাৰ পাচত দল ত্যাগ কৰে নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে। পত্নীক টিকট নিদিয়াৰ বাবেই ভৰত নৰহে কংগ্ৰেছ দল ত্যাগ কৰে।

উজনি অসমত বিশেষকৈ লখিমপুৰ সমষ্টিটোত বিশেষ প্ৰভাৱ থকা নৰহ দম্পতীৰ এই বিদ্বেষে কংগ্ৰেছ দলক নিশ্চয়কৈ সমস্যাত পেলাব । ভৰত নৰহৰ পদত্যাগে সমষ্টিটোত কংগ্ৰেছৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ লাভালাভ নিশ্চয়কৈ শাসকীয় দলৰ পক্ষতে থাকিব ।

দলত্যাগ নাইবা পদত্যাগ কৰা কংগ্ৰেছৰ বহু কেইজন নেতা এইবাৰৰ নিৰ্বাচনত বিজেপিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। উল্লখ্য যে লখিমপুৰ সমষ্টিত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব । শেহতীয় ভোটাৰ তালিকা অনুসৰি লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ১৫,৬৯,৫৩১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৭,৮১,৭৯৪ গৰাকী আৰু মহিলা ভোটাৰ হ’ল ৭,৮৪,৪৩২ গৰাকী । সমষ্টিটোত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১,৭৭৫ টা ।

লগতে পঢ়ক: কংগ্ৰেছৰ কোনে, ক’ত, কেতিয়া দিব মনোনয়ন ? - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.