ETV Bharat / politics

40 বছৰ ধৰি বিধায়ক হৈ থকাৰ পিচত এইবাৰ দিল্লীলৈ যাব ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 1:16 PM IST

LOK SABHA ELECTION RESULTS 2024: বঙাইগাঁও চহৰত ফণীভূষণ চৌধুৰীক বিপুল আদৰণি । বিজয়ৰ পিচতেই প্ৰাৰ্থীগৰাকীয়ে বঙাইগাঁও চহৰত উপস্থিত হোৱাত দলীয় কৰ্মী তথা সমৰ্থকসকলে জনালে আদৰণি ।

Barpeta Lok Sabha constituency
বঙাইগাঁও চহৰত ফণীভূষণ চৌধুৰী (ETV BHARAT ASSAM)

বঙাইগাঁও, ৫ জুন: বৰপেটা লোকসভা সমষ্টিৰ পৰা দিল্লীমুখী যাত্ৰা আৰম্ভ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ । মঙলবাৰে ঘোষিত ফলাফলত ফণীভূষণ চৌধুৰীয়ে ২,১৮,৭৫৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ লগে লগে এই যাত্ৰাৰ পথ প্ৰশস্ত হৈ পৰে । এই বিজয়ৰ পিচতেই প্ৰাৰ্থীগৰাকীয়ে মঙলবাৰে নিশাই বঙাইগাঁও চহৰত উপস্থিত হয় । বঙাইগাঁও বিধানসভা সমষ্টিৰ আঠবাৰৰ বিধায়কগৰাকীয়ে এইবাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰত পদাৰ্পণ কৰাত দলীয় কৰ্মী তথা সমৰ্থকসকলে বিপুল আদৰণি জনায় । অগপ আৰু বিজেপি দলৰ বঙাইগাঁৱৰ কৰ্মকৰ্তাসকলে তেওঁক আদৰণি জনোৱাৰ লগতে ফটকা-আতচবাজিৰে বিজয় উৎসৱ পালন কৰে ।

জয়লাভ কৰাৰ পিছত বঙাইগাঁও চহৰত অগপ আৰু বিজেপি দলৰ কৰ্মকৰ্তাসকলে পুষ্পসজ্জিত বাহনেৰে ৰেলী কৰি তেওঁক বৰপাৰাস্তিত বঙাইগাঁও অগপ জিলা কাৰ্যালয়লৈ আদৰি আনে । অগপৰ বঙাইগাঁও জিলা কাৰ্যালয়ত বৰণ কৰি ফণীভূষণ চৌধুৰীক আদৰণি জনায় অগপৰ কৰ্মীসকলে । ইয়াৰ পিচতেই ফণীভূষণ চৌধুৰীয়ে কয় যে অগপ দলৰ প্ৰতি যি মৰম আৰু আস্থা ৰাইজে দিছে তাৰবাবে তেওঁ চিৰ কৃতজ্ঞ হৈ থাকিব । তেওঁ পুনৰ কয় যে বঙাইগাঁও বিধানসভা সমষ্টিকে ধৰি ১০ টা বিধানসভা সমষ্টিৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিব ।

উল্লেখ্য যে ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানক লৈ নিৰ্বাচনৰ পূৰ্বে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বঙাইগাঁও বিধানসভা সমষ্টি হৈছে অগপৰ অভেদ্য দূৰ্গস্বৰূপ ৷ বিগত আঠটাকৈ কাৰ্যকাল ফণীভূষণ চৌধুৰী বঙাইগাঁৱৰ অগপ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷ এতিয়া তেওঁৰ দিল্লী যাত্ৰাৰ পিচতেই আৰম্ভ হৈছে বঙাইগাঁও বিধানসভা সমষ্টিটো অগপৰ হাততেই থাকিব নে সেইখন আসন অগপই বিজেপিকেই এৰি দিব । অৱশ্য়ে এতিয়া বিষয়টোৰ পৰা সকলোৱেই মন্তব্য় কৰাৰ পৰা আঁতৰি আছে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

লগতে পঢ়ক: আমাৰ কৰ্মীসকলে ভোট দিলেনে নাই সেয়াও চিন্তা কৰিবলগীয়া হৈছে: ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.