ETV Bharat / politics

দলীয় সতীৰ্থক হেৰুৱাই মৰ্মাহত পবিত্ৰ মাৰ্ঘেৰিটা-যোগেন মহন - Debajit Hazarika Suicide Case - DEBAJIT HAZARIKA SUICIDE CASE

Sonari BJP leader suicide case : প্ৰয়াত বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ পৰিয়ালক সাক্ষাৎ পবিত্ৰ মাৰ্ঘেৰিটা আৰু যোগেন মহনৰ ৷ অভিযুক্ত পলাই সাৰিব নোৱাৰে বুলি মন্তব্য দুয়োগৰাকী মন্ত্ৰীৰ ৷ ইফালে ৬ মাহ পূৰ্বে বিজেপিত যোগদান কৰা ৰঞ্জিত বুঢ়াগোঁহাইক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷

Sonari BJP leader suicide case
৬ মাহতে দলৰ পৰা বাহিৰ ৰঞ্জিত বুঢ়াগোঁহাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 10:04 PM IST

ডিব্ৰুগড়, ২৩ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাক লৈ আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া । সকলোৱে বিজেপি নেতাগৰাকীৰ আত্মহত্যাৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷ কিয়নো পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা ছুইচাইড নোটত উল্লেখ আছে আত্মহত্যাৰ কাৰণ ৷ বাৰে বাৰে বাতৰি পৰিৱেশন কৰি তেওঁক মানসিক হাৰাশাস্তি চলোৱা হৈছিল বুলি গুৰুতৰ অভিযোগ লিখিত আছিল ছুইচাইড নোটত ৷

ইতিমধ্যে চৰাইদেউ জিলা প্ৰশাসন আৰু সোণাৰিৰ বিধায়কৰ লগতে মন্ত্ৰী যোগেন মহনে স্পষ্ট কৰিছে যে বিজেপি নেতা তথা পঞ্চায়ত সভাপতিগৰাকীয়ে কোনোধৰণৰ দুৰ্নীতি কৰা নাছিল ৷ RTI কৰ্মী, সংবাদিকৰ ব্লেকমেইলত অতিষ্ঠ হৈ বিজেপি নেতা তথা পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰিব লগা হ’ল ।

দেৱজিৎ হাজৰিকাৰ পৰিয়ালক সাক্ষাৎ পবিত্ৰ মাৰ্ঘেৰিটা আৰু যোগেন মহনৰ (ETV Bharat Assam)

আনহাতে চুইচাইড নোটত উল্লেখ থকা ৪ গৰাকীৰ বিৰুদ্ধে মৃত পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে এজাহাৰ দাখিল কৰাত সোণাৰি আৰক্ষীয়ে শুকুৰবাৰে বিয়লি BDO ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । লগতে ছুইচাইড নোটত নাম উল্লেখ থকা সাংবাদিক ৰফিক আহমেদ, RTI কৰ্মী দুলাল বৰা আজিও পলাতক ৷ সাংবাদিক ৰফিক আহমেদক সোণাৰি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷

এই ঘটনাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে যদিও বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ মৃত্যুক লৈ ৰহস্যজনকভাৱে মৌন হৈ আছে মুখ্যমন্ত্ৰী ৷ ইয়াৰ মাজতে সোমবাৰে বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰাইদেউ ৰজাপুখুৰীস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যৰ মন্ত্ৰী যোগেন মহন ৷ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত বিজেপিৰ নেতাজনৰ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী দুজনে ৷ ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিয়ে পৰিয়ালক ।

ৰঞ্জিত বুঢ়াগোঁহাইক বিজেপিৰ পৰা বহিষ্কাৰ :

অৱসৰপ্ৰাপ্ত বিডিঅ' ৰঞ্জিত বুঢ়াগোঁহাইক বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে । অসামাজিক কাৰ্যত লিপ্ত হৈ আৰক্ষীৰ হাতত কৰায়ত্ব হোৱা বাবেই দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেওঁক । বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহননৰ সৈতে নাম সাঙোৰ খাইছিল মাত্ৰ ছমাহ পূৰ্বে বিজেপি দলত যোগদান কৰা ৰঞ্জিত বুঢ়াগোঁহাই । দেৱজিৎ হাজৰিকাৰ চুইচাইড নোটত উল্লেখ আছিল ইতিমধ্যে আৰক্ষীয়ে আটক কৰা ৰঞ্জিত বুঢ়াগোঁহাইৰ নাম ।

বিজেপি নেতাৰ আত্মহত্যাক লৈ কি ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই ?

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘আমাৰ ভাই এটা নোহোৱা হৈ গ'ল, তাৰ কোনো সান্ত্বনা মই পৰিয়লটোক দিব পৰা নাই । ছুইচাইড নোটত যিসকলৰ নাম আছে তেওঁলোকৰ বিৰুদ্ধে তীব্ৰগতিত তদন্ত চলিছে । বিজেপি দলৰ পৰা পৰিয়ালটোক কেনেকৈ সহায় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হৈছে ৷ যিকেইজন পলাই আছে তেওঁলোকক ধৰিবলৈ আৰক্ষীয়ে কাম আৰম্ভ কৰিছে ।’’

দেৱজিৎ হাজৰিকাই কোনো দুৰ্নীতি কৰা নাছিল : যোগেন মহন

মন্ত্ৰী যোগেন মহনে কয়, ‘‘অতি নিষ্ঠাবান কৰ্মী দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰা ঘটনাটো অতি বেদনাদায়ক । যিটো কাম দেৱজিৎ হাজৰিকাই কৰিছিল সেয়া চৰকাৰীভাৱে নিখুঁত আছিল । কোনোধৰণৰ খেলিমেলি হোৱা নাছিল । এই ঘটনাৰ উচিত তদন্ত হ'ব । কোনো পলাতক হৈ থাকিব নোৱাৰে ।’’

লগতে পঢ়ক : সাংবাদিক পৰিস্মিতা ফুকনৰ বাসগৃহত আৰক্ষীৰ অভিযান, দুদিনৰ বাবে পুনৰ ল’লে জিম্মাত

এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিযুক্ত সাংবাদিক-প্ৰাক্তন বি ডি অ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.