ETV Bharat / politics

পৰাজয়ৰ সন্দৰ্ভত কি ক'লে ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 3:58 PM IST

Dhubri Lok Sabha Constituency: মূৰত তুলি লোৱা লোকসকলে কিয় ইমান কম ভোট দিলে ? এইক্ষেত্ৰত গৱেষণা কৰিব বদৰুদ্দিন আজমলে । পৰাজয়ৰ বাবে নিজৰ ভুল স্বীকাৰ কৰে সদ্যপৰাজিত সংসদগৰাকীয়ে ৷ ধুবুৰী ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে ৰকিবুল হুছেইনৰ প্ৰতি আহ্বান ৷ ভোট দিয়া-নিদিয়া সকলোকে ধন্যবাদ জ্ঞাপন ।

BADRUDDIN AJMAL
সদ্য পৰাজিত সাংসদ বদৰুদ্দিন আজমল (ETV Bharat Assam)

গুৱাহাটী, ৫ জুন: সংসদত শূন্য হ'ল এ আই ইউ ডি এফ ৷ পৰাজিত হ’ল ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল । অভিলেখ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে কংগ্ৰেছৰ ৰকিবুল হুছেইনে । এখন আসনেৰে সংসদীয় ৰাজনীতিত থকা এ আই ইউ ডি এফ দলে সেইখনো হেৰুৱালে ।

অৱশ্যে লোকসভা নিৰ্বাচনৰ এই ফলাফলক তথা দলটোৰ পৰাজয়ক মানি লৈছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰী সমষ্টিৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ ৰায়ক তেওঁলোকে মানি লৈছে । ভোট দিয়া আৰু নিদিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ বৃহৎ ব্যৱধানত জয়ী হোৱা ৰকিবুল হুছেইনক বিশেষভাৱে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।

ধুবুৰীৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে ৰকিবুল হুছেইনৰ প্ৰতি আহ্বান জনাই তেওঁ কয় যে সকলো সময়তে এ আই ইউ ডি এফ দল ৰকিবুল হুছেইনৰ লগত আছে ৷ সমষ্টিটোৰ ৰাইজে বহু আশা লৈ ৰকিবুল হুছেইনক ইমান বৃহৎ ভোটত জয়ী কৰালে বুলি মন্তব্য কৰি তেওঁ ৰাইজৰ সেই আশা পূৰণৰ বাবে ৰকিবুল হুছেইনক আহ্বান জনায় ।

আনহাতে পৰাজয়ৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে এইক্ষেত্ৰত পৰ্যালোচনা কৰিব লাগিব । তাৎক্ষণিক কাৰণ হিচাপে নিজৰ এশ শতাংশ ভুল থকা বুলি তেওঁ স্বীকাৰ কৰে । মূৰত তুলি লোৱা লোকসকলে কিয় ইমান কম ভোট দিলে সেইটো গৱেষণাৰ বিষয় বুলি মন্তব্য কৰি তেওঁ কয় যে এইক্ষেত্ৰত গৱেষণা কৰিব লাগিব । আনহাতে ২০২৬ৰ আগত দলৰ গড্ডাৰসকলক চিনাক্ত কৰিব লাগিব বুলি কৈ বৰাকৰ দুজনক কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ প্ৰসংগ উল্লেখ কৰে আজমলে ।

তেওঁ লগতে কয় যে দেশজুৰি নৰেন্দ্ৰ মোদীৰ অত্যাচাৰৰ বিৰুদ্ধে এটা ঢৌ আছিল । ৰাম মন্দিৰ, বাবৰি মছজিদ আদিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে দেশজুৰি মোদী চৰকাৰৰ বিৰুদ্ধে ছুনামি আহিছে । এই ছুনামিৰ প্ৰভাৱ অসমতো পৰিছে । ইয়াৰ ভিতৰত ধুবুৰীও আছে ।

পৰাজয়ৰ এই বৃহৎ আঘাত সন্দৰ্ভত বিশদ পৰ্যালোচনাৰ প্ৰয়োজন আছে বুলি কয় বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে ক’ৰবাত নহয় ক’ৰবাত কিবা এটা গণ্ডগোল হৈছে আৰু সেই গণ্ডগোল ধৰাৰ বাবে কিছু সময় লাগিব । ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ তেওঁ যথেষ্ট আশাবাদী বুলিও উল্লেখ কৰে ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ উদাহৰণসহ বুজাই দিয়ে যে নিৰ্বাচনত হৰা-জিকা থাকেই ৷ ডাঙৰ ডাঙৰ মানুহ নিৰ্বাচনত এবাৰ নহয় এবাৰ পৰাজিত হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজে তেওঁক বহুত মৰম কৰি তিনিবাৰ সাংসদ বনালে । যোৰহাটৰ প্ৰসংগত তেওঁ কয় যে গৌৰৱ গগৈ ভালদৰে জয়ী হৈছে আৰু তাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে আজমলে ৷ প্ৰদ্যুৎ বৰদলৈকো তেওঁ অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক: নেতাতকৈও বেছি ভোট পালে নোটাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.