ETV Bharat / politics

ডিফুত ভোটদানৰ হাৰ 75.74 শতাংশ: হাওৰাঘাটত সৰ্বাধিক ভোটদান - LOK SABHA ELECTION 2024

LOK SABHA ELECTION 2024: ডিফু লোকসভা সমষ্টিত প্ৰায় শান্তিপূৰ্ণভাবেই সম্পন্ন হয় ভোটগ্ৰহণ ৷ সংসদীয় সমষ্টিটোৰ কোনো ভোটকেন্দ্ৰত নিশা পৰ্যন্ত অব্যাহত থাকে ভোটগ্ৰহণ ৷

LOK SABHA ELECTION 2024
ডিফুত ভোটদানৰ হাৰ 75.74 শতাংশ
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:00 PM IST

গুৱাহাটী, 28 এপ্ৰিল : 26 এপ্ৰিলত অনুষ্ঠিত হৈ যায় লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট অৰ্থাৎ ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ ৷ নিৰ্বাচন আয়োগৰ তথ্য মতে, ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে 81.97 শতাংশ লোকে ৷

ৰাজ্যৰ পাঁচটা সমষ্টিৰ লগতে ডিফু লোকসভা সমষ্টিতো প্ৰায় শান্তিপূৰ্ণভাৱেই সম্পন্ন হয় ভোটগ্ৰহণ ৷ সংসদীয় সমষ্টিটোৰ কোনো ভোটকেন্দ্ৰত নিশা পৰ্যন্ত ভোটগ্ৰহণ চলি থকাৰ খবৰো পোৱা গৈছে ৷ সমষ্টিটোৰ ভিতৰুৱা অঞ্চলৰ কেইবাটাও ভোটকেন্দ্ৰত নিশা প্ৰায় 10-11 বজা পৰ্যন্ত ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

তথ্য মতে, ডিফু লোকসভা সমষ্টিত ভোটদানৰ হাৰ 75.74 শতাংশ ৷ 2019 চনত ডিফু লোকসভা সমষ্টিত ভোটদানৰ হাৰ আছিল 77.46 শতাংশ ৷ উল্লেখ্য যে, ডিফু লোকসভা সমষ্টিৰ অধীনত আছে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ 6 টা বিধানসভা সমষ্টি ক্ৰমে- ডিফু, হাওৰাঘাট, বোকাজান, হাফলং তথা নতুনকৈ গঠন হোৱা আমৰি আৰু ৰংখ্যাং বিধানসভা সমষ্টি ৷

তিনি পাৰ্বত্য জিলা সামৰি গঠন হোৱা লোকসভা আসনখনৰ বাবে মুঠ 8 লাখ 93 হাজাৰ 58 গৰাকী ভোটাৰে পাঁচগৰাকীকৈ প্ৰার্থীৰ ভাগ্য নির্ণয় কৰিব ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 4,45,353 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 4,47,686 গৰাকী ৷ তদুপৰি তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ'ল 19 গৰাকী ৷

নিৰ্বাচন আয়োগৰ তথ্য মতে, ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত আমৰি বিধানসভা সমষ্টিত 73.76 শতাংশ, বোকাজানত 76.64 শতাংশ, ডিফুত 75.05 শতাংশ, হাফলঙত 73.83 শতাংশ, হাওৰাঘাটত 77.57 শতাংশ আৰু ৰংখাঙত ভোটদানৰ হাৰ 76.81 শতাংশ ৷

উল্লেখ্য যে, বোকাজানৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ নোমল মমিন, ডিফুৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ বিদ্যাছিং ইংলেং, হাফলঙৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ নন্দিতা গাৰ্লোচা আৰু হাওৰাঘাটৰ বৰ্তমানৰ বিধায়ক হ'ল বিজেপিৰ দৰসিং ৰহাং ৷

উল্লেখ্য যে, এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি দলৰ অমৰসিং তিছ', কংগ্ৰেছ দলৰ জয়ৰাম ইংলেং, আঞ্চলিক ৰাজনৈতিক দল এ এছ ডি চিৰ জৎছন বে', গণ সুৰক্ষা পাৰ্টিৰ জন বাৰ্ণার্ড চাংমা আৰু আঞ্চলিক দল এ পি এইচ এলচু সমৰ্থিত নির্দলীয় প্ৰার্থী জনছ ইংতি কাথাৰ ৷

দীৰ্ঘসময় ধৰি কংগ্ৰেছৰ দখলত থকা ডিফু সমষ্টিটো 2019 ৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল আৰু সমষ্টিটোৰ বৰ্তমানৰ সাংসদ হৈছে বিজেপিৰ হৰেন সিং বে'৷ অৱশ্যে ডিফু লোকসভা সমষ্টিৰ মুঠ পাঁচ গৰাকী প্ৰাৰ্থীৰ ভিতৰত শেষ হাঁহি কোনে মাৰিব, সেয়া জানিব পৰা যাব ফলাফলতহে ৷

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে ছখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰাক লৈ প্ৰশ্ন আপৰ - Lok Sabha Election 2024

গুৱাহাটী লোকসভা সমষ্টিত আৰম্ভ পোষ্টেল বেলটৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.