ETV Bharat / politics

ৰূপজ্যোতি কুৰ্মী-ৰাণা গোস্বামীৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত মাতিছে গৌৰৱ গগৈয়ে ! - Jorhat LS seat results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 11:03 PM IST

Rise of Gaurav Gogoi: বিজেপি দম্ভ, অংহকাৰ, প্ৰৱল আত্মবিশ্বাস, ধনবল-জনবলক যেন মুঠেই নস্যাৎ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰে ৷ গৌৰৱ গগৈৰ জয়ৰ পিচতেই এইধৰণৰ বহু কথা চৰ্চালৈ আহিছে ৷ কংগ্ৰেছ এৰি বিজেপিলৈ অহা দুই নেতা বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ৰাণা গোস্বামীৰ ৰাজনৈতিক জীৱন অন্ধকাৰলৈ ঠেলিলে নেকি গৌৰৱৰ উত্থানে ?

rise of Gaurav Gogoi
JORHAT LS SEAT RESULTS 2024 (ETV Bharat Assam)

যোৰহাট, 6 জুন: বিজেপি আৰু মিত্ৰজোটে অসমত অভিলেখ সংখ্যক ১১খন আসন লাভ কৰিলেও বিজেপিৰ ভিতচ'ৰাত দেখিবলৈ পোৱা গৈছে ক্ষোভ আৰু অসন্তুষ্টি । কাৰণ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছিল ১৪নং যোৰহাট লোকসভা সমষ্টিৰ ওপৰত ।

কিয়নো যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে । তাৰ ফলত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিছিল যিকোনো মূল্যৰ বিনিময়ত গৌৰৱ গগৈৰ লোকসভালৈ অহা পথ ৰুদ্ধ কৰিব লাগে । তাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিজেপিৰ প্ৰায় সকলো নেতা, বিধায়ক,সাংসদে বাহৰ পাতিছিল যোৰহাট লোকসভা সমষ্টিত ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকলে যোৰহাট লোকসভা সমষ্টিত ২০পৰা ২২খন নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে ৰ'ড শ্বত অংশগ্ৰহণ কৰিছিল আৰু উক্ত সভাসমূহত তেওঁ কৈছিল যে যোৰহাটত অসমৰ ভিতৰত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জয়ী হ'ব । ঠিক তেনেদৰে যোৰহাট লোকসভা সমষ্টিত বাহৰ পাতি মন্ত্ৰী পীযুষ হাজৰীকাই অভিলেখ সংখ্যক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু গৌৰৱক কটাক্ষ কৰি তেওঁ কৈছিল গৌৰৱ গগৈয়ে পিতৃৰ আৰ্শীবাদত অসমত পেৰাচুট লেণ্ডিং কৰিছে আৰু যদি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী হয় তেন্তে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব ।

লগতে পঢ়ক: পুৰণি বিজেপিয়ে নতুন বিজেপি মন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ইয়াৰ বিপৰীতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক দিগন্ত কলিতাই গৌৰৱ গগৈক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে ব্যক্তিগতভাবে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ ইয়াৰ উপৰিও মন্ত্ৰী অজন্তা নেওগ,ৰনোজ পেগু,অতুল বৰা ,কেশৱ মহন্ত,যোগেন মহন আৰু ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটত বাহৰ পাতি ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ।

আনহাতে চাহ জনগোষ্ঠীৰ ভোটাৰৰ মন জয় কৰাবলৈ তেজপুৰ তদানীন্তন সাংসদ পল্লৱ লোচন দাসক দায়িত্ব দিছিল আৰু ব্যাপক হাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল । কিন্তু সকলো প্ৰচাৰ ,প্ৰলোভন আৰু প্ৰতিশ্ৰুতি ওফৰাই যোৰহাটবাসী ৰাইজৰ আৰ্শীবাদত গৌৰৱ গগৈয়ে 1,44,393 টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় ।

গৌৰৱ গগৈয়ে 10 টা বিধানসভা সমষ্টিত পোৱা ভোটৰ সংখ্যা:

93 নং সোণাৰি সমষ্টি-

গৌৰৱ গগৈ : 71603

তপন কুমাৰ গগৈ : 61269

গৌৰৱ গগৈৰ জয়ৰ ব্যৱধান :10,334

94 নং মাহমৰা সমষ্টি-

গৌৰৱ গগৈ: 62680

তপন কুমাৰ গগৈ: 53030

গৌৰৱ গগৈ জয় ব্যৱধান: 9650টা ভোট

95 নং ডিমৌ সমষ্টি-

গৌৰৱ গগৈ: 77934

তপন কুমাৰ গগৈ: 61879

গৌৰৱ গগৈ জয়ৰ ব্যৱধান: 16055

96 নং শিৱসাগৰ সমষ্টি-

গৌৰৱ গগৈ: 91843

তপন গগৈ: 73095

গৌৰৱ গগৈ জয় ব্যৱধান: 18748

97নং নাজিৰা সমষ্টি

গৌৰৱ গগৈ: 70727

তপন গগৈ: 70600

গৌৰৱ গগৈ জয় ব্যৱধান: 127

98নং মাজুলী সমষ্টি

গৌৰৱ গগৈ: 52690

তপন কুমাৰ গগৈ:--59276

এই সমষ্টিত 6586 অগ্ৰগতি লাভ কৰে তপন কুমাৰ গগৈয়ে

99নং টীয়ক সমষ্টি

গৌৰৱ গগৈ: 86712

তপন কুমাৰ গগৈ: 63335

গৌৰৱৰ জয় ব্যৱধান: 23377

100ন‌ং যোৰহাট সমষ্টি

গৌৰৱ গগৈ: 60697

তপন কুমাৰ গগৈ: 48567

গৌৰৱৰ জয় ব্যৱধান: 12130

101নং মৰিয়নি সমষ্টি

গৌৰৱ গগৈ: 70916

তপন কুমাৰ গগৈ: 54131

গৌৰৱ জয় ব্যৱধান: 16785

102নং তিতাবৰ সমষ্টি

গৌৰৱ গগৈ: 97392

তপন কুমাৰ গগৈ: 56837

গৌৰৱ গগৈ জয় ব্যৱধান: 40555টা

আনহাতে এখোপ ওপৰলৈ গৈ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈক তুচ্চ তাচ্ছিল্য কৰিছিল গৌৰৱ গগৈক ৷ 4 জুনৰ পিচত গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ব আৰু কংগ্ৰেছ দল নিঃশেষ হোৱাৰ লগতে ডুৱন্ত নাৱৰ লগত তুলনা কৰিছিল । ‘‘মই মুখ্যমন্ত্ৰীক কথা দি থৈছো মৰিয়নিৰ পৰা তপন কুমাৰ গগৈক 18 হাজাৰৰ পৰা 20 হাজাৰ ভোটৰ ব্যৱধানত লীড দিয়াম ৷’’ এইদৰে কৈছিল যদিও ৰূপজ্যোতিৰ দম্ভ-অহংকাৰক ধুলিসাৎ কৰি গৌৰৱ গগৈয়ে মৰিয়নিৰ পৰা 16785 টা ভোট বেছিকৈ লাভ কৰে । ফলত এতিয়া ৰূপজ্যোতি কুৰ্মীৰ অহংকাৰে ৰাজনৈতিক জীৱনৰ প্ৰতি অংশনি সংকেত কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

গৌৰৱ গগৈৰ চমকপদক উত্থানে আৰু 2026 ৰ নিৰ্বাচন পূৰ্বে বিজেপিৰ ভেটি থৰক-বৰক কৰিব পাৰে বুলিও বহুতে সন্দেহ প্ৰকাশ কৰিছে । আনহাতে কংগ্ৰেছত ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ বুলি ভাবি বিজেপিৰ শৰণাপন্ন হোৱা আৰু নিজকে শক্তিশালী নেতা বুলি ভবা ৰাণা গোস্বামীৰো ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰময় হৈ পৰিব নেকি ? কাৰণ ৰাণা গোস্বামীৰ গৃহজিলাত গৌৰৱ গগৈৰ চমকপদ উত্থান দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.