ETV Bharat / politics

কোন হ’ব বিহালীত সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী: কংগ্ৰেছক দিনটোৰ সময়সীমা চি পি আই এম এলৰ

পূৰ্বৰ সিদ্ধান্ত অনুসৰি বিহালী আসনখন চি পি আই এম এলক এৰি দি এটা ভাল বাৰ্তা প্ৰেৰণ কৰাৰ বাবে কংগ্ৰেছক আহ্বান CPI (ML) ৰ ৷

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

ASSAM BY POLLS 2024
চি পি আই এম এলৰ নেতা বিবেক দাস (ETV Bharat Assam)

বিশ্বনাথ: উপ-নিৰ্বাচনৰ বাবে বিহালী সমষ্টি এৰি আন চাৰিটা সমষ্টিত কংগ্ৰেছ দলে দেওবাৰে প্ৰাৰ্থী ঘোষণা কৰে ৷ ইয়াৰ পাছতেই সোমবাৰে চি পি আই এম এলৰ নেতা বিবেক দাসে দলীয় কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি অসম সন্মিলিত মৰ্চাৰ পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি চি পি আই এম এলক আসনখন এৰি দিয়াৰ লগতে আজিৰ ভিতৰতে প্ৰাৰ্থী ঘোষণা কৰিবলৈ দাবী আহ্বান জনায় ৷

লগতে পঢ়ক: চিপিআইএমলক বিহালী এৰি দিলে সমৰ্থন নকৰে স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে !

সংবাদমেলত দাসে কয়, "25 অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৷ গোটেই ৰাইজ অনিশ্চয়তাত আছে ৷ 18 অক্টোবৰত হোৱা অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্তমৰ্মে কংগ্ৰেছ দলে বিহালী সমষ্টিটো চি পি আই এম এলক এৰি দিয়াৰ কথা ঘোষণা কৰিব লাগে ৷" আনহাতে যদি কংগ্ৰেছ দলে সমষ্টিটোত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কংগ্ৰেছক বাদ দি বাকী বিৰোধী দলসমূহৰ লগত আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শ অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে বিবেক দাসে ৷

ইফালে কংগ্ৰেছে যদি জয়ন্ত বৰাক আশা কৰি বিহালী সমষ্টিৰ পৰা টিকট দিয়ে তেন্তে নিৰ্বাচনত জয়ী হোৱাৰ পিছত পুনৰ বিজেপিত যোগদান কৰিব বুলি কটাক্ষ কৰে বিবেক দাসে । তেওঁ কয়, "বৰ্তমান বিজেপিয়ে বিৰোধী দলৰ কাৰোবাৰ ওপৰত কোনো গোচৰ থাকিল ই ডি বা চি বি আই লগাই ভাবুকি দিয়ে ৷ জয়ন্ত বৰাৰ বিৰুদ্ধেও জামিনবিহীন গোচৰ আছে বুলি মই শুনিছো ৷ কাইলৈ তেওঁ জয়ী হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি বি আই লগাই দিলে তেওঁ আকৌ বিজেপিলৈ গুচি গ’লে আমাৰ সকলো প্ৰচেষ্টাই অথলে যাব ৷ তেওঁ প্ৰথমে এক-ডেৰবছৰ দলটোৰ হৈ সেৱা আগবঢ়াওক, তাৰ পাছত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰক ৷"

লগতে পঢ়ক: জয়ন্ত বৰাক টিকট দিলে মুণ্ডন কৰিব জিলা সভাপতিয়ে

উল্লেখ্য যে, বিহালীৰ পৰা ইতিপূৰ্বে কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক পল্লৱলোচন দাস, ৰূপক শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী নগেন গোৱালা আদিয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত জয়ন্ত বৰাৰ এক সু-সম্পৰ্ক আছে, যাৰ বাবে নিৰ্বাচনত জয়ী হোৱাৰ পিছতে তেওঁ পুনৰ বিজেপিত যোগদান কৰিব বুলি সন্দেহ ব্যক্ত কৰিছে বিবেক দাসে । ইফালে বিৰোধীৰ ঐক্য থাকিব নে নাই সেই বল এতিয়া কংগ্ৰেছৰ আদালতত বুলি মন্তব্য কৰে বিবেক দাসে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.