ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ - Lok Sabha Election 2024

Suresh Borah Filed Nomination: মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে সুৰেশ বৰাই ৷ লগতে উপস্থিত থাকে তিনিগৰাকীকৈ মন্ত্ৰীৰ লগতে বিজেপি নেতা ৷

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 8:11 PM IST

Suresh Borah Filed Nomination
মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ

নগাঁও, 4 এপ্ৰিল: বৃহস্পতিবাৰে নগাঁৱত শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই ।

মনোনয়ন দাখিলৰ পূৰ্বে নগাঁও ডচন খেলপথাৰত অনুষ্ঠিত হোৱা এক জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কেইবাসহস্ৰাধিক লোকৰ উপস্থিত অনুষ্ঠিত হোৱা জনসভাত ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক কটাক্ষ কৰে ৷ কংগ্ৰেছ পাম নথকা ফুটবল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি কংগ্ৰেছ দলক পুৰণি নোটৰ সৈতেও তুলনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ বিজেপিৰ জনসভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে ।

জনসভা সম্বোধনৰ পিচতেই নগাঁও চহৰৰ মাজেৰে শোভাযাত্ৰা কৰি নগাঁও আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মনোনয়ন দাখিলৰ সময়তো দলীয় প্ৰাৰ্থী সুৰেশ বৰাক সংগ দি এইবাৰ নগাঁৱতো বিজেপিৰ বিজয় নিশ্চিত বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ কয় যে ভূপেন বৰাই পুৱাই টকা-পইচা বিচাৰিয়েই প্ৰাৰ্থনা কৰে ৷ উল্লেখ্য যে সুৰেশ বৰাৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি বহুকেইটা মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । সুৰেশ বৰাৰ মনোনয়ন দাখিলৰ সময়ত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী, ৰমাকান্ত দেউৰীও উপস্থিত থাকে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.