নিউজ ডেস্ক, ৭ মে': যিকোনো গণতান্ত্ৰিক দেশত ভোটাধিকাৰ এজন নাগৰিকৰ অন্যতম গুৰুত্বপূৰ্ণ অধিকাৰ । তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত ভোটাধিকাৰ লাভ কৰা সকলো শ্ৰেণীৰ লোকে উৎসাহেৰে অংশগ্ৰহণ কৰে ।
গুজৰাটৰ খেদা জিলাৰ নাদিয়াদ নামৰ এখন চহৰত মঙলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা দেখা গ’ল এক হৃদয়স্পৰ্শী দৃশ্য । ২০ বছৰ পূৰ্বে বিদ্যুৎস্পৃষ্ট হৈ দুয়োখন হাত হেৰুওৱা অংকিত ছ’নী নামৰ যুৱকজনে মঙলবাৰে ভৰিৰে ভোটদান কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
নদিয়াদৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ পিছত বিগত ১৫ বছৰে ভৰিৰে ভোটদান কৰি অহা বুলি উল্লেখ কৰি ৰাইজক ওলাই আহি ভোট দিবলৈ আহ্বান জনায় অংকিতে ।
"২০ বছৰ আগতে বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত মোৰ দুয়োখন হাত হেৰুৱাইছিলোঁ । তাৰ পিছত শিক্ষক আৰু গুৰুৰ আশীৰ্বাদত ছবি আঁকিবলৈ আৰম্ভ কৰিলোঁ । তাৰ পিছত লিখিবলৈ আৰম্ভ কৰিলোঁ । স্নাতক ডিগ্ৰী, চি এছ কৰিলোঁ । প্ৰতিবাৰেই ভোট দি আহিছোঁ । যোৱা ১৫-২০ বছৰ ধৰি মই মানুহক ওলাই আহি ভোট দিবলৈ আহ্বান জনাইছোঁ।" এএনআইক এইদৰে কয় যুৱকজনে ।
তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত গুজৰাটৰ ২৬খন সংসদীয় আসনৰ ভিতৰত ২৫খন আসনৰ বাবে মঙলবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হয় । বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিয়ে চুৰাটৰ আসনত জয়লাভ কৰিছে ।
১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩খন লোকসভা আসনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ।
এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ’ল অসম (৪), বিহাৰ (৫), ছত্তীশগড় (৭), দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ (২), গোৱা (২), গুজৰাট (২৫), কৰ্ণাটক (১৪), মহাৰাষ্ট্ৰ (১১), মধ্যপ্ৰদেশ (৮), উত্তৰ প্ৰদেশ (১০) আৰু পশ্চিম বংগ (৪)। ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন । ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব ।