ETV Bharat / politics

লোকসভা নিৰ্বাচন : জব্দকৃত নগদ ধন সন্দৰ্ভত কামৰূপ মহানগৰত বিশেষ কমিটী গঠন - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:46 PM IST

Model Code of Conduct: আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত নগদ ধনৰ ক্ষেত্ৰত ৰাইজে সমস্য়াৰ সন্মুখীন নহ'বলৈ তিনিজনীয়া কমিটী গঠন । নিৰ্বাচনী আচৰণ বিধিৰ বাবেই এই কমিটী গঠন ।

Model Code of Conduct
নিৰ্বাচনী আচৰণ বিধি

গুৱাহাটী,৬ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত প্ৰযোজ্য হৈ আছে নিৰ্বাচনী আচৰণ বিধি । এই সময়ছোৱাত নগদ ধন কঢ়িওৱাৰ সময়ত যাতে সাধাৰণ জনতা সমস্যাৰ সন্মূখীন নহয় তাৰ বাবে এখন বিশেষ কমিটী গঠন কৰা হৈছে । কামৰূপ মহানগৰ জিলাত আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত নগদ ধনৰ ক্ষেত্ৰত যদিহে সৰ্বসাধাৰণ ৰাইজে কিবা অসুবিধা তথা প্ৰকৃত নিৰ্দোষী লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে তেনে অসুবিধা আঁতৰোৱাৰ বাবে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, নিৰ্বাচনী ব্যয় ন'ডেল বিষয়া আৰু কোষাগাৰ বিষয়াক লৈ তিনিজনীয়া এখন কমিটী গঠন কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এনে ক্ষেত্ৰত কাৰোবাৰ কিবা ওজৰ-আপত্তি থাকিলে অতিৰিক্ত জিলা আয়ুক্ত তথা নিৰ্বাচনী ব্যয় ন'ডেল বিষয়া ত্ৰিদীপ কোঁৱৰৰ মোবাইল নং ৯৯৫৭০১৫৬৮১ত যোগাযোগ কৰিব পাৰিব । এই কমিটীখনে আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত ধন সন্দৰ্ভত নিজাববীয়াকৈ পৰীক্ষা কৰিব পাৰিব । তদুপৰি যদিহে সংশ্লিষ্ট বাজেয়াপ্ত কৰা ধন সন্দৰ্ভত কোনো এজাহাৰ বা অভিযোগ পঞ্জীয়নভুক্ত হোৱা নাই অথবা বাজেয়াপ্ত উক্ত নগদ ধনৰাশি কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দল বা ৰাজনৈতিক প্ৰচাৰ ইত্যাদিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই তেনে ক্ষেত্ৰত আদৰ্শ পৰিচালনা পদ্ধতি (এছ অ' পি) অনুসৰি এটা মৌখিক নিৰ্দেশনাৰ ভিত্তিত সংশ্লিষ্ট ব্যক্তিজনক জব্দকৃত নগদ ধনৰাশি মোকলাই দিয়াৰ বাবে শীঘ্ৰে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিব ।

উক্ত কমিটীখনে জব্দকৃত নগদ ধনৰ আটাইবোৰ ঘটনাৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰি নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব । জব্দকৃত নগদ ধনৰ বিপৰীতে আবেদনৰ ক্ষেত্ৰত বাজেয়াপ্ত তথ্যত উল্লেখ কৰিব লাগিব আৰু সংশ্লিষ্ট ব্যক্তিজনক সেই সময়ত অবগত কৰিব লাগিব । আনহাতে, জব্দকৃত কৰা নগদ ধন মুকলি কৰি দিয়া সন্দৰ্ভত সকলো ধৰণৰ তথ্য নিৰ্বাচনী ব্যয়ৰ ন'ডেল বিষয়াই এটা ৰেজিষ্টাৰ বহীত ক্ৰম অনুসৰি বাজেয়াপ্ত কৰা ধনৰ পৰিমাণ, কাৰ পৰা সংশ্লিষ্ট ধন বাজেয়াপ্ত কৰা হৈছিল আৰু মুকলি কৰি দিয়াৰ তথ্য তাৰিখ সহকাৰে উল্লেখ কৰিব লাগিব । যদিহে মুকলি কৰি দিবলগীয়া বাজেয়াপ্ত ধনৰ পৰিমাণ দহ লাখতকৈ অধিক হয় তেন্তে সংশ্লিষ্ট ধনৰাশি মুকলি কৰি দিয়াৰ পূৰ্বে আয়কৰৰ ন'ডেল বিষয়াক এই সম্পৰ্কত লিখিতভাৱে অৱগত কৰাব লাগিব । আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা নগদ ধন জব্দ হ'লে সেই বিষয়ে ত'তালিকে উক্ত কমিটীক অৱগত কৰাব লাগিব আৰু কমিটীয়ে যথা বিধি অনুসৰি এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব ।

কোনো ক্ষেত্ৰতে এজাহাৰ বা অভিযোগ দাখিল নকৰাকৈ জব্দকৃত নগদ ধন বা অন্যান্য মূল্যবান সম্পত্তি মালখানা বা কোষাগাৰত যদি ভোটগ্ৰহণ হৈ যোৱাৰ এসপ্তাহলৈ পৰি থাকে তেনে ক্ষেত্ৰত ৰিৰ্টাণিং বিষয়াই আপীল কমিটীৰ দৃষ্টিগোচৰ কৰিব লাগিব আৰু আপীল কমিটীৰ নিৰ্দেশ মৰ্মে সংশ্লিষ্ট জব্দকৃত ধন বা মূল্যবান সম্পত্তি মুকলি কৰিব পাৰিব ।

কামৰূপ মহানগৰত ই ভি এম ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন: আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয় সভাকক্ষত আজি জিলাখনৰ নিৰ্বাচন এলেকাৰ বাবে ই ভি এম মেনেজমেন্ট ছফটৱেৰত ই ভি এম আৰু ভি ভি পেটৰ প্ৰথমটো ৰেণ্ডমাইজেশ্যন কাৰ্যসূচী অনুষ্ঠিত হয় ।

মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সুমিত ছাত্তাৱনে সদৰী কৰা মতে, গুৱাহাটী সংসদীয় সমষ্টিৰ ৩৩ নং দিশপুৰ ,৩৪ নং ডিমৰীয়া, ৩৫ নং নিউ গুৱাহাটী, ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল, ৩৭ নং জালুকবাৰীৰ বাবে ই ভি এমসমূহ ভাগ কৰি দিয়া হৈছে । এতিয়ালৈকে প্ৰতিটো বিধানসভা সমষ্টিত ২৬ শতাংশ বেলট ইউনিট, ২৬ শতাংশ কন্ট্ৰ'ল ইউনিট আৰু ৪০ শতাংশ ভি ভি পেট অতিৰিক্তভাৱে সংৰক্ষণ কৰা হৈছে । আজিৰ এই অনুষ্ঠানত নিৰ্বাচন বিষয়া শেখৰণ ফুকন, ছুইপ ৰ ন'ডেল বিষয়া ভাস্কৰ পেগু, ই ভি এম কোষৰ ন'ডেল বিষয়া প্ৰিয়াংশু ভৰদ্বাজ তথা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিকে আদি কৰি সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ লগত থকা বাহনৰ পৰা উদ্ধাৰ এক কোটি টকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.