ETV Bharat / politics

চিপিআই(এম)ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: প্ৰায়ে বিতৰ্কত থকা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ পুনৰ এবাৰ চৰ্চালৈ আহিছে । বৰপেটা লোকসভা সমষ্টিত চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ চলাই কেইবাটাও বিতৰ্কিত মন্তব্য নিলম্বিত বিধায়কগৰাকীৰ ।

Lok Sabha Election 2024
চিপিআই(এম)ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ
author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 1:40 PM IST

চিপিআই(এম)ৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ শ্বেৰমান আলীৰ

বৰপেটা, ২৭ এপ্ৰিল : কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ পিচতো চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ । বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীক মুকলি সমৰ্থন আগবঢ়ালে শ্বেৰমান আলীয়ে । কেৱল এয়াই নহয় কংগ্ৰেছ দল আৰু প্ৰাৰ্থীক তীব্ৰ সমালোচনাও কৰিলে । প্ৰচাৰৰ মাজতে তেওঁক স্বভাৱজাত বিতৰ্কিত মন্তব্যও কৰা দেখা গ'ল ।

তেওঁৰ মতে মাত্ৰ কেইটামান টকাৰ বাবে কিছুমানে অগপ কৰি আছে ৷ পইচা খালে খাওক ৷ কিন্তু ভোটতো উচিত স্থানত দিব লাগে বুলি শ্বেৰমান আলীয়ে আহ্বান জনায় । বিজেপি মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ প্ৰসংগত শ্বেৰমান আলী আহমেদে কয় যে তেওঁ এজন ভাল মানুহ । কিন্তু মানুহজন ভাল হ'লেই নহ'ব ৷ তেওঁ কয় যে ফণীভূষণ চৌধুৰীক ভোট দিয়া মানে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া ৷

ফণীভূষণ চৌধুৰীয়ে ৰাইজৰ বাবে সদনত কি কৰিব বুলি তেওঁ প্ৰশ্ন কৰে ৷ শ্বেৰমান আলীৰ মতে অগপৰ প্ৰাৰ্থীগৰাকীয়ে সদনত কেৱল শুই থাকিব আৰু তেওঁ ভাৰতৰ সংবিধান বাতিলৰ বাবে ভোট দিব ৷ ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ বাবে ভোট দিব ৷ অসমীয়াৰ বাহিৰে অগপৰ প্ৰাৰ্থীগৰাকীয়ে হিন্দী, ইংৰাজী ক'ব নাজানে বুলিও তেওঁ অভিযোগ কৰে । গতিকে ফণীভূষণ চৌধুৰীক ভোট দিব নোৱাৰি বুলিও শ্বেৰমান আলীয়ে দাবী কৰে ।

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নৰ শাৰীৰিক অৱয়বকলৈয়ো শ্বেৰমান আলীয়ে বিতৰ্কিত মন্তব্য কৰে । তেওঁ দীপ বায়নক 'বাওনা' আখ্যা দিয়ে । শ্বেৰমান আলীৰ মতে দীপ বায়নক কোনেও চিনি নাপায় ৷ দীপ বায়নক টিকট দিয়াৰ নামত এক ষড়যন্ত্ৰ আছে বুলি তেওঁ অভিযোগ কৰে ৷ এই ষড়যন্ত্ৰত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ জড়িত থকাৰ অভিযোগ কৰে শ্বেৰমানে ৷

শ্বেৰমান আলীৰ মতে সৰুক্ষেত্ৰীৰ বিধায়কগৰাকী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৷ মুখ্যমন্ত্ৰীৰ তেওঁ বৰ আপোন মানুহ ৷ বৰপেটা আসনখন মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ বিক্ৰী কৰিছে বুলি গুৰুতৰ অভিযোগ কৰে শ্বেৰমান আলীয়ে ৷ ইফালে বিধায়ক পদ বাজীত ৰাখি এই সত্য কথাবোৰ ৰাইজক ক'বলৈ আহিছে বুলি তেওঁ দাবী কৰে ৷ ইয়াৰ বাবে তেওঁৰ বিধায়ক পদ কাটি দিলেও কোনো আপত্তি নাই বুলি তেওঁ দাবী কৰে ।

একেদৰে বৰপেটাৰৰ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ যোগ্যতাৰো প্ৰশংসা কৰে শ্বেৰমানে । কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীৰ মতে ৯০ শতাংশ মিঞা বিধায়কতকৈ মনোৰঞ্জন তালুকদাৰে মিঞাৰ হৈ অধিক মাত মাতি আহিছে ৷

লগতে পঢ়ক :আজি অসমলৈ আহিব কংগ্ৰেছ অধ্যক্ষ খাৰ্গে, পুনৰ আহি আছে প্ৰিয়ংকাও - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.