ETV Bharat / politics

অগপ শূন্য হ'ব নেকি বৰাকত: দলত্যাগ কৰি বিস্ফোৰণ আফতাব উদ্দিন লস্কৰৰ - AFTAB UDDIN LASKAR RESIGNS AGP

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 8:34 AM IST

AGP Leader Aftab Uddin Laskar: বৰাকৰ জ্যেষ্ঠ অগপ নেতা আফতাব উদ্দিন লস্কৰৰ দলত্যাগ ৷ এই সিদ্ধান্ত লোৱাৰ লগে লগে অগপ নেতা লস্কৰে সংবাদ মাধ্যমৰ আগত কেতবোৰ বক্তব্যৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ চাওক সবিশেষ...

AFTAB UDDIN LASKAR RESIGNS AGP
আফতাব উদ্দিন লস্কৰ (ETV Bharat Assam)

গুৱাহাটী, 12 জুলাই: ৰাজ্যৰ ৰাজনীতিত সৰ্বত্ৰে এতিয়া দলত্যাগৰ ঢৌ ৷ জ্যেষ্ঠ আৰু এলাগী নেতাসকলে নিজৰ নিজৰ দল ত্যাগ কৰি বিকল্প হিচাপে আন কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ চলাই আছে যো-জা ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত এতিয়া আৰু নতুন কথা হৈ থকা নাই ৷ ইতিমধ্যে এয়া সৰ্বজনবিদিত ৷

দলত্যাগ কৰি বিস্ফোৰণ আফতাব উদ্দিন লস্কৰৰ (ETV Bharat)

এইবাৰ পিছে খহনীয়া আৰম্ভ হৈছে ৰাজ্যৰ আঞ্চলিক দল হিচাপে পৰিচিত অসম গণ পৰিষদত ৷ বৰাক উপত্যকাৰ জ্যেষ্ঠ অগপ নেতা আফতাব উদ্দিন লস্কৰে শেহতীয়াকৈ দিশ সলনি কৰি ত্যাগ কৰে দীৰ্ঘদিনে জড়িত হৈ থকা অগপ দলটো ৷ দলটোৰ কেন্দ্ৰীয় সভাপতিক লিখিতভাৱে এই বিষয়ত সদৰী কৰি ইতিমধ্যে জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ দলত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে অগপ নেতা লস্কৰে সংবাদ মাধ্যমৰ আগত কেতবোৰ বক্তব্যৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

অগপৰ সদ্য পদত্যাগী নেতা লস্কৰে এই সন্দৰ্ভত কয় যে, বৰ্তমান আৰু অগপ দলটো আগৰদৰে হৈ থকা নাই ৷ 1985 চনৰ অগপ দল বৰ্তমান এটা আঞ্চলিক দল হিচাপে থকাৰ পৰিৱৰ্তে অতুল বৰা এণ্ড কোম্পানীলৈ পৰিৱৰ্তিত হৈছে ৷ প্ৰাইভেট কোম্পানীসমূহে মাৰ্কেটিং কৰাৰ লেখীয়াকৈ অতুল বৰা এণ্ড কোম্পানীয়েও ৰাজ্যত বিজেপিৰ এজেণ্ট হিচাপেহে কাম কৰি আছে ৷ যি কামৰ বাবে সমগ্ৰ বৰাকৰ দায়িত্বত আছে অগপৰ উপ-সভাপতি সুনীল ডেকা । ডেকাই দলটোৰ নীতি-আদৰ্শ নামানি স্ব-ইচ্ছাৰে কাম কৰি আছে বুলিও লস্কৰে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: দলত্যাগৰ ৰাজনীতি আৰু ভাৰতৰ দলত্যাগ-বিৰোধী আইন; বাস্তৱত কিহৰ প্ৰতিফলন ? - Anti defection Law

লগতে তেওঁ কয় যে, 2021 চনৰ বিধানসভা নিৰ্বাচনত আলগাপুৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ বাবে তেওঁ বৰাকৰ দায়িত্বত থকা দলৰ নেতাজনৰ পত্নীৰ একাউণ্টত জমা দিছিল নগদ ধন ৷ কিন্তু ধন দিয়াৰ পাচতো দলটোৱে বিশ্বাসঘাটকতা কৰিলে । সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী নিদিলেও অগপৰ প্ৰাৰ্থীক সহায় কৰাৰ দিছিল প্ৰতিশ্ৰুতি ৷ পিচে টিকটৰ নামত ধন লোৱাৰ পাছতো বিজেপিয়ে সমষ্টিটোক দিয়ে নিজাববীয়া প্ৰাৰ্থী । বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ পাচত নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ কথা স্পষ্ট কৰাত একমাত্ৰ দলে বিচৰাৰ বাবেহে দলীয় স্বাৰ্থত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বুলি জ্যেষ্ঠ অগপ নেতা আফতাব উদ্দিন লস্কৰে সদৰী কৰে ৷

বৰাকত অগপ অস্তিত্বহীন হৈ পৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, শেহতীয়া লোকসভা নিৰ্বাচনত সুনীল ডেকাই কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছ জয়ী হ'লে ভাল বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছ জয়ী হ'লে বিজেপি চাপত থাকিব বুলিও কৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পদত্যাগী নেতাগৰাকীয়ে ।

লগতে পঢ়ক: চন্দন ব্ৰহ্মই দলত্যাগ কৰাটো BPF কাৰণে ভাল হৈছে: শুকুৰ সিং মুচাহাৰী - Lok Sabha Election 2024

মূলতঃ দলটোৰ এনে মানসিকতাৰ বাবে দলত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বৰাকৰ জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ দলটোৰ প্ৰাথমিক সদস্য পদ এৰাৰ লগে লগে এতিয়াৰে পৰা লস্কৰে অগপৰ কোনোধৰণৰ কাৰ্যৰ সৈতে জড়িত নাথাকিব বুলিও উল্লেখ কৰে ৷

যেতিয়াৰে পৰা অতুল বৰাই দলটোৰ নেতৃত্বৰ গুৰি ধৰিছে, তেতিয়াৰে পৰা বহু পুৰণি নেতাই দলত্যাগ কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে বহুকেইগৰাকী নেতা-কৰ্মীয়ে অগপ দলত্যাগ কৰিব বুলিও আফতাব উদ্দিন লস্কৰে সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা - ASHOK SARMA READY TO RESIGN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.