ETV Bharat / politics

মোদী মন্ত্রীসভাত কেবিনেট মন্ত্রী হিচাপে শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Modi cabinet - MODI CABINET

Sarbananda Sonowal takes oath : পুনৰবাৰ মোদী কেবিনেটত স্থানলাভ কৰিলে সৰ্বানন্দ সোণোৱালে ৷ দেওবাৰে সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰে ৷

Sarbananda Sonowal takes oath
কেবিনেট মন্ত্রী হিচাপে শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:02 PM IST

গুৱাহাটী, ৯ জুন: একেলেথাৰিয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে । দেওবাৰে সন্ধিয়া মোদীৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলে শপতগ্ৰহণ কৰে । এইবাৰৰ লোকসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱৰাৰ ফলত বিজেপিয়ে পূৰ্বৰ এন ডি এৰ সহযোগী দলসমূহৰ সৈতে মিলি এই চৰকাৰ গঠন কৰে ।

কেবিনেট মন্ত্রী হিচাপে শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ (ANI)

এইবাৰৰ এন ডি এৰ চৰকাৰত বিশেষভাৱে প্ৰভাৱ আছে জে ডি ইউ আৰু তেলুগু দেশম পাৰ্টীৰ । এইবাৰ পুনৰ মোদীৰ মন্ত্ৰীসভাত স্থান পালে ডিব্ৰুগড় সমষ্টিৰ পৰা জয়ী হৈ অহা সৰ্বানন্দ সোণোৱালে । মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে সোণোৱালে আজি শপতগ্ৰহণ কৰে । সোণোৱালে ইংৰাজীত শপতবাক্য পাঠ কৰে ।

সংক্ষেপে সৰ্বানন্দ সোণোৱালৰ জীৱন পৰিক্ৰমা:

১৯৬২ চনৰ ৩১ অক্টোবৰত ডিব্ৰুগড় জিলাৰ মুকুল গাঁৱত সৰ্বানন্দ সোণোৱালৰ জন্ম হয় । তেওঁৰ পিতৃ প্ৰয়াত জীৱেশ্বৰ সোণোৱাল আৰু মাতৃ দিনেশ্বৰী সোণোৱাল । সৰ্বানন্দ সোণোৱাল ঘৰখনৰ সৰু পুত্ৰ আৰু তেওঁৰ ছয়জনকৈ ককায়েক আৰু দুগৰাকী ভনীয়েক আছে । সৰ্বানন্দ সোণৱালে শৈশৱৰ শিক্ষা ডিব্ৰুগড়ৰ মুকুল গাঁও প্ৰাথমিক বিদ্যালয়ত সমাপ্ত কৰি বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে ।

ইয়াৰ পিচত তেওঁ স্কুলীয়া শিক্ষা ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা সমাপ্ত কৰে । সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কাণৈ মহাবিদ্যালয় পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিচত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে । সৰ্বানন্দ সোণোৱালে গুৱাহাটী বিশ্ববিদ্যালয় পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেশ্যনৰ ডিগ্ৰীও লাভ কৰে ৷ এজন সুদক্ষ খেলুৱৈ হিচাপে ফুটবল, ক্ৰিকেট আৰু বেডমিন্টনৰ প্ৰতিও সৰ্বানন্দ সোণোৱালৰ দুৰ্বলতা আছে ।

ছাত্ৰ ৰাজনীতি:

কলেজীয়া জীৱনৰ পৰাই সৰ্বানন্দ সোণোৱাল সমাজৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত হৈ আহিছিল । ছাত্ৰনেতা হিচাপে সৰ্বানন্দ সোণোৱালৰ এক সুকীয়া পৰিচয় আছে । দীঘলীয়া সময় তেওঁ ছাত্ৰনেতা হিচাপে অসমৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে তথা অসমৰ হকে মাত মাতি আহিছিল । ছাত্ৰনেতা হিচাপে তেওঁৰ সংগ্ৰাম দীঘলীয়া । আই এম ডি টিৰ দৰে ক’লা আইন বাতিলৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল উল্লেখযোগ্য । সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য হৈ তেওঁ ৰাইজৰ আৰু অসমৰ উন্নতিৰ হকে যুঁজ দিছিল । ১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰা সোণোৱালে ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূৰ্ব ছাত্ৰ সন্থা চমুকৈ নেছ’ৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল ।

ৰাজনৈতিক জীৱন:

সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অগপত যোগদান কৰি প্ৰত্যক্ষ ৰাজনীতিলৈ আহিছিল । ২০০১ চনৰ মৰাণ বিধানসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল বিধায়কৰূপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিচত তেওঁ ২০০৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰে । সোণোৱালে ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে ডিব্ৰুগড়ত সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷

২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত সৰ্বানন্দ সোণোৱালে বিজেপি দলত যোগ দিয়ে । ইয়াৰ পিচত ২০১২ চনত তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হয় । ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় । মোদীৰ প্ৰথমটো কাৰ্যকালত তেওঁক যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছিল ।

ইয়াৰ পিচত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ মাজুলী বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে । অসমৰ মুখ্যমন্ত্ৰীৰূপে ২০১৬ৰ পৰা ২০২১ লৈ তেওঁ কাৰ্যনিৰ্বাহ কৰে । ইয়াৰ পিচত ২০২১ চনত মোদীৰ দ্বিতীয়টো কাৰ্যকালত সোণোৱালক কেবিনেটত অন্তৰ্ভুক্ত কৰা হয় ।

২০২১ চনৰ ৭ জুলাইত তেওঁ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল । সোণোৱালে ৰাজ্যসভাৰ সাংসদৰূপে মোদীৰ দ্বিতীয়টো কাৰ্যকালত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল । মোদীৰ তৃতীয়টো কাৰ্যকালতো সৰ্বানন্দ সোণোৱালক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে । ৰাষ্ট্ৰপতি ভৱনত আজি তেওঁ মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ : ৰাইচিনা হিল সাক্ষী হ’ল ঐতিহাসিক মুহূৰ্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.