ETV Bharat / politics

খোৱাঙত দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি সৰ্বানন্দ সোণোৱালৰ - Lok Sabha Election 2024

Lok Sabha Election 2024: ডিব্ৰুগড় জিলাৰ খোৱাঙত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত । খোৱাঙত বিজেপি প্ৰাৰ্থীগৰাকীয়ে মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । বিশাল বাইক ৰেলীৰে সোণোৱালক আদৰণি দলীয় নেতা-কৰ্মীৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 6:01 PM IST

BJP election party office
খোৱাঙত দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি সৰ্বানন্দ সোণোৱালৰ

মৰাণ, ২১ মাৰ্চ : ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিতো নিৰ্বাচনৰ প্ৰচাৰ চলিছে । কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে । তাৰ অংশ হিচাপে ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীয়ে খোৱাঙত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । দলীয় কৰ্মীসকলে বৃহৎ বাইক ৰেলীৰে কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ প্ৰাৰ্থীগৰাকীক আদৰণি জনায় । ইয়াৰ পিচতে তেওঁ ৮৯ নং খোৱাং বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে ।

কাৰ্যালয়টো মুকলিৰ পিচত খোৱাং সমষ্টিৰ শতাধিক দলীয় কাৰ্যকৰ্তাৰ সৈতে সৰ্বানন্দ সোণোৱালে মত বিনিময় কৰে । এই অনুষ্ঠানতে নৱগঠিত খোৱাং সমষ্টিৰ বিভিন্ন দল-সংগঠনৰ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কয় যে খোৱাং বিধানসভা সমষ্টিত প্ৰচাৰ চলাবলগীয়া বিশেষ নাই ।

ইতিমধ্যে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত দলীয় সতীৰ্থসকলে প্ৰচাৰ চলাই আছে । তেওঁৰ মতে ভাৰতবৰ্ষক শক্তিশালী কৰিবলৈ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে । বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থীক সমালোচনা নকৰাকৈ সোণোৱালে কয় যে বিৰোধীয়ে নিজৰ ৰাজনৈতিক কৌশলেৰে কাম কৰিছে । বিজেপিৰ তৃণমূলৰ কৰ্মীসকলে বিৰোধীৰ কামকাজত চকু ৰাখিছে বুলি তেওঁ উল্লেখ কৰে । যাৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আত্মবিশ্বাসী সৰ্বানন্দ সোণোৱাল ।

কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰেও ব্যাপক প্ৰচাৰ অভিযান চলাইছে । তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বিধানসভা সমষ্টিক সামৰি গঠিত ডিব্ৰুগড় লোকসভা সমষ্টিত বিভিন্ন প্ৰান্তত প্ৰতিদিনে অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচী । তেনেস্থলত ডিব্ৰুগড় লোকসভা সমষ্টিত ভোট যুদ্ধ লক্ষ্যণীয় হৈ পৰিছে ।

লগতে পঢ়ক :মিত্ৰদলৰ উমৈহতীয়া প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ৰণনীতি প্ৰস্তুত অতুল বৰা-কেশৱ মহন্তৰ - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.